--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৈবাহিক ধৰ্ষণক অপৰাধৰ পৰিসৰৰ আওতালৈ অনাৰ বিষয়টোত উচ্চতম ন্যায়ালয়ে ইয়াৰ সৈতে জড়িত আবেদনসমূহৰ শুনানি গ্ৰহণ কৰিব বুলি আশ্বাস দিছে। অৱশ্যে উচ্চতম ন্যায়ালয়ে কোনো নিদিষ্ট তাৰিখ দিয়া নাই। দৰাচলতে আবেদনকাৰীৰ হৈ ইন্দিৰা জয়সিংহ আৰু কৰুণা নন্দীয়ে উচ্চতম ন্যায়ালয়ৰ পৰা আগতীয়াকৈ শুনানিৰ দাবী জনাইছিল। এই বিষয়ে মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ে কৈছিল যে- আমি সিদ্ধান্ত ল’ব লাগিব যে বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয়? ইয়াৰ বাবে আমি শুনানিৰ কথা বিবেচনা কৰিম।

২০২৩ চনৰ ১৬ জানুৱাৰীত উচ্চতম ন্যায়ালয়ে এটা ডাঙৰ পদক্ষেপ লৈছিল। বৈবাহিক ধৰ্ষণক অপৰাধৰ পৰিসৰৰ আওতালৈ আনিব লাগে নে নালাগে সেই বিষয়ে সিদ্ধান্ত ল’ব বুলি আদালতে কয়। উচ্চতম ন্যায়ালয়ে কেন্দ্ৰক ১৫ ফেব্ৰুৱাৰীৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ আহ্বান জনায়। আদালতে কয় যে ৩ মাৰ্চৰ ভিতৰত সকলো পক্ষই লিখিত যুক্তি দাখিল কৰিব লাগে। গোচৰৰ শুনানিৰ সময়ত কেন্দ্ৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই কৈছিল যে বৈবাহিক ধৰ্ষণ অপৰাধকৰণে ডাঙৰ প্ৰভাৱ পেলাব। 

চি জে আই ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ পি এছ নৰসিংহ আৰু ন্যায়াধীশ জে বি পাৰদিৱালাৰ বিচাৰপীঠে শুনানি অনুষ্ঠিত কৰে। আচলতে যোৱা বছৰৰ ১৬ ছেপ্টেম্বৰত বৈবাহিক ধৰ্ষণ অপৰাধ হয় নে নহয় উচ্চতম ন্যায়ালয়ে এই কথা পৰীক্ষা কৰিবলৈ সন্মত হয়। ইয়াৰ পূৰ্বে ২০২২ চনৰ ১১ মে’ত দিল্লী উচ্চ ন্যায়ালয়ৰ দুগৰাকী ন্যায়াধীশে এই বিষয়ত পৃথক পৃথক ৰায় দিছিল।

দিল্লী উচ্চ ন্যায়ালয়ৰ দুজনীয়া ন্যায়াধীশৰ বিচাৰপীঠৰ বিভক্ত সিদ্ধান্ত বৈবাহিক ধৰ্ষণ গোচৰৰ সন্দৰ্ভত চৰ্চালৈ আহিছিল। এই গোচৰৰ শুনানিৰ সময়ত দুয়োজন ন্যায়াধীশৰ মতামত একে ধৰণৰ হোৱা যেন নালাগিল। ইয়াৰ বাবে দুয়োজন ন্যায়াধীশে এই বিষয়টো উচ্চতম ন্যায়ালয়ত শুনানিৰ বাবে প্ৰস্তাৱ দিছিল। শুনানিৰ সময়ত বিচাৰপীঠৰ অধ্যক্ষ ন্যায়াধীশ ৰাজীৱ শকধৰে বৈবাহিক ধৰ্ষণৰ অপৰাধকৰণ বাতিলৰ সমৰ্থন কৰে। একে সময়তে ন্যায়াধীশ চি হৰি শংকৰে কয় যে আই পি চিৰ অধীনত এই অভিযোগ অসাংবিধানিক নহয় আৰু ই এক যুক্তিযুক্ত পাৰ্থক্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে।

দৰাচলতে আবেদনকাৰীয়ে আই পি চিৰ ধাৰা ৩৭৫ (ধৰ্ষণ)ৰ অধীনত অভিযোগ হিচাপে বৈবাহিক ধৰ্ষণক সাংবিধানিকভাৱে প্ৰত্যাহ্বান জনাইছিল। এই ধাৰা অনুসৰি বিবাহিতা মহিলাগৰাকীয়ে স্বামীয়ে কৰা যৌন কাৰ্য্যক ধৰ্ষণ বুলি গণ্য কৰা নহ’ব, যদিহে পত্নী নাবালক নহয়। তাৎপৰ্যপূৰ্ণভাৱে, বৈবাহিক ধৰ্ষণক অপৰাধ হিচাপে ঘোষণা কৰাৰ বিষয়ত কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে নিজৰ পক্ষ দাখিল কৰিবলৈ সময় বিচৰাৰ বাবে উচ্চ ন্যায়ালয়ে অসন্তুষ্টি প্ৰকাশ কৰিছিল। কেন্দ্ৰক সময় দিবলৈ অস্বীকাৰ কৰি আদালতে ৰায় সংৰক্ষণ কৰি ৰাখিছিল। কেন্দ্ৰই বিচাৰপীঠৰ সন্মুখত যুক্তি দিছিল যে এই বিষয়ত তেওঁলোকৰ মন্তব্য বিচাৰি সকলো ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চললৈ পত্ৰ প্ৰেৰণ কৰিছে।

ভাৰতীয় ধৰ্ষণ আইনৰ অধীনত স্বামীক দিয়া ৰেহাইৰ অন্ত পেলাবলৈ বিচৰা আবেদনসমূহ আদালতে বিবেচনা কৰি আছে। ৭ ফেব্ৰুৱাৰীত উচ্চ ন্যায়ালয়ে বৈবাহিক ধৰ্ষণক অপৰাধমূলক বুলি গণ্য কৰা আবেদনসমূহৰ ওপৰত নিজৰ স্থিতি দাখিল কৰিবলৈ কেন্দ্ৰক দুসপ্তাহৰ সময় দিছিল। কেন্দ্ৰই আদালতক আবেদনসমূহৰ শুনানি পিছুৱাই দিবলৈ আহ্বান জনাই শপতনামা দাখিল কৰিছিল, য’ত উল্লেখ কৰা হৈছিল যে বৈবাহিক ধৰ্ষণক অপৰাধ ঘোষণাৰ বাবে দেশত সুদূৰপ্ৰসাৰী আৰ্থ-আইনী শাখা-উপশাখা আছে আৰু ৰাজ্য চৰকাৰকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে এক অৰ্থপূৰ্ণ পৰামৰ্শমূলক প্ৰক্ৰিয়াৰ প্ৰয়োজন।









FOLLOW US F
POPULAR
FEATURE
TRENDY
সুৰাপান নকৰা লোকৰ মাজতো লিভাৰ কেন্সাৰৰ সম্ভাৱনা বাঢ়িছে! সাৱধান হওক
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে
চীন-ৰাছিয়াৰ মিত্ৰজোঁটক ৰুধিবলৈ মার্কিন সেনাক সষ্টম হোৱাৰ নিৰ্দেশ, পেন্টাগনক সতর্ক হ'বলৈ ক'লে ৰাষ্ট্ৰপতি ট্রাম্পে