--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হাৰিয়ানাৰ পালৱালত এগৰাকী নৱ বিবাহিতা মহিলাক গুলীয়াই হত্যা কৰা হৈছে। তেওঁৰ স্বামী, শহুৰেক আৰু শাহুৱেকৰ বিৰুদ্ধে গুলীচালনাৰ অভিযোগ উত্থাপিত হৈছে। হত্যাৰ বলি হোৱা বোৱাৰীগৰাকী বিবাহপাশত আৱদ্ধ হোৱা এমাহো হোৱা নাই। মৃত বোৱাৰীগৰাকীৰ পৰিয়ালে অভিযোগ কৰিছে যে কইনাৰ শহুৰেকে তেওঁৰ ওপৰত লেতেৰা দৃষ্টি দিছিল আৰু তেওঁৰ সৈতে অশ্লীল কাম কৰিছিল। যেতিয়া বোৱাৰীয়ে শহুৰেকৰ এই আচৰণৰ প্ৰতিবাদ কৰিছিল তেতিয়া তেওঁক হত্যা কৰা হৈছিল। শহুৰেকৰ লেতেৰা দৃষ্টি আৰক্ষীয়ে হত্যাৰ এটা গোচৰ ৰুজু কৰিছে আৰু গোচৰটোৰ তদন্ত আৰম্ভ কৰিছে। এই ঘটনা সংঘটিত হৈছে হাৰিয়ানাৰ পালৱালৰ আলিগড় ৰোডৰ কিথৱাড়ী কলনিত।মহিলাগৰাকীৰ স্বামীৰো হাতত গুলী লাগিছিল। তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা হৈছে। মৃত মহিলাৰ পিতৃৰ অভিযোগৰ ভিত্তিত চান্ধাট আৰক্ষী থানাই স্বামী, শাহু আৰু শহুৰেকৰ বিৰুদ্ধে হত্যাৰ গোচৰ ৰুজু কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ চকদা গাঁৱৰ বাসিন্দা ডুংগৰ সিঙে আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰত কয় যে যোৱা ৭ ফেব্ৰুৱাৰীত তেওঁ তেওঁৰ ১৯ বছৰীয়া কন্যা ৰজনীক মথুৰা জিলাৰ বাসিন্দা গ্ৰীটিং নহৱাৰলে বিয়া দিছিল। বিয়াৰ পিছৰে পৰা ৰজনীৰ শহুৰেক মোহন সিঙে তেওঁৰ ওপৰত লেতেৰা চকু দিয়া আৰম্ভ কৰিছিল। শহুৰেকে বাৰে বাৰে বোৱাৰী ৰজনীক ভৰি মালিচ কৰিবলৈ দিয়াৰ অজুহাতত অশ্লীল কাম কৰিছিল। শহুৰেকৰ লেতেৰা দৃষ্টি এই কথাক লৈ ৰজনীয়ে তেওঁৰ স্বামী আৰু শাহুৱেকৰ ওচৰত অভিযোগ কৰিছিল কিন্তু কোনেও তেওঁক সমৰ্থন কৰা নাছিল, ইয়াৰ বিপৰীতে ৰজনীক চুপ থাকিবলৈ কৈছিল। ৰজনীয়ে বাৰে বাৰে মাতৃগৃহলৈ যাবলৈ বিচাৰিছিল কিন্তু তেওঁক মাতৃগৃহলৈ যাবলৈ অনুমতি দিয়া হোৱা নাছিল। শহুৰেকৰ অশ্লীল কাৰ্যক প্ৰতিবাদ কৰা বাবে ৪ মাৰ্চত ৰজনীৰ স্বামী, শাহু আৰু শহুৰেকে তেওঁক গুলীয়াই হত্যা কৰে। গুলীচালনাত ৰজনীৰ স্বামীৰ হাততো গুলী লাগে আৰু তেওঁক এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসা কৰা হৈছে য'ত আৰক্ষী মোতায়েন কৰা হৈছে। চিকিৎসাৰ অন্তত অভিযুক্তজনক সোনকালেই গ্ৰেপ্তাৰ কৰা হ'ব। আৰু পঢ়কঃ পৰীক্ষা দি ঘৰলৈ আহি থাকোতে ট্ৰাকে মহতিয়ালে তিনি ভাতৃ-ভগ্নীক;থিতাতে মৃত্যু

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন