--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্ক: ২০১৬ চনৰ ৮ নৱেম্বৰত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে নিশাটোৰ ভিতৰতে দেশবাসীক হচকিত কৰি ঘোষণা কৰিছিল বিমুদ্ৰাকৰণ নীতি। এই বিমুদ্ৰাকৰণৰ নীতিৰ সমৰ্থনত প্ৰচাৰ কৰা হৈছিল চমক সৃষ্টিকাৰী বহুকেইটা উদ্দেশ্যৰ বিষয়ে। ইয়াৰ অন্যতম এক প্ৰধান উদ্দেশ্য হিচাপে দেখুওৱা হৈছিল ক'লাধনৰ নিয়ন্ত্ৰণ।  কেন্দ্ৰীয় চৰকাৰে বিমুদ্ৰাকৰণৰ সম্ভাৱ্য সাফল্য হিচাপে প্ৰায় ৩-৪ লাখ কোটি টকাৰ ক'লা ধন ওলাই আহিব বুলি তীব্ৰভাৱে প্ৰচাৰ চলাইছিল। পিছে কেন্দ্ৰৰ এই ডাংকোপভৰা প্ৰচাৰৰ পৰিৱৰ্তে মাত্ৰ ১.৩ লাখ কোটি টকাহে ওভতি আহিছিল। বিমুদ্ৰাকৰণৰ উদ্দেশ্য হিচাপে দেখুওৱা আন আন কাৰকসমূহো চূড়ান্তৰূপত ব্যৰ্থ হৈছিল। কাৰ্যত: কেন্দ্ৰ এই বিমুদ্ৰাকৰণ নীতি হঠকাৰী আৰু অবিবেচকী সিদ্ধান্ত হিচাপে প্ৰমাণিত হৈ পৰিছিল। 

ক’লা ধনৰ প্ৰচলন ৰোধৰ বাবে বিমুদ্ৰাকৰণৰ প্ৰয়োজনীয়তাৰ বিষয়ে ঢাক-ঢোল কোবাই প্ৰচাৰ কৰা কেন্দ্ৰীয় চৰকাৰৰ এই বিমুদ্ৰাকৰণ নীতিৰ আন এক কেৰোণ সম্প্ৰতি পোহৰলৈ আহিছে। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি বিমুদ্ৰাকৰণৰ সময়ত দেশত নতুনকৈ প্ৰচলন ঘটোৱা ৫০০ আৰু ২০০০ নোটৰ মুঠ ৯.২১ লাখ কোটি টকা হঠাতে লুপ্ত হৈ পৰিছে। এই বৃহৎ পৰিমাণৰ টকা ক'ত লুকাই আছে তাৰ কোনো হিচাপ নাই খোদ ৰিজাৰ্ভ বেংকৰ হাততে।

২০১৬-১৭ বৰ্ষৰ পৰা শেহতীয়া ২০২১-২২ বৰ্ষলৈ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ বাৰ্ষিক প্ৰতিবেদনত বিমুদ্ৰাকৰণৰ পিছৰ পৰা ৰিজাৰ্ভ বেংকে ৫০০ আৰু ২০০০ টকীয়া মুঠ ৬,৮৪৯ কোটি মুদ্ৰা নোট মুদ্ৰণ কৰা হৈছে বুলি হিচাপ দেখুওৱাইছে। ইয়াৰে ১,৬৮০ কোটিতকৈও অধিক মুদ্ৰা নোট প্ৰচলনৰ পিছৰে পৰা নাইকিয়া হৈ পৰিছে। এই হেৰুওৱা নোটসমূহৰ মূল্য ৯.২১ লাখ কোটি টকা হ’ব বুলি জানিব পৰা গৈছে।

দেশত প্ৰচলিত নিয়মানুসৰি, যদি কোনো ধনৰাশিৰ ওপৰত কৰ পৰিশোধ কৰা নহয়, তেনে ধনৰাশিক ক'লা ধন হিচাপে গণ্য কৰা হয়। গতিকে এতিয়া দেশত প্ৰচলনৰ আঁৰত থকা এই ৯.২১ লাখ কোটি টকাকো একপ্ৰকাৰে ক’লাধন হিচাপে বিবেচিত হোৱাৰ থল আছে। অৱশ্যে ইয়াৰে কিছু পৰিমাণৰ ধনৰাশি দেশৰ জনগণে স্বগৃহত জমা কৰা সঞ্চয়ৰো অন্তৰ্ভুক্ত থাকিব পাৰে। কিন্তু শেহতীয়াকৈ দেশৰ বিভিন্ন প্ৰান্তত তদন্তকাৰী সংস্থাৰ অভিযানত উদ্ধাৰ হোৱা বৃহৎ পৰিমাণৰ ক'লা ধনৰ ৯৫% তকৈও অধিক আছিল ৫০০ আৰু ২,০০০ টকাৰ নোট। 

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ সূত্ৰই  দেশত প্ৰচলন হৈ থকা অৱস্থাৰ পৰা হঠাতে নাইকিয়া হৈ পৰা এই বৃহৎ ধনৰাশিক আনুষ্ঠানিকভাৱে ক'লা ধন বুলি ক’বলৈ অস্বীকাৰ কৰিলেও ইয়াৰ এক বৃহৎ অংশ ক'লা ধন হোৱাৰ সম্ভাৱনাই অধিক বুলি স্বীকাৰ কৰিছে। ৰিজাৰ্ভ বেংকৰ এই সূত্ৰটোৱে ক'লা ধন জমা কৰাত আটাইতকৈ বেছি পৰিমাণে  ডাঙৰ মূল্যৰ নোট, অৰ্থাৎ ৫০০ আৰু ২০০০ টকীয়া নোট ব্যৱহৃত হৈছে বুলি দাবী কৰিছে। সূত্ৰটোৰ এই দাবীৰ পাছতে ২০১৯ চনৰ পৰাই দেশত ২০০০ টকীয়া নোটৰ মুদ্ৰণ বন্ধ হোৱাৰ সম্ভাৱনা গাঢ় হৈ পৰিছে। 

ইফালে এই তথ্য প্ৰকাশ পোৱা প্ৰতিবেদনটোত উল্লেখ কৰা হৈছে যে দেশৰ অৰ্থনৈতিক বিশেষজ্ঞসকলে দেশৰ জনসাধাৰণে স্বগৃহত জমা কৰা এনে নগদ ধন মুঠ ক'লা ধনৰ মাত্ৰ ২ বা ৩ শতাংশহে হ’ব বুলি দাবী কৰিছে। এনে পৰিস্থিতিত এতিয়া লুপ্ত হোৱা এই ৯.২১ লাখ কোটি টকা ক’লা ধন হোৱাটো প্ৰায় নিশ্চিত হৈ পৰিছে। 

২০১৮ চনত প্ৰকাশিত এক প্ৰতিবেদনত চুইছ বেংকত জমা কৰা ভাৰতীয় লোকৰ ক'লা ধনৰ পৰিমাণ ৩০০ লাখ কোটি টকা হ’ব বুলি দাবী কৰা হৈছিল। ভাৰতত প্ৰচলনৰ পৰা হঠাতে নাইকিয়া হৈ পৰা এই ৯.২১ লাখ কোটি টকাও এনেদৰেই দেশৰ বাহিৰত জমা কৰা হৈছে বুলি সন্দেহ কৰিছে অৰ্থনৈতিক বিশেষজ্ঞ সকলে। এক কথাত বিমুদ্ৰাকৰণৰ দৰে চমক সৃষ্টিকাৰী হঠকাৰী নীতিৰ জৰিয়তে কেন্দ্ৰৰ বিজেপি চৰকাৰে যি  সফলতাৰ ঢাক-ঢোল কোবাইছিল, শেহতীয়া এই প্ৰতিবেদনে পুনৰ এবাৰ চৰকাৰৰ এই নীতিৰ বিফলতাক উদঙাই দেখুওৱাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু