--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মণিপুৰত অব্যাহত আছে হিংসা। ইফালে শেহতীয়াকৈ মানৱতাৰ বাবে এটা লজ্জাজনক বিষয় চৰ্চালৈ আহিছে। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে এটা ভিডিঅ’, য’ত একাংশ ৰাইজে দুগৰাকী মহিলাক উলংগ কৰি লৈ যোৱা দেখা গৈছে ।

এই ভিডিঅ’টো মণিপুৰৰ ৰাজধানী ইম্ফলৰ পৰা ৩৫ কিলোমিটাৰ দূৰত্বৰ কাংপকপি জিলাৰ, যিটো ভিডিঅ’ যোৱা ৪ মে’ত কোৱা হৈছে। ভিডিঅ’ প্ৰকাশ পোৱাৰ পাছতে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন হৈছে। এই গোচৰত আৰক্ষীয়ে এফআইআৰ ৰুজু হোৱা বুলি উল্লেখ কৰিছে। 

মেইটেই সম্প্ৰদায়ৰ অনুসূচিত জনজাতি (এছ টি) মৰ্যাদাৰ দাবীৰ প্ৰতিবাদত ৩ মে’ত পাহাৰীয়া জিলাসমূহত ‘জনজাতীয় সংহতি সমদল’ৰ আয়োজন কৰাৰ পাছতে এই সংঘৰ্ষ আৰম্ভ হয়। এই হিংসাত ১২০ জন লোকে প্ৰাণ হেৰুৱাইছে। 

সংবাদ সংস্থা পিটিআইৰ মতে, খিলঞ্জীয়া জনজাতীয় নেতা মঞ্চই কয় যে, “ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে এটা সম্প্ৰদায়ৰ এটা গোটে ফাৰ্মৰ ওচৰৰ পৰা দুগৰাকী মহিলাক লৈ গৈছে। তেওঁলোকৰ সৈতে দলবদ্ধ ধৰ্ষণো কৰা হৈছে।”


আই টি এল এফে ৰাষ্ট্ৰীয় মহিলা আয়োগ আৰু ৰাষ্ট্ৰীয় অনুসূচিত জনজাতি আয়োগক ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাই কয় যে এই নিৰীহ মহিলাসকলে ভুগিবলগীয়া ভয়ানক নিৰ্যাতন অভিযুক্তসকলে ভিডিঅ’ৰ জৰিয়তে শ্বেয়াৰ কৰিছে। ইয়াত ভুক্তভোগীৰ পৰিচয় দেখুওৱা হৈছে।

এই কাৰ্যক গৰিহণা দি কংগ্ৰেছৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধীয়ে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে। তেওঁ কয়, ‘মণিপুৰৰ পৰা অহা মহিলাৰ ওপৰত যৌন হিংসাৰ ছবিবোৰ হৃদয় বিদাৰক। নাৰীৰ ওপৰত হোৱা এই ভয়াবহ হিংসাৰ ঘটনা গৰিহণাযোগ্য৷’

আনহাতে, ত্ৰিপুৰা পাৰ্টিৰ সভাপতি মথা প্ৰদ্যোৎ বিক্ৰম মাণিক্য দেৱ বাৰ্মাই কয় যে এই বিষয়টো অতি দুখদায়ক। 

ইফালে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে টুইটযোগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মণিপুৰক লৈ মৌনতাই বিশৃংখলতাৰ সৃষ্টি কৰিছে বুলি কয়। 'ভাৰতৰ ধাৰণাক আক্ৰমণ নকৰালৈকে ভাৰত মৌন হৈ নাথাকিব বুলিও মন্তব্য কৰে। আমি মণিপুৰৰ ৰাইজৰ লগত থিয় দিছো। শান্তিহে আগবাঢ়ি যোৱাৰ একমাত্ৰ পথ।'

উল্লেখযোগ্য যে বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ বৰ্ষাকালীন অধিৱেশনত মণিপুৰৰ হিংসাত্মক পৰিস্থিতিৰ ওপৰত আলোচনা হ’ব। বুধবাৰে কেন্দ্ৰীয় চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকত কংগ্ৰেছকে ধৰি আন বিৰোধী দলসমূহে মণিপুৰৰ বিষয়টো উত্থাপন কৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে কয় যে আমি এই বিষয়ে আলোচনা কৰিবলৈ সাজু।







FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; এজন কিশোৰৰ মৃত্যু, এজনৰ অৱস্থা সংকটজনক
গোৱালপাৰাত দুর্লভ প্ৰজাতিৰ মাছ অৱিষ্কাৰ
বিজেপিৰে একত্ৰীকৰণ আপৰ পদত্যাগী ৭ সাংসদক
’২৫ চনত বিশ্বৰ সামৰিক ব্যয় ২.৯% বৃদ্ধি
শিক্ষা বিভাগৰ সমৱেশৰ ঠিকাত গুৰুতৰ অনিয়মৰ অভিযোগ,৭০% পলিয়েষ্টাৰৰ ইউনিফর্মে গৰমত দহিব কণ কণ শিক্ষার্থীক
ধনৰ অভাৱত বাতিল নিবিদা; ২৮ এপ্রিলত ১০০০ কোটিৰ ঋণ ল’ব অসম চৰকাৰে
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
আমেৰিকা-ইজৰাইলৰ প্রবল আক্রমণৰ পাছতো ক্ষেপণাস্ত্র-ড্র’ন অক্ষত অৱস্থাত মজুত হৈ আছে ইৰানৰ
স্বাস্থ্যৰ ক্ষতি নকৰিব; কি খাদ্যৰ লগত কি খাদ্য খাব নালাগে জানি লওক