--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত এইবেলি গৰমে কালান্তক ৰূপ ধাৰণ কৰিব বুলি বিজ্ঞানীসকলে কৈ আহিছে। দেশৰ বিভিন্ন ৰাজ্যত এতিয়া তাপমাত্ৰাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কোনো কোনো ৰাজ্যত তাপমাত্ৰা ৪৭ ডিগ্ৰী পৰ্যন্ত হৈছে।   ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে ঝাৰখণ্ড, ওড়িশা, অসম, গোৱা, ত্ৰিপুৰা আৰু মেঘালয়ত আৰ্দ্ৰ বতৰৰ ভৱিষ্যতবাণী কৰিছে। 

 এই কেইখন ৰাজ্যত আজি ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথাও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশত গ্ৰীষ্ম প্ৰবাহ তীব্ৰতৰ হৈ পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। হাৰিয়ানা, ৰাজস্থান, দিল্লী আৰু উত্তৰ প্ৰদেশত তাপমাত্ৰা অত্যধিক হাৰত বৃদ্ধি পাব বুলি কোৱা হৈছে।  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বিহাৰ আৰু গুজৰাটৰ দৰে ৰাজ্যৰ বাবে কমলা সতৰ্কবাণী জাৰি কৰিছে, আনহাতে ৰাজস্থানৰ বাবে ৰেড এলাৰ্ট  জাৰি কৰা হৈছে। 

 আইএমডিৰ ভৱিষ্যতবাণী অনুসৰি ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আৰু গুজৰাটৰ দৰে ৰাজ্যসমূহত  অনাগত দিনত গ্ৰীষ্ম  প্ৰবাহ অব্যাহত থকাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশৰ আগৰ আৰু ৰাজস্থানৰ বাৰমাৰত  সৰ্বাধিক তাপমাত্ৰা ৪৬.৯ আৰু ৪৬.৫  ডিগ্ৰী চেলচিয়াছ হৈছে।  আনহাতে   নাগালেণ্ড, মণিপুৰ , অন্ধ্ৰ প্ৰদেশ, অসম , মেঘালয়, পুডুচেৰী আৰু নাগালেণ্ড অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু