--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাত্ৰ কেইদিনমান পূৰ্বে এক পথ দুৰ্ঘটনাত মৃত্যু ঘটিছিল জনপ্ৰিয় তেলেগু অভিনেত্ৰী পবিত্ৰাৰ। অভিনেত্ৰীগৰাকীৰ মৃত্যুৰ খবৰ পোৱাৰ পিছৰে পৰা হতাশ হৈ পৰা অভিনেতা  চন্দ্ৰকান্তই আত্মহননৰ পথ বাছি ল’লে।  অভিনেতাজনে শু তেলেংগানাৰ আলকাপুৰত থকা তেওঁৰ বাসগৃহত আত্মহত্যা কৰাৰ খবৰ পোৱা গৈছে। তেওঁৰ মৃত্যুৰ খবৰ তেওঁৰ সহ-অভিনেত্ৰী আৰু ঘনিষ্ঠ বান্ধৱী পবিত্ৰ জয়ৰামৰ এক মটৰ দুৰ্ঘটনাত মৃত্যু হোৱাৰ কেইদিনমান পিছতে আহিছে।

 চন্দ্ৰকান্তৰ  পিতৃয়ে প্ৰকাশ কৰা অনুসৰি অভিনেতাজন যোৱা কেইদিনমান ধৰি হতাশাগ্ৰস্ত হৈ আছিল।  অভিনেতা চন্দ্ৰকান্তৰ আকস্মিক মৃত্যুৰ খৰ এতিয়া মানি ল’ব খোজা নাই তেওঁৰ অনুৰাগীসকলে। তেলেগু অভিনেতাজনক বহুতেই  মৰমেৰে চান্দু বুলি  কৈছিল।  তেওঁৰ মৃত্যুৰ খবৰে অনুৰাগী আৰু মনোৰঞ্জন উদ্যোগক হতবাক কৰি তুলিছে।  অভিনেতাগৰাকীয়ে তেওঁৰ মৃত্যুৰ অলপ আগতে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছিল  এক  আৱেগিক পোষ্ট, চন্দ্ৰকান্তই পোষ্টটোত  আত্মহননৰ  উদ্দেশ্যৰ ইংগিতো দিছিল।  কিন্তু কোনেও সেই ইংগিত ধৰিব নোৱাৰিলে। পবিত্ৰা জয়ৰামৰ জন্মদিনত শ্বেয়াৰ কৰা পোষ্টটোত অভিনেতাজনে লিখিছিল, "নান্না ......  মাত্ৰ ২ দিনৰ বাবে অপেক্ষা কৰা।" অভিনেতা চন্দ্ৰকান্তৰ সৈতে পবিত্ৰাৰ মধুৰ সম্পৰ্ক আছিল। বহুতে তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্খ থকাৰ কথাও আলোচনা কৰিছিল।  সেয়ে অভিনেতাজনে তেওঁ  সহ-অভিনেত্ৰীগৰাকীৰ  জন্মদিনৰ শুভেচ্ছা জনাই তেওঁৰ  পবিত্ৰৰ স্মৃতিত  পোষ্টটো কৰিছিল। 

পোষ্টটো এতিয়া বহুতৰে বাবে হৈ পৰিছে এক হৃদয়বিদারক বিদায় বাৰ্তা ।  চন্দ্ৰকান্তই পবিত্ৰ জয়ৰামক হেৰুওৱাৰ পিছতে  শোকত ভাগি পৰিছিল।  পবিত্ৰাই প্ৰাণ হেৰুওৱা দুৰ্ঘটনাটোৰ সময়ত চন্দ্ৰকান্তও বাহনখনত আছিল। ঘটনাটো চকুৰ সন্মুখতে ঘটি গৈছিল চন্দ্ৰকান্তৰ।   ইমান মৰমৰ কাৰোবাক হেৰুওৱাৰ আঘাতে তীব্ৰ আৱেগিক কৰি তুলিছিল তেওঁক। দুখৰ ভৰ সহিব নোৱাৰিয়েই অভিনেতাগৰাকীয়ে আত্মহননৰ পথ বাছি লোৱা বুলি বহুতে নিশ্চিত হৈছে। 

এক শেহতীয়া সাক্ষাৎকাৰত  চন্দ্ৰকান্তই  প্ৰকাশ কৰিছিল যে তেওঁ আৰু পবিত্ৰাই  বাংগালুৰু ভ্ৰমণৰ পিছত তেওঁলোকৰ সম্পৰ্ক আনুষ্ঠানিক কৰাৰ পৰিকল্পনা কৰিছিল। আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছে আৰু চন্দ্ৰকান্তৰ মৃত্যুৰ পৰিস্থিতিৰ অনুসন্ধান কৰি আছে।  উল্লেখ্য  পবিত্ৰা জয়ৰামে  ১২ মে'ত হায়দৰাবাদত এক পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাইছিল, এখন বাছৰ তেওঁৰ গাড়ীৰ সৈতে সংঘৰ্ষ  হোৱাৰ ফলতে অভিনেত্ৰীগৰাকীৰ মৃত্যু ঘটিছিল। মাৰাত্মক দুৰ্ঘটনাটোৰ সময়ত তেওঁৰ  সৈতে তেওঁৰ ভগ্নী, অপেক্ষা, চালক শ্ৰীকান্ত আৰু চন্দ্ৰকান্ত নিজেও একেখন গাড়ীতে আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ