--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত এইবেলি গৰমে কালান্তক ৰূপ ধাৰণ কৰিব বুলি বিজ্ঞানীসকলে কৈ আহিছে। দেশৰ বিভিন্ন ৰাজ্যত এতিয়া তাপমাত্ৰাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কোনো কোনো ৰাজ্যত তাপমাত্ৰা ৪৭ ডিগ্ৰী পৰ্যন্ত হৈছে।   ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শনিবাৰে ঝাৰখণ্ড, ওড়িশা, অসম, গোৱা, ত্ৰিপুৰা আৰু মেঘালয়ত আৰ্দ্ৰ বতৰৰ ভৱিষ্যতবাণী কৰিছে। 

 এই কেইখন ৰাজ্যত আজি ধুমুহা-বৰষুণ হোৱাৰ সম্ভাৱনাৰ কথাও বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। ইয়াৰ বিপৰীতে উত্তৰ প্ৰদেশত গ্ৰীষ্ম প্ৰবাহ তীব্ৰতৰ হৈ পৰিব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰিছে। হাৰিয়ানা, ৰাজস্থান, দিল্লী আৰু উত্তৰ প্ৰদেশত তাপমাত্ৰা অত্যধিক হাৰত বৃদ্ধি পাব বুলি কোৱা হৈছে।  ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বিহাৰ আৰু গুজৰাটৰ দৰে ৰাজ্যৰ বাবে কমলা সতৰ্কবাণী জাৰি কৰিছে, আনহাতে ৰাজস্থানৰ বাবে ৰেড এলাৰ্ট  জাৰি কৰা হৈছে। 

 আইএমডিৰ ভৱিষ্যতবাণী অনুসৰি ৰাজস্থান, বিহাৰ, ঝাৰখণ্ড আৰু গুজৰাটৰ দৰে ৰাজ্যসমূহত  অনাগত দিনত গ্ৰীষ্ম  প্ৰবাহ অব্যাহত থকাৰ সম্ভাৱনা আছে। উত্তৰ প্ৰদেশৰ আগৰ আৰু ৰাজস্থানৰ বাৰমাৰত  সৰ্বাধিক তাপমাত্ৰা ৪৬.৯ আৰু ৪৬.৫  ডিগ্ৰী চেলচিয়াছ হৈছে।  আনহাতে   নাগালেণ্ড, মণিপুৰ , অন্ধ্ৰ প্ৰদেশ, অসম , মেঘালয়, পুডুচেৰী আৰু নাগালেণ্ড অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ