--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেয়া কলেষ্টেৰল শৰীৰৰ বাবে এটা ডাঙৰ বিপদতকৈ কম নহয়, যদি সময়মতে চিনাক্ত কৰি নিয়ন্ত্ৰিত নহয়, তেতিয়া ই শিৰাত জমা হৈ তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰিব আৰু তাৰ পিছত ইয়াৰ ফলত উচ্চ বি পিৰ জন্ম হ’ব। তাৰ পিছত ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ আৰু হাৰ্ট এটেক আদি মাৰাত্মক ৰোগৰ বাবে বাহ হ’ব। কলেষ্টেৰল বৃদ্ধিৰ বাবে ডায়েবেটিছ ৰোগৰো আশংকা বৃদ্ধি পাব। এনে পৰিস্থিতিত কি ফল খালে সকাহ পাব পাৰি জানো আহক।

ড্ৰেগন ফল উচ্চ কলেষ্টেৰল হ্ৰাস কৰাত উপকাৰী-

ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে যদি আপুনি নিয়মিতভাৱে ড্ৰেগন ফ্ৰুট সেৱন কৰে তেন্তে ই তেজত জমা হোৱা বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব আৰু শৰীৰক আন বহু দিশত উপকাৰ সাধিব

ড্ৰেগন ফ্ৰুট খোৱাৰ উপকাৰিতা-

১) ডায়েবেটিছত ফলপ্ৰসূঃ ড্ৰেগন ফ্ৰুটে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰে যি ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম। ইয়াত পলিফিনল, থাইঅল, কেৰটিনয়ড আৰু গ্লুক’চিন’লেট থাকে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত উচ্চ আঁহ থাকে যিয়ে খাদ্য খোৱাৰ পিছত গ্লুক’জৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে।

২) হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল হ’বঃ ড্ৰেগন ফ্ৰুটত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত ৰক্ত সঞ্চালন বজাই ৰাখে আৰু ধমনীবোৰৰ জঠৰতা হ্ৰাস কৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়। ইয়াৰ উপৰিও এই ফলত সঠিক পৰিমাণৰ মনোঅনচেচুৰেটেড ফেট থাকে, যিটো আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজনীয়।

৩) কলেষ্টেৰল কম হ’বঃ ড্ৰেগন ফ্ৰুটত পলিঅনচেচুৰেটেড ফেট, ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড থাকে যিয়ে কলেষ্টেৰল কমোৱাত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে এল ডি এলৰ মাত্ৰা অৰ্থাৎ বেয়া কলেষ্টেৰল হ্ৰাস কৰে। সেইবাবেই এই ফল নিয়মিতভাৱে খোৱাটো বাঞ্ছনীয়।

ড্ৰেগন ফ্ৰুটত থকা পুষ্টিকৰ উপাদান-

এই ফলবিধত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে। ইয়াৰ উপৰিও এই গোলাপী ফলত এণ্টিঅক্সিডেণ্ট, কেৰটিন, প্ৰটিন, থাইয়ামিন আৰু পলিঅনচেচুৰেটেড ফেটি এচিডো থাকে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰ্যালয়ৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য! দেশৰ প্ৰতি দহ যুৱক-যুৱতীৰ এজন নিবনুৱা
কমনৱেলথ গেমছ: টুভালুৰ টাৰোনা টাফাকীৰ বিৰুদ্ধে ছেমি ফাইনেলত অৱতীৰ্ণ হ'ব বক্সাৰ লাভলীনা বৰগোহাঁই
উজনি অসমত বানত ক্ষতিগ্ৰস্ত ৰে’লপথ মেৰামতিৰ কাম আৰম্ভ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ
নগালেণ্ডৰ বনাঞ্চল ধ্বংস কৰা বাবেই উজনি অসমৰ বানে ল’লে সংহাৰী ৰূপ: নদী বিশেষজ্ঞ
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?