--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত অব্যাহত আছে হিংসা। ইফালে শেহতীয়াকৈ মানৱতাৰ বাবে এটা লজ্জাজনক বিষয় চৰ্চালৈ আহিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত একাংশ ৰাইজে দুগৰাকী মহিলাক উলংগ কৰি লৈ যোৱা দেখা গৈছে ।

এই ভিডিঅ’টো মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বৰ কাংপকপি জিলাৰ, যিটো ভিডিঅ’ যোৱা ৪ মে’ত কোৱা হৈছে। ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। এই গোচৰত আৰক্ষীয়ে এফআইআৰ ৰুজু হোৱা বুলি উল্লেখ কৰিছে। 

মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি) মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত পাহাৰীয়া জিলাসমূহত ‘জনজাতীয় সংহতি সমদল’ৰ আয়োজন কৰাৰ পাছতে এই সংঘৰ্ষ আৰম্ভ হয়। এই হিংসাত ১২০ জন লোকে প্ৰাণ হেৰুৱাইছে। 

সংবাদ সংস্থা পিটিআইৰ মতে, খিলঞ্জীয়া জনজাতীয় নেতা মঞ্চই কয় যে, “ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে এটা সম্প্ৰদায়ৰ এটা গোটে ফাৰ্মৰ ওচৰৰ পৰা দুগৰাকী মহিলাক লৈ গৈছে। তেওঁলোকৰ সৈতে দলবদ্ধ ধৰ্ষণো কৰা হৈছে।”


আই টি এল এফে ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই কয় যে এই নিৰীহ মহিলাসকলে ভুগিবলগীয়া ভয়ানক নিৰ্যাতন অভিযুক্তসকলে ভিডিঅ’ৰ জৰিয়তে শ্বেয়াৰ কৰিছে। ইয়াত ভুক্তভোগীৰ পৰিচয় দেখুওৱা হৈছে।

এই কাৰ্যক গৰিহণা দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁ কয়, ‘মণিপুৰৰ পৰা অহা মহিলাৰ ওপৰত যৌন হিংসাৰ ছবিবোৰ হৃদয় বিদাৰক। নাৰীৰ ওপৰত হোৱা এই ভয়াবহ হিংসাৰ ঘটনা গৰিহণাযোগ্য৷’

আনহাতে, ত্ৰিপুৰা পাৰ্টিৰ সভাপতি মথা প্ৰদ্যোৎ বিক্ৰম মাণিক্য দেৱ বাৰ্মাই কয় যে এই বিষয়টো অতি দুখদায়ক। 

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰক লৈ মৌনতাই বিশৃংখলতাৰ সৃষ্টি কৰিছে বুলি কয়। 'ভাৰতৰ ধাৰণাক আক্ৰমণ নকৰালৈকে ভাৰত মৌন হৈ নাথাকিব বুলিও মন্তব্য কৰে। আমি মণিপুৰৰ ৰাইজৰ লগত থিয় দিছো। শান্তিহে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ।'

উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ওপৰত আলোচনা হ’ব। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকত কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহে মণিপুৰৰ বিষয়টো উত্থাপন কৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে আমি এই বিষয়ে আলোচনা কৰিবলৈ সাজু।







FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা