--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বোৰ্খা আৰু হিজাব পৰিধানকলৈ কেৱল ভাৰততে নহয়, বিদেশতো নানান বিতৰ্ক তথা উত্তপ্ত পৰিবেশৰ সৃষ্টি হৈ আহিছে।  এনে সময়তে মায়ানগৰী মুম্বাইত বোৰ্খাক লৈ ঘটিছে এক মাৰাত্মক ঘটনা।  বোৰ্খা পিন্ধিবলৈ অস্বীকাৰ কৰাৰ বাবেই ইকবাল মাহমুদ শ্বেইখে তেওঁৰ পত্নী ৰূপালীক ডিঙি কাটি হত্যা কৰে। 

 হিন্দু  ঘৰৰ ছোৱালী ৰূপালীয়ে ইকবালৰ সৈতে বিয়া হোৱাৰ পিছতো  ইঠলামিক ৰীতি-নীতি অনুসৰণ কৰা নাছিল আৰু বোৰ্খা পিন্ধি নাছিল। তিনি বছৰ আগতে ৰূপালীৰ ইকবালৰ সৈতে প্ৰেম  বিবাহ হৈছিল। কিন্তু ইকবালৰ অত্যাচাৰত অতিষ্ঠ হৈ ৰূপালীয়ে বিবাহ বিচ্ছেদ বিচাৰি আছিল। বিবাহ বিচ্ছেদৰ আগতেই ইকবালে ৰূপালীক  নিৰ্মমভাৱে হত্যা কৰে। 

আৰক্ষীয়ে জনোৱা অনুসৰি, অভিযুক্ত ইকবাল শ্বেখে সোমবাৰে নিশা তেওঁৰ পত্নী ৰূপালীক চোকা অস্ত্ৰৰে  আঘাত কৰে। ঘটনাটো মুম্বাইৰ চেম্বুৰ অঞ্চলত সংঘটিত হৈছে। মুম্বাই আৰক্ষীয়ে অভিযুক্ত ইকবালক গ্ৰেপ্তাৰ কৰিছে। বিয়াৰ পিছৰে পৰা ৰূপালীয়ে তিনি বছৰ ধৰি  ইকবাল শ্বেখৰ চেম্বুৰ অঞ্চলত থকা  ঘৰত বাস কৰিছিল। যিহেতু ৰূপালী হিন্দু আছিল আৰু বিয়াৰ পিছতো মুছলমান ৰীতি-নীতি অনুসৰণ কৰা নাছিলসেয়ে  ইকবাল  আৰু তেওঁৰ পৰিয়ালে ৰূপালীৰ  ওপৰত অসন্তুষ্ট হৈ পৰিছিল। ইকবালৰ পৰিয়ালে ৰূপালীক বোৰ্খা পিন্ধিবলৈ হেঁচা দিছিল, কিন্তু তেওঁ সন্মত হোৱা নাছিল। ইয়াকেলৈ ৰূপালীৰ সৈতে স্বামীৰ পৰিয়ালৰ লোকৰ সংঘাত হৈছিল। ইয়াৰ পিছত ৰূপালী আৰু ইকবালে ইজনে সিজনৰ পৰা পৃথকে বাস কৰিবলৈ লৈছিল। দম্পতীহালৰ এটি পুত্ৰ সন্তানো  আছে। 

পৃথকে থাকিলেও দুয়োজনে ফোনত কথা পাতিছিল।  ইকবালে ৰূপালীক ফোনতো  মুছলমান পৰম্পৰা অনুসৰণ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল। ৰূপালী ইকবালৰ দ্বিতীয় পত্নী আছিল। ইকবালৰ  প্ৰথমা পত্নীৰ সন্তান নাছিল বাবে তেওঁক ইকবালে বিবাহ বিচ্ছেদ দিছিল। অভিযুক্ত ইকবাল শ্বেখে সোমবাৰে সন্ধিয়া চেম্বুৰ অঞ্চলৰ পিএল লোখাণ্ডে ৰোডৰ নাগেৱাড়ীত বাস কৰা ৰূপালীক ফোন কৰিছিল। এই সময়ছোৱাত, বোৰ্খা আৰু অন্যান্য বিষয়কলৈ দুয়োৰে মাজত তৰ্ক হৈছিল।

 এই সন্দৰ্ভত, ৰূপালীয়ে বিবাহ বিচ্ছেদৰ দাবী তুলিছিল। তৰ্ক আৰু বিবাদ বাঢ়ি অহাৰ লগে লগে ইকবালে পকেটৰ পৰা চুৰি এখন উলিয়াই  ৰূপালীৰ ডিঙিত চুৰিখনেৰে আঘাত কৰে।  ফলত ৰূপালীৰ ঘটনাস্থলীতে মৃত্যু হয়। ঘটনাৰ বিষয়ে জানিব পাৰি স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে। আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ আৰু মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে  প্ৰেৰণ কৰে। আৰক্ষীয়ে তৎপৰতাৰে ইকবালক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইকবালৰ বিৰুদ্ধে হত্যাৰ  গোচৰ ৰুজু কৰা হৈছে। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু