--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এখন ছৱিৰ  শ্বুটিঙৰ সময়ত চেটত হঠাতে বোমা বিস্ফোৰণ ঘটাৰ ফলত  গুৰুতৰভাৱে আহত হৈছে বলীউডৰ অভিনেতা সঞ্জয় দত্ত। বাংগালুৰুৰ আশে-পাশে থকা অঞ্চলত ‘কে ডি’ নামৰ কানাড়া ছবিখনৰ শ্বুটিং চলি আছিল।

শ্বুটিঙৰ সময়ত হঠাতে বোমা বিস্ফোৰণ ঘটে। বিস্ফোৰণত আহত হয় সঞ্জু বাবা। খবৰ অনুসৰি অভিনেতাজনৰ হাত, কঁকাল আৰু মুখত আঘাতপ্ৰাপ্ত হৈছে। বন্ধ কৰি দিয়া হৈছে ছবিখনৰ শ্বুটিং।

উল্লেখ্য যে সঞ্জয় দত্তই ‘কে ডি’ ছবিখনৰ জৰিয়তে সৰ্বভাৰতীয় পৰ্যায়ত ভৰি দিবলৈ ওলাইছে। অভিনেতাজনে ছবিখনৰ বাবে একচন ছিকুৱেন্সৰ শ্বুটিং কৰি আছিল। ফাইট মাষ্টাৰ ৰবি ভাৰ্মাৰ উপস্থিতিত দৃশ্যটোৰ শ্বুটিং চলি আছিল। তেনেসময়তে শ্বুটিং চেটত এটা বোমা বিস্ফোৰণ ঘটে।

বাংগালুৰুৰ সমীপৰ মাগৰী ৰোড এলেকাত এই বিস্ফোৰণৰ খবৰ পোৱা গৈছে। অভিনেতাজন আঘাতপ্ৰাপ্ত হোৱাৰ পিছতে ছবিখনৰ শ্বুটিং বন্ধ কৰি দিয়া হয়।

শেহতীয়াকৈ পোৱা খবৰমতে, এতিয়া ভালেই আছে অভিনেতাজন। অৱশ্যে তেওঁ সম্পূৰ্ণ সুস্থ নোহোৱালৈকে শ্বুটিং বন্ধ কৰা হ’ব বুলি জানিব পৰা গৈছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস