--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জম্মু-কাশ্মীৰৰ মাতা বৈষ্ণো দেৱী মন্দিৰ পৰিচালনা ব'ৰ্ডে শেহতীয়াকৈ এক বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক প্ৰসাদ হিচাপে আগবঢ়োৱা হ’ব এটাকৈ  গছপুলি । মাতা বৈষ্ণো দেৱীৰ এই মন্দিৰটো কাশ্মীৰৰ ৰিয়াচি জিলাৰ কাটৰাৰ ত্ৰিকুটা চহৰত অৱস্থিত।জম্মু-কাশ্মীৰৰ মাতা বৈষ্ণো দেৱী মন্দিৰ পৰিচালনা  ব'ৰ্ডৰ এনে সিদ্ধান্ত বহুতে আদৰণি জনাইছে। এতিয়াৰে পৰা  মন্দিৰলৈ অহা তীৰ্থযাত্ৰীসকলক প্ৰসাদ হিচাপে এটা গছপুলি প্ৰদান কৰা হ'ব। 
 
বন বিষয়া  বিনয় খাজুৰিয়াই কয়, "নীহাৰিকা ভৱনত ভক্তসকলক 'প্ৰসাদ'ৰ ৰূপত গছপুলি প্ৰদান কৰা হ’ব  যাতে তেওঁলোক ঘূৰি যোৱাৰ  পিছত  মাতা বৈষ্ণো দেৱীৰ আশীৰ্বাদ হিচাপে সেই গছপুলি  তেওঁলোকৰ নিজৰ স্থানত ৰোপণ কৰিব পাৰে।"  এয়া ভক্তসকলৰ বাবে এক মধুৰ স্মৃতি হ’ব বুলিও তেওঁ কয়।  

তেওঁ কয় যে মানুহক অধিক গছ ৰোপণ কৰিবলৈ আৰু জলবায়ু পৰিৱৰ্তন তথা  গোলকীয় উষ্ণতাৰ পৰা পৃথিৱীক ৰক্ষা কৰিবলৈ উৎসাহিত কৰাৰ উদ্দেশ্যই এনে পদক্ষেপ গ্ৰহণ কৰা বুলি কয়। 

তেওঁ কয়, "অহা কেইদিনমানৰ ভিতৰত, বোৰ্ডে বৈষ্ণো দেৱী তীৰ্থস্থানলৈ অহা তীৰ্থযাত্ৰীসকলক আনুষ্ঠানিকভাৱে 'প্ৰসাদ' হিচাপে গছপুলি দিয়া আৰম্ভ কৰিব।" ভক্তসকলে পুলিবোৰ মাৰ আশীৰ্বাদ হিচাপে লগত লৈ যাব পাৰে। '' 

এই উদ্দেশ্য সফল কৰাৰ বাবে মন্দিৰ পৰিচালনা বোৰ্ডে কাটৰাৰ ওচৰৰ পান্থাল অঞ্চলৰ কুনিয়া গাঁৱত এখন  উচ্চ-প্ৰযুক্তিৰ নাৰ্চাৰী স্থাপন কৰিছে। উল্লেখ্য প্ৰতি বছৰে প্ৰায় এক কোটি তীৰ্থযাত্ৰীয়ে মাতা বৈষ্ণো দেৱী মন্দিৰলৈ যায়।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ