ডিজিটেল ডেস্ক: বিশ্বৰ বিভিন্ন জনবসতিপূর্ণ দেশত অহা চাৰি বছৰৰ ভিতৰত চিকিৎসক আৰু স্বাস্থ্যকর্মীৰ নাটনি হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে আৰু ইয়াৰ ফলত বিশ্বৰ স্বাস্থ্য খণ্ডত গুৰুতৰ প্ৰভাৱ পৰাৰ আশংকা বৃদ্ধি হৈছে। বিশ্ব স্বাস্থ্য সংস্থা (ডব্লিউ এইচ অ')ৰ এখন শেহতীয়া প্রতিবেদনত এই উদ্বেগজনক তথ্য প্রকাশ পাইছে। ডব্লিউ এইচ অ'ৰ প্ৰতিবেদনৰ তথ্য মতে, বিশ্বজুৰি চিকিৎসকৰ ২৫ শতাংশ ৫৫ বছৰ বয়সৰ ঊর্ধ্বত। বিশ্বজুৰি ২৫ শতাংশ চিকিৎসক অৱসৰমুখী হৈছে।
আনহাতে, ভাৰতৰ চিকিৎসকৰ ১২ শতাংশই ৫৫ বছৰ বয়স অতিক্ৰম কৰিছে। অহা ৪ বছৰৰ ভিতৰত এই অভিজ্ঞ চিকিৎসকসকলে অৱসৰ ল'ব। ইয়াৰ ফলত বিশ্বৰ প্রায় ৬৭খন দেশত চিকিৎসকৰ নাটনি হোৱাৰ আশংকা বৃদ্ধি পাইছে। বিশ্বৰ বিভিন্ন দেশত যোৱা ২০ বছৰত স্বাস্থ্য কর্মীৰ সংখ্যা বৃদ্ধি পোৱা সত্ত্বেও বয়স্ক কর্মশক্তিয়ে বিশ্বৰ স্বাস্থ্য খণ্ডত গুৰুতৰ প্ৰভাৱ পেলাব।
উল্লেখযোগ্য যে অহা চাৰি বছৰত ভাৰতত ৬৫ বছৰৰ ঊর্ধ্বৰ জনসংখ্যা ২৬ শতাংশ বৃদ্ধি হোৱাৰ পূর্বানুমান কৰা হৈছে। ইয়াৰ বাবে স্বাস্থ্য যতনকাৰী সুবিধা বৃদ্ধি হোৱাটো প্রয়োজনীয় হৈ পৰিছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, বিশ্বৰ চাৰিজন চিকিৎসকৰ ভিতৰত এজন অৱসৰৰ দিশত আগবাঢ়িছে। বিশ্বৰ ২৫ শতাংশ চিকিৎসকে অহা চাৰি বছৰৰ ভিতৰত অৱসৰৰ বয়সৰ ওচৰ চপাৰ লগে লগে ২০৩০ চনৰ ভিতৰত গোলকীয় স্বাস্থ্য খণ্ডত চিকিৎসকৰ ব্যাপক নাটনিয়ে দেখা দিব।
বিশ্বৰ ১২২খন দেশৰ তথ্য বিশ্লেষণত দেখা গৈছে যে অহা চাৰি বছৰৰ ভিতৰত ৬৭খন দেশত ১১.১ নিযুত (১.১১ কোটি) স্বাস্থ্যকর্মীৰ নাটনি হোৱাৰ সম্ভাৱনা প্রকট হৈছে। অর্থাৎ বিশ্বৰ ৬৭খন দেশে নিজৰ জনসংখ্যাৰ স্বাস্থ্যজনিত প্রয়োজনীয়তা পূৰণ কৰিবলৈ পর্যাপ্ত স্বাস্থ্যকর্মী বিচাৰি নাপাব। এফালে অভিজ্ঞ স্বাস্থ্যকর্মীৰ বয়স বৃদ্ধি পাইছে আৰু আনফালে বিশ্বজুৰি বৃদ্ধৰ জনসংখ্যা বৃদ্ধি পোৱাৰ বাবে চিকিৎসা সেৱাৰ চাহিদা পূৰ্বতকৈ বহু পৰিমাণে বৃদ্ধি পাইছে।
বিশ্ব স্বাস্থ্য সংস্থাৰ স্বাস্থ্য কর্মশক্তি নীতি গোটৰ মুৰব্বী ডাঃ মাচুম দিয়াল্ল'ই কয়, 'কর্মশক্তিৰ বয়স বৃদ্ধি হৈছে স্বাস্থ্য খণ্ডৰ বাবে এটা গোপন সংকট।' উন্নত দেশবোৰে দৰিদ্ৰ আৰু কম আয়ৰ দেশসমূহৰ পৰা চিকিৎসক আৰু স্বাস্থ্যকর্মীক নিযুক্তি দিবলৈ বাধ্য হ'ব পাৰে আৰু ইয়াৰ ফলত উন্নয়নশীল দেশবোৰৰ চিকিৎসা ব্যৱস্থা অধিক দুৰ্বল হৈ পৰাৰ আশংকা বৃদ্ধি হৈছে বুলি দিয়াল্ল'ই কয়।
উৎস: দৈনিক জনমভূমি