--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পেৰিছত অনুষ্ঠিত হৈ থকা অলিম্পিক গেমছত এদিন পূৰ্বে জেভেলিন থ্ৰ’ ফাইনেলত প্ৰৱেশ কৰা ভাৰতীয় তাৰকা এথলীট নীৰজ চোপ্ৰাই আজি নিশা ১১:৫৫ বজাত স্বৰ্ণ পদকৰ বাবে যুঁজিব। ১৪০ কোটি ভাৰতীয়ই এই ফাইনেলৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ 

ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ তথা বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই বৃহস্পতিবাৰে চলি থকা পেৰিছ অলিম্পিকত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ টকিঅ’ ২০২০ৰ প্ৰদৰ্শন পুনৰাবৃত্তি কৰাৰ লক্ষ্য ল’ব। মঙলবাৰে পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ৰ অৰ্হতা ৰাউণ্ডৰ গ্ৰুপ বিত ৮৯.৩৪ মিটাৰ বিশাল থ্ৰ’ পঞ্জীয়ন কৰি তেওঁ ফাইনেলত প্ৰৱেশ কৰে।
অৱশ্যে এইবাৰ ডিফেণ্ডিং চেম্পিয়নজনৰ বাবে এক কঠিন প্ৰত্যাহ্বান। টকিঅ’ৰ তুলনাত এই বছৰ খেলপথাৰৰ মানদণ্ড উন্নত, পেৰিছত ৯ জন থ্ৰ’ৱাৰে অটোমেটিক ফাইনেল ৰাউণ্ডৰ যোগ্যতা অৰ্জনৰ মাৰ্ক ৮৪ মিটাৰ অতিক্ৰম কৰাৰ বিপৰীতে টকিঅ’ত ছয়জন থ্ৰ’ৱাৰে অতিক্ৰম কৰিছিল।

পেৰিছ অলিম্পিকত পুৰুষৰ জেভলিন থ্ৰ’ ইভেণ্টত আটাইতকৈ বেছি অপেক্ষাৰত খেলখন হ’ব চোপ্ৰা আৰু পাকিস্তানৰ আৰ্ছাদ নাদীমৰ মাজত। দুবাৰৰ বিশ্ব চেম্পিয়ন এণ্ডাৰছন পিটাৰ্ছক পৰাস্ত কৰি ২০২২ চনৰ কমনৱেলথ গেমছত ৯০.১৮ মিটাৰত সোণৰ পদক লাভ কৰা নাদীমৰ অপ্ৰত্যাশিত ৷ কঁকালৰ অস্ত্ৰোপচাৰৰ পৰা উভতি অহাৰ পিছত ২০২৩ চনৰ বুডাপেষ্ট বিশ্ব চেম্পিয়নশ্বিপত ৮৭.৮২ মিটাৰ থ্ৰ’ৰে চোপ্ৰাৰ পিছতেই ৰূপৰ পদক দখল কৰে। যোৱা কেইবছৰমানৰ পৰা আৰ্শ্বাদ আৰু নীৰজৰ মাজত ভাল প্ৰতিদ্বন্দ্বিতা দেখা গৈছে, য’ত নীৰজৰ অভিলেখ ৯-০। অৱশ্যে ২০২২ চনৰ কমনৱেলথ গেমছত আৰ্শ্বাদৰ সৰ্বোত্তম প্ৰচেষ্টা আছিল ৯০.১৮ মিটাৰ, যিটো নীৰজৰ সৰ্বশ্ৰেষ্ঠ প্ৰচেষ্টাতকৈ বহু আগত।


সমগ্ৰ পাকিস্তানী ক্ৰিকেট দলে তেখেতক শুভেচ্ছা জনাবলৈ আগবাঢ়ি আহিল "প্ৰথমে আৰ্ছাদ নাদীমক, ফাইনেললৈ যোগ্যতা অৰ্জন কৰাৰ বাবে অভিনন্দন। আমি আগ্ৰহেৰে অপেক্ষা কৰি আছো আৰু আশা কৰিছো যে আপুনি পাকিস্তানৰ হৈ পদক লাভ কৰিব।"

আজি নিশা ১১:৫৫ বজাত অনুষ্ঠিত হ’ব ফাইনেল। তেওঁ সফলতাৰে ৮৪.০০ মিটাৰ অৰ্হতা চিহ্ন ভংগ কৰিলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু