--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চলিত বর্ষত নতুন দিল্লীত ব্রিক্‌ছ শীর্ষ সন্মিলনখন অনুষ্ঠিত হয়। ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত শীর্ষ সন্মিলনত ব্ৰিকছৰ আটাইকেইখন প্রতিষ্ঠাপক দেশৰ লগতে নতুন সদস্য ৰাষ্ট্ৰসমূহেও ভাগ লৈছিল।

ডিজিটেল ডেস্ক: ব্রিক্‌ছ (ব্রাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্রিকা)ৰ আন দেশসমূহলৈ ভাৰতৰ সামগ্ৰী ৰপ্তানিৰ পৰিমাণ বৃদ্ধি পাইছে। চলিত ২০২৬-২৭ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহত ব্রিক্‌ৰ অন্তৰ্গত ৪খন ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ৩৪ শতাংশলৈ (১,৯৯০ কোটি ডলাৰ) বৃদ্ধি পালে। যিটো ২০২৫-২৬ বিত্তীয় বৰ্ষৰ প্ৰথম পাঁচ মাহত (এপ্রিল-আগষ্ট) ১,৪৯০ কোটি মার্কিন ডলাৰ (১৪.৯ বিলিয়ন ডলাৰ) আছিল। 


এই চাৰিখন দেশৰ ভিতৰত ভাৰতে সৰ্বাধিক ৰপ্তানি কৰিছে চুবুৰীয়া দেশ চীনলৈ। চুবুৰীয়া দেশখনলৈ ভাৰতৰ ৰপ্তানিৰ পৰিমাণ ৩৯ শতাংশ বৃদ্ধি হৈ ৯৬০ কোটি ডলাৰ (৯.৬ বিলিয়ন) হৈছেগৈ। ইফালে, ভাৰতৰ পৰা দক্ষিণ আফ্রিকালৈ ৰপ্তানিৰ হাৰ দ্রুতগতিত বৃদ্ধি পাইছে।


যোৱা পাঁচ মাহত আফ্ৰিকাৰ দেশখনলৈ ভাৰতৰ ৰপ্তানিৰ হাৰ ৫৮ শতাংশ বৃদ্ধি পালে। আনফালে, ব্রাজিল আৰু ৰাছিয়ালৈও ভাৰতৰ ৰপ্তানিৰ হাৰ ক্ৰমে ১৩ আৰু ১১ শতাংশ বৃদ্ধি পাইছে। 


উল্লেখযোগ্য যে চলিত বর্ষত নতুন দিল্লীত ব্রিক্‌ছ শীর্ষ সন্মিলনখন অনুষ্ঠিত হয়। ১২ আৰু ১৩ ছেপ্টেম্বৰত অনুষ্ঠিত শীর্ষ সন্মিলনত ব্ৰিকছৰ আটাইকেইখন প্রতিষ্ঠাপক দেশৰ লগতে নতুন সদস্য ৰাষ্ট্ৰসমূহেও ভাগ লৈছিল। ভাৰতে ব্ৰিক্‌ছৰ ৰাষ্ট্ৰসমূহৰ সৈতে ঘনিষ্ঠ সম্পর্ক গঢ়ি তোলাৰো আঁচনি লৈছে।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা