--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোৰ্খা আৰু হিজাব পৰিধানকলৈ কেৱল ভাৰততে নহয়, বিদেশতো নানান বিতৰ্ক তথা উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈ আহিছে।  এনে সময়তে মায়ানগৰী মুম্বাইত বোৰ্খাক লৈ ঘটিছে এক মাৰাত্মক ঘটনা।  বোৰ্খা পিন্ধিবলৈ অস্বীকাৰ কৰাৰ বাবেই ইকবাল মাহমুদ শ্বেইখে তেওঁৰ পত্নী ৰূপালীক ডিঙি কাটি হত্যা কৰে। 

 হিন্দু  ঘৰৰ ছোৱালী ৰূপালীয়ে ইকবালৰ সৈতে বিয়া হোৱাৰ পিছতো  ইঠলামিক ৰীতি-নীতি অনুসৰণ কৰা নাছিল আৰু বোৰ্খা পিন্ধি নাছিল। তিনি বছৰ আগতে ৰূপালীৰ ইকবালৰ সৈতে প্ৰেম  বিবাহ হৈছিল। কিন্তু ইকবালৰ অত্যাচাৰত অতিষ্ঠ হৈ ৰূপালীয়ে বিবাহ বিচ্ছেদ বিচাৰি আছিল। বিবাহ বিচ্ছেদৰ আগতেই ইকবালে ৰূপালীক  নিৰ্মমভাৱে হত্যা কৰে। 

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ইকবাল শ্বেখে সোমবাৰে নিশা তেওঁৰ পত্নী ৰূপালীক চোকা অস্ত্ৰৰে  আঘাত কৰে। ঘটনাটো মুম্বাইৰ চেম্বুৰ অঞ্চলত সংঘটিত হৈছে। মুম্বাই আৰক্ষীয়ে অভিযুক্ত ইকবালক গ্ৰেপ্তাৰ কৰিছে। বিয়াৰ পিছৰে পৰা ৰূপালীয়ে তিনি বছৰ ধৰি  ইকবাল শ্বেখৰ চেম্বুৰ অঞ্চলত থকা  ঘৰত বাস কৰিছিল। যিহেতু ৰূপালী হিন্দু আছিল আৰু বিয়াৰ পিছতো মুছলমান ৰীতি-নীতি অনুসৰণ কৰা নাছিলসেয়ে  ইকবাল  আৰু তেওঁৰ পৰিয়ালে ৰূপালীৰ  ওপৰত অসন্তুষ্ট হৈ পৰিছিল। ইকবালৰ পৰিয়ালে ৰূপালীক বোৰ্খা পিন্ধিবলৈ হেঁচা দিছিল, কিন্তু তেওঁ সন্মত হোৱা নাছিল। ইয়াকেলৈ ৰূপালীৰ সৈতে স্বামীৰ পৰিয়ালৰ লোকৰ সংঘাত হৈছিল। ইয়াৰ পিছত ৰূপালী আৰু ইকবালে ইজনে সিজনৰ পৰা পৃথকে বাস কৰিবলৈ লৈছিল। দম্পতীহালৰ এটি পুত্ৰ সন্তানো  আছে। 

পৃথকে থাকিলেও দুয়োজনে ফোনত কথা পাতিছিল।  ইকবালে ৰূপালীক ফোনতো  মুছলমান পৰম্পৰা অনুসৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ৰূপালী ইকবালৰ দ্বিতীয় পত্নী আছিল। ইকবালৰ  প্ৰথমা পত্নীৰ সন্তান নাছিল বাবে তেওঁক ইকবালে বিবাহ বিচ্ছেদ দিছিল। অভিযুক্ত ইকবাল শ্বেখে সোমবাৰে সন্ধিয়া চেম্বুৰ অঞ্চলৰ পিএল লোখাণ্ডে ৰোডৰ নাগেৱাড়ীত বাস কৰা ৰূপালীক ফোন কৰিছিল। এই সময়ছোৱাত, বোৰ্খা আৰু অন্যান্য বিষয়কলৈ দুয়োৰে মাজত তৰ্ক হৈছিল।

 এই সন্দৰ্ভত, ৰূপালীয়ে বিবাহ বিচ্ছেদৰ দাবী তুলিছিল। তৰ্ক আৰু বিবাদ বাঢ়ি অহাৰ লগে লগে ইকবালে পকেটৰ পৰা চুৰি এখন উলিয়াই  ৰূপালীৰ ডিঙিত চুৰিখনেৰে আঘাত কৰে।  ফলত ৰূপালীৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে  প্ৰেৰণ কৰে। আৰক্ষীয়ে তৎপৰতাৰে ইকবালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইকবালৰ বিৰুদ্ধে হত্যাৰ  গোচৰ ৰুজু কৰা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement