ডিজিটেল ডেস্ক: কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দুদিনীয়া এক 'চিন্তন বৈঠক' বুধবাৰে আৰম্ভ হ'ব। সংস্কাৰত বিশেষ গুৰুত্ব দি প্রশাসন আৰু নীতি নির্ধাৰণৰ প্ৰধান দিশসমূহ আলোচনা কৰাৰ বাবেই মন্ত্ৰী পৰিষদৰ সদস্যসকলক লৈ এই চিন্তন বৈঠকৰ আহ্বান কৰা বুলি জানিব পৰা গৈছে।
চৰকাৰী সূত্ৰসমূহৰ মতে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় থকা 'সেৱা তীৰ্থ'ত ২৩ আৰু ২৪ ছেপ্টেম্বৰত এই গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব আৰু ইয়াত সকলো কেন্দ্রীয় মন্ত্রীয়ে অংশগ্রহণ কৰিব। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অধ্যক্ষতা কৰিব লগীয়া এই বৈঠকত চৰকাৰৰ আঁচনিসমূহৰ অগ্রগতি, নীতি বলবৎ, সময় ব্যৱস্থাপনা, মন্ত্ৰীসকলৰ মাজৰ সমন্বয়, ৰাজহুৱা সেৱা প্ৰদান আদিৰ বিষয়ত আলোচনা হোৱাৰ সম্ভাৱনা আছে।
আঁচনিৰ সময়-নির্দিষ্ট ৰূপায়ণ আৰু আন প্রশাসনীয় বিষয়সমূহত দলবদ্ধভাৱে চিন্তা-ভাৱনা কৰিবলৈ প্ৰতিটো গোটত ৮জনকৈ মন্ত্ৰীৰে ৬টা গোট গঠন কৰি দিয়া হৈছিল। বৈঠকত কৰিবলগীয়া উপস্থাপনৰ (প্রেজেন্টেশ্যন) বিষয়ে আলোচনা কৰিবলৈ এই গোটবোৰে কেইবাখনো সভা অনুষ্ঠিত কৰিছিল।
বিভিন্ন খণ্ডত সংস্কাৰ সাধনৰ বাবে তেওঁলোকৰ মন্ত্ৰ্যালয়ে গ্ৰহণ কৰা নীতি আৰু কাৰ্যব্যৱস্থাৰ বিষয়ে কিছু মন্ত্রীয়ে উপস্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ বিভিন্ন দিশত সংস্কাৰত গুৰুত্ব দি আহিছে আৰু তেওঁ পূর্বে কেবিনেটৰ সতীৰ্থক কৈছিল যে জনসাধাৰণৰ সমস্যাৰ সমাধান কৰা আৰু জীৱন যাপনৰ সুবিধা নিশ্চিত কৰাটো চৰকাৰৰ প্ৰধান উদ্দেশ্য হোৱা উচিত। বৈঠকত এইবোৰ বিষয়ে আলোচনা হোৱাৰ আশা আছে। একেধৰণৰ এখন চিন্তন বৈঠক অনুষ্ঠিত হৈছিল ২০২১ চনৰ ২১ অক্টোবৰত। সেই সময়ত, প্রশাসন আৰু নীতি নির্ধাৰণত আলোচনা কৰা হৈছিল।
উৎস: দৈনিক জনমভূমি