--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ মাতা বৈষ্ণো দেৱী মন্দিৰ পৰিচালনা ব'ৰ্ডে শেহতীয়াকৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক প্ৰসাদ হিচাপে আগবঢ়োৱা হ’ব এটাকৈ  গছপুলি । মাতা বৈষ্ণো দেৱীৰ এই মন্দিৰটো কাশ্মীৰৰ ৰিয়াচি জিলাৰ কাটৰাৰ ত্ৰিকুটা চহৰত অৱস্থিত।জম্মু-কাশ্মীৰৰ মাতা বৈষ্ণো দেৱী মন্দিৰ পৰিচালনা  ব'ৰ্ডৰ এনে সিদ্ধান্ত বহুতে আদৰণি জনাইছে। এতিয়াৰে পৰা  মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক প্ৰসাদ হিচাপে এটা গছপুলি প্ৰদান কৰা হ'ব। 
 
বন বিষয়া  বিনয় খাজুৰিয়াই কয়, "নীহাৰিকা ভৱনত ভক্তসকলক 'প্ৰসাদ'ৰ ৰূপত গছপুলি প্ৰদান কৰা হ’ব  যাতে তেওঁলোক ঘূৰি যোৱাৰ  পিছত  মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদ হিচাপে সেই গছপুলি  তেওঁলোকৰ নিজৰ স্থানত ৰোপণ কৰিব পাৰে।"  এয়া ভক্তসকলৰ বাবে এক মধুৰ স্মৃতি হ’ব বুলিও তেওঁ কয়।  

তেওঁ কয় যে মানুহক অধিক গছ ৰোপণ কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তন তথা  গোলকীয় উষ্ণতাৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যই এনে পদক্ষেপ গ্ৰহণ কৰা বুলি কয়। 

তেওঁ কয়, "অহা কেইদিনমানৰ ভিতৰত, বোৰ্ডে বৈষ্ণো দেৱী তীৰ্থস্থানলৈ অহা তীৰ্থযাত্ৰীসকলক আনুষ্ঠানিকভাৱে 'প্ৰসাদ' হিচাপে গছপুলি দিয়া আৰম্ভ কৰিব।" ভক্তসকলে পুলিবোৰ মাৰ আশীৰ্বাদ হিচাপে লগত লৈ যাব পাৰে। '' 

এই উদ্দেশ্য সফল কৰাৰ বাবে মন্দিৰ পৰিচালনা বোৰ্ডে কাটৰাৰ ওচৰৰ পান্থাল অঞ্চলৰ কুনিয়া গাঁৱত এখন  উচ্চ-প্ৰযুক্তিৰ নাৰ্চাৰী স্থাপন কৰিছে। উল্লেখ্য প্ৰতি বছৰে প্ৰায় এক কোটি তীৰ্থযাত্ৰীয়ে মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যায়।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু