--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • খুউব সম্ভৱ সংবাদ মাধ্যমৰ ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে সকলোৱে হাতযোৰ কৰি ঈশ্বৰক কৈছিল কিছুক্ষণ আগত সম্প্ৰচাৰ কৰা বাতৰিটো মিছা হওঁক। ছিংগাপুৰৰ পৰা জুবিনে এটা ফোন-ইন দিয়ক। জুবিনে কওঁক মই ঠিকেই আছোঁ। কিন্তু সেয়া নহ'লগৈ।

১৯ ছেপ্টেম্বৰৰ এটা ৰৌদ্ৰোজ্জ্বল দুপৰীয়া। ভাত-পানী খাই অফিচলৈ বুলি ওলাই গৈছোঁ। ২.৩০ বজাত অফিচত সোমাই ভূমি মহলাত চলি থকা ডাঙৰ টিভিটোত চলি থকা বাতৰিৰ ফালে চকু ফুৰাওতে দেখিছোঁ সাগৰত সাতুৰিবলৈ গৈ জুবিন গাৰ্গ য়টৰ পৰা পৰিল। গুৰুতৰভাৱে অসুস্থ জুবিন গাৰ্গ। এক অজান আশংকাত বুকুখন চিৰিংকৈ উঠিল। লগে লগে WhatsAppটো খুলি দেখিলোঁ সকলোৱে ষ্টেটাচ লগাইছে। একেটাই খবৰ, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জুবিন অসুস্থ।


খেনোৱে যদি বাতৰিটোৰ কথা লিখিছে খেনোৱে লিখিছে আশু আৰোগ্য কামনা। লিফটত ৪ৰ্থ মহলালৈ উঠি গৈ থাকোঁতে ময়ো ষ্টেটাচ এটা আপডেট কৰিলোঁ। আশু আৰোগ্য কামনাৰে। ৪ৰ্থ মহলালৈ গৈ দেখো ডেস্কৰ সকলোৱে ৰৈ আছে টিভিবোৰৰ সন্মুখত। তেতিয়ালৈ এক চেপা উত্তেজনাই বিৰাজ কৰিছিল আমাৰ কৰ্মৰত মহলাটোত। সকলোৱে হাতযোৰ কৰি নেদেখাজনক খাটিছিল এটা ভাল খবৰৰ অপেক্ষাত। কিন্তু নিয়তিৰ কি যে পৰিহাস। সেয়া নহ'লগৈ। 


৩.৩০ মান বজাত সহযোগী সম্পাদক খনীন্দ্ৰ কুমাৰ ডেকা দাদা নিজৰ বহা ঠাইৰ পৰা উঠি আহিল। বুকুত শোকে তাপ মাৰিছিল তেখেতৰ। কঁপা কঁপা কণ্ঠেৰে তেখেতে ব্ৰেকিং লিখিবলৈ ক'লে, "জুবিন গাৰ্গ আৰু নাই"। লগে লগে সহকৰ্মী টিংকুল পাঠক দাই সৰু ব্ৰেকিংডালত লিখিলে কঁপা কঁপা আঙুলিৰে লিখি দিলে সেই অনাকাংক্ষিত ব্ৰেকিং নিউজটো। "জুবিন গাৰ্গ আৰু নাই"। যথাসম্ভৱ খৰ গতিৰে ময়ো অনুৰূপ শাৰীটো লিখি ডাঙৰকৈ বিগ ব্ৰেকিংটো চলাই দি দৌৰ মাৰিছোঁ ভইচ অভাৰ ৰূমলৈ। চকুলোৰে বাট নেদেখা অৱস্থা তেতিয়া। ভইচ অভাৰ ৰুমত ৫ মিনিটমান অকলে থাকি হেঁপাহ পলুৱাই কান্দি ওলাই আহি বহিছোঁ ডেস্কত। ইমানপৰে নিজম হৈ থকা আমাৰ চতুৰ্থ মহলাটোত আৰম্ভ হৈছিল একপ্ৰকাৰৰ দৌৰা-ঢপৰা। কীবোৰ্ডত বাৰে বাৰে থমকি ৰৈছিল আঙুলি। উচুপি উচুপি সকলোৱে ব্যস্ত হৈ পৰিছিল নিজ নিজ কামত। খুউব সম্ভৱ সংবাদ মাধ্যমৰ ইতিহাসত হয়তো প্ৰথমবাৰৰ বাবে সকলোৱে হাতযোৰ কৰি ঈশ্বৰক কৈছিল কিছুক্ষণ আগত সম্প্ৰচাৰ কৰা বাতৰিটো মিছা হওঁক। 


ছিংগাপুৰৰ পৰা জুবিনে এটা ফোন-ইন দিয়ক। জুবিনে কওঁক মই ঠিকেই আছোঁ। কিন্তু সেয়া নহ'লগৈ। ত্বৰিৎ গতিৰে সকলোৱে চমজি লৈছিল নিজা কামৰ অতিৰিক্ত দায়িত্ব। নিউজৰূমৰ পৰা ভাহি আহিছিল ইটোৰ পাছত সিটো বাতৰি। ক্ৰমশঃ নিশা যিমান গভীৰ হৈছিল বাতৰিবোৰে কাহিনীৰ ৰূপ লৈছিল। এনে লাগিছিল আমি যেন ৰূপকথা শুনিছোঁ। যি ৰূপকথাৰ নায়ক ঈশ্বৰপুত্ৰ জুবিন গাৰ্গ। এইদৰে সম্পূৰ্ণ ৩ দিন ৩ ৰাতি অবিৰত বাতৰি সম্প্ৰচাৰ হৈছিল। আমি চাবি দিয়া ৰবটৰ দৰে কৰি গৈছিলোঁ কামবোৰ। কিছু সময় শুই পুনৰ গুচি আহো কৰ্মস্থলীলৈ। ২৪/৭ সৰুসজাইৰ পৰা চলি আছিল পোনপটীয়া সম্প্ৰচাৰ। 


তাৰমাজতে সম্প্ৰচাৰ হৈছিল শ্যামকানু, সিদ্ধাৰ্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাহঁতৰে সম্পৰ্কিত ভিন্ন বাতৰি। এইদৰে বাগৰি গৈছিল সময়। কৰ্মব্যস্ততা, দায়িত্ববোধ আৰু জুবিনৰ অপমৃত্যুক মানি ল'ব নোৱাৰিলোঁ বাবে অন্তিম শ্ৰদ্ধাঞ্জলি দিবলৈ যোৱা নহ'ল। ঈশ্বৰপুত্ৰৰ কথাৰে "Show must go on" বাক্যশাৰী শিৰোধাৰ্য আমি কৰ্মস্থলীৰ পৰা, কামেৰেই জনাইছিলোঁ প্ৰাণৰ শিল্পীলৈ শ্ৰদ্ধাঞ্জলি। অৱশ্যে ভাইটি দিপজ্যোতিয়ে ঈশ্বৰপুত্ৰৰ চৰণৰ পৰা কিছু ফুল সংগ্ৰহ কৰি আনি মোৰ অফিচলৈ আহি দি গৈছিল মোৰ হাতত। 


অৱশেষত আহি পৰিছিলহি অসম আৰু অসমীয়া জাতি জ্বলি শেষ হৈ যোৱা দিনটো। ২৩ ছেপ্তেম্বৰ। ২২ ছেপ্টেম্বৰৰ সন্ধিয়াৰ পৰা ডিউটী কৰিছিলোঁ। ২৩ ছেপ্তেম্বৰৰ দিনটোও আমাৰ বিভাগৰ অৰ্থাৎ নিউজ চলোৱা দায়িত্ব পৰিছিল মোৰ ওপৰত। সেইদিনা সৰুসজাইৰ পৰা আৰম্ভ কৰি GMCH, তাৰ পৰা সোণাপুৰলৈ যুগনায়কৰ শেষ যাত্ৰাৰ সম্পূৰ্ণ সম্প্ৰচাৰ হৈছিল অবিৰত। PCRত NEWS PRODUCER নীলোৎপলা দত্ত বা, ONLINE GFXত মই, VISUAL SWITCHINGত দিবাকৰ দা, চাউণ্ডত খুউবসম্ভব দিগন্ত দা আছিল। ষ্টুডিঅ'ত মুখ্য সম্পাদক প্ৰশান্ত ৰাজগুৰু ছাৰ, জ্যেষ্ঠ বাতৰি পৰিবেশিকা নৱনীতা কলিতা বা। তিলতিলকৈ আগুৱাইছিল এটি এটি মুহূৰ্ত। দুয়োগৰাকীয়ে যথাৰীতি সম্পন্ন কৰিছিল ধাৰাভাষ্যকাৰৰ কৰ্তব্য। দি গৈছিল প্ৰতিটো ক্ষণৰ পোনপটীয়া আপডেট। অৱশেষত সময় আহি পৰিছিল মুখাগ্নিৰ। হঠাৎ আমাক স্তম্ভিত কৰি ৰাজগুৰু ছাৰ আৰু নৱনীতা বাই গাবলৈ আৰম্ভ কৰিছিল এফাঁকি ঘোষা। "মুক্তিত নিস্পৃহ যিটো..."। গাৰ নোম শিয়ঁৰি উঠিছিল সেই মুহূৰ্তত। শিল পৰা কপৌৰ দৰে থৰ লাগি ৰৈছিলোঁ আমি। বহু চেষ্টা কৰিও নিজৰ ওচৰত নিয়ন্ত্ৰণ হেৰুৱাই উচুপি উঠিছিলোঁ PCRত থকা আমি। চিতাৰ জুই যিমানেই দপদপাই জ্বলিছিল সিমান গভীৰলৈ দহিছিল হৃদয়। জাতিটো জ্বলি থকা চিতাখনৰ পিনে চালেই বৈ আহে পাৰভঙা চকুলো। মনস্তাত্বিক কাৰণ নে অলৌকিক কিবা আছিল সেয়া নাজানিলো কিন্তু আমাৰ PCRটোত বিয়পি পৰিছিল শ্মশানৰ চিতাৰ দৰে এটা গোন্ধ। বহুতক সোধোতে গম পাইছিলোঁ তেওঁলোকেওঁ একে সময়ত অনুভৱ কৰিছিল সেই বিশেষ গোন্ধটো। দেখিছিলোঁ কিদৰে প্ৰস্তৰ মূৰ্তি হৈ পৰিছিল মুখ্যমন্ত্ৰীৰ লগতে জুবিন গাৰ্গৰ পত্নী। দেখিছিলোঁ কিদৰে হুৰাওৰাৱে কান্দিছিল আইন শৃংখলাত জড়িত আৰক্ষী-প্ৰশাসনিক বিষয়াসকলে। 


এইদৰে স্তিমিত হৈ পৰিছিল চিতাৰ জুইকুৰা। কিন্তু একুৰা জুই দাউদাউকৈ জ্বলি ৰ'ল অসমীয়াৰ বুকুত। যুগনায়কক হেৰুৱাই স্তব্ধ হৈ পৰিছিল অসম। চৌদিশে মাথো বাজিছিল জুবিন গাৰ্গৰ আৱাহনী মন্ত্ৰ "মায়াবিনী ৰাতিৰ বুকুত...!"। এইদৰে জাতিটোক নিথৰুৱা কৰি চিতভস্ম হৈ মহাবাহুৰ বুকুত মিলি গৈছিল আমাৰ মৰমৰ জুবিন গাৰ্গ। আমাৰ হাৰ্টথ্ৰ'ব জুবিন গাৰ্গ। আমি হেৰুৱালোঁ সেই পুৰুষক যাৰ এষাৰি আহ্বানে অসমৰ ডেকা শক্তিক উলিয়াই আনিছিল ৰাজপথলৈ। শাসক আৰু অপশাসনৰ বিৰুদ্ধে মুকলি মঞ্চত গুজৰি উঠা জুবিনক হেৰুৱালোঁ আমি। অসমৰ সংস্কৃতিৰ আকাশখনৰ সবাতোকৈ উজ্জ্বল জ্যোতিষ্কটো সেইদিনা খহি পৰিছিল নেজাল তৰা হৈ। শেষ বুলিলেইটো সকলো শেষ হৈ নাযায়। আমি তোমাক জীয়াই ৰাখিম জুবিন। আমাৰ বুকুৰ নিভৃত কোণত, আমাৰ দায়িত্ববোধ, আমাৰ কৰ্মৰ মাজত তোমাক জীয়াই ৰাখিম জুবিন। আমি গঢ়িম জুবিনৰ দেশ। কাৰণ আমি জুবিন যুগৰ মানুহ। যি যুগৰ কথা বহ্নিমান লৌহিত্যৰ অস্তিত্ব থকালৈ, চন্দ্ৰ-সূৰ্য্য আকাশত থকালৈ চৰ্চিত হৈ ৰ'ব। সেয়া এগৰাকী নায়কৰ যুগ আছিল। জুবিন যুগ... 


লেখক: নয়নজ্যোতি ৰাজবংশী

প্ৰাগ নিউজ


FOLLOW US F
POPULAR
FEATURE
TRENDY
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ