--°C
Loading...
Listen to Article
2 min read
80%

ল'ৰাটোৱে পৃথিৱীৰ পোহৰ দেখিবলৈ তেতিয়াও তিনি মাহ বাকী। দুৰ্ভাগ্যবশতঃ মাতৃ গৰ্ভতেই পিতৃহাৰা হ'ল ল'ৰাজন। এফালে নৱজাতকক আদৰাৰ প্ৰস্তুতি, আনফালে নিজৰ মানুহজন হেৰাই যোৱাৰ দুঃসহ জ্বালা। ইয়াতকৈ বেদনা আন কিবা থাকিব পাৰেনে? মাতৃগৰাকীয়ে বুকুত এসাগৰ বিষাদ লৈয়ে জন্ম দিলে ল'ৰাজনক। সেয়া আছিল ১৯৫৯ চনৰ ২ ডিচেম্বৰৰ কথা। মুম্বাইত জন্মগ্ৰহণ কৰা কণমানিটোৱে যেন সংগ্ৰাম-সংঘৰ্ষক মাতৃ গৰ্ভত থাকোতেই লগৰী কৰি লৈ আনিছিল। বহু কষ্টেৰে মাকে অকলেই পিতৃ-মাতৃৰ দায়িত্ব পালন কৰি শিশুটিক মানুহ ৰূপে গঢ় দিয়াৰ চেষ্টাত ব্ৰতী হ'ল। সময়ত তাক স্কুলত নাম লগাই দিলে মাকে। স্কুলত আটাইতকৈ ভোটা বুদ্ধিৰ ছাত্ৰ হিচাপে সি চিহ্নিত হ'ল।

ইফালে ল'ৰাজনক শৈশৱতে এটা ৰোগে পিষ্ট কৰিলে, যাৰ বাবে সি কথাবোৰ ভালদৰে ফুটাই ক'ব নোৱাৰে, শব্দৰ উচ্চাৰণত বাৰে বাৰে উজুটি খায় আৰু বানানবোৰো চিনাক্ত কৰাত বিমোৰত পৰে। তাৰ মুখত কথাবোৰ ভালদৰে নুফুটে বাবে লগৰবোৰে জোকাইছিল 'তোতলা' বুলি। অৱশেষত বহু চিকিৎসাৰ অন্ততহে ল'ৰাজনে এই ৰোগৰ পৰা নিস্তাৰ পাইছিল। দিনবোৰ বাগৰি গৈ থাকিল। মাকৰ কষ্ট দেখি তাৰ মনত সদায় এটা কথাই খেলাইছিল..''কেতিয়া বাৰু মাৰ ওঁঠত মই হাঁহি জিলিকাব পাৰিম''..কেতিয়া বাৰু সমাজৰ আগত মায়ে মোক দেখুৱাই ক'ব পাৰিব-'চোৱা এইটো মোৰ ল'ৰা।'' ঘৰখনক আৰ্থিক সকাহ দিবৰ বাবে সি যেতিয়াই যি পাৰে সেই কাম কৰিবলৈ ল'লে। এটা সময়ত ল'ৰাজনে মুম্বাইৰ মিঠীবাঈ কলেজত ৱেটাৰ হোৱাৰ বাবে ৬ মহীয়া প্ৰশিক্ষণ গ্ৰহণ কৰিলে। প্ৰশিক্ষণৰ অন্তত সি যোগদান কৰিলে 'তাজমহল পেলেচ এণ্ড টাৱাৰ' নামৰ এখন হোটেলত। ৱেটাৰ হিচাপে দিন-ৰাতি পৰিশ্ৰম কৰে লৰাজনে। দুই বছৰ ৱেটাৰ হিচাপে কাম কৰাৰ পাছত সি ঘৰলৈ ঘূৰি আহে। ঘৰত পূৰ্বৰে পৰা আছিল বেকাৰীৰ এখন তেনেই সৰু দোকান। দেউতাকৰ মৃত্যুৰ পিছত দোকানখন মাকে চলাইছিল। ঘৰলৈ আহি ল'ৰাজনে দোকানখনৰ দায়িত্ব কান্ধ পাতি ল'লে।

ল'ৰাটোৱে চিনেমা চাই খুব ভাল পাইছিল, সেয়েহে দিনটোৰ কামৰ অন্তত অলপ মানসিক শান্তি আৰু মনোৰঞ্জনৰ বাবে সি চিনেমা চাইছিল টিভিত অথবা হলত। ইতিমধ্যে ল'ৰাটো হৈছিলগৈ ৩২ বছৰীয়া গজগজীয়া ডেকা। এটা চিন্তাই সদায় তাৰ মনত তাৰ মূৰত বাহ লৈছিল.. 'মই কি সদায় এনেদৰে থাকি যাম'.. 'মই মোৰ নিজা পৰিচয় এটা কেতিয়া গঢ়ি তুলিব পাৰিম…মোক এটা পৰিচয় লাগে।' এই পৰিচয় গঢ়ি তোলাৰ চিন্তাই ল'ৰাজনক অন্য সৃষ্টিমূলক কাম কৰিবলৈ উদগণি যোগালে। ১৯৮৫ চনত সি PENTAX KIOO মডেলৰ এটা কেমেৰা কিনি ঘৰলৈ আনে। কেমেৰাটোৰ দাম আছিল ২৭০০ টকা। এই কেমেৰাটোৰে সি ফটোগ্ৰাফী কৰিবলৈ ল'লে। যিবোৰ ফটো ল'ৰাটোৱে বিক্ৰী কৰে মাত্ৰ ২০-৩০ টকাত। সি ভাবে টকা ডাঙৰ কথা নহয়, মোৰ মনৰ চখটো যে পূৰণ হৈছে সেয়াই বহুত ডাঙৰ কথা। ১৯৯১ চনৰ 'ৱৰ্ল্ড বক্সিং চেম্পিয়নশ্বিপ'ত ফটোগ্ৰাফী কৰি ল'ৰাটোৱে নাম আৰু টকা দুয়োটাই অৰ্জন কৰিবলৈ সক্ষম হ'ল। আনফালে ল'ৰাটোৰ নতুনকৈ প্ৰেম হ'ল অভিনয়ৰ লগত। অভিনয় শিকাৰ মানসেৰে হংসৰাজ ছিদ্দিকীৰ ওচৰত ১৯৮১-৮৩ চনলৈকে প্ৰশিক্ষণ লয়।

অভিনয় শিকি বুজি উঠি থিয়েটাৰ,নাটক আদিত সি অভিনয় কৰিবলৈ ল'লে। লাহেকৈ ভৰি দিলে বিজ্ঞাপন জগতত। ফাণ্টা, চিয়েট, ক্ৰেকজেক আদি বিজ্ঞাপনত ভাগ লৈ সি দেখুৱালে অভিনয় দক্ষতা। লৰাজনৰ অভিনয় প্ৰতিভা চিনি উলিয়ালে বলীউডৰ বিখ্যাত প্ৰযোজক বিধু বিনোদ চোপ্ৰাই। এদিন প্ৰযোজক চোপ্ৰাই ল'ৰাজনক মাতি আনি এখন চিনেমাৰ বাবে চহী কৰোৱায় আৰু হাতত তুলি দিয়ে ২ লাখ টকাৰ অগ্ৰিম ধনৰ এখন চে'ক। সেই সময়ত ল'ৰাজনৰ অৱস্থা কি হ'ব পাৰে এবাৰ কল্পনা কৰকচোন। ২০০৩ চনত বলীউডত মুক্তি লাভ কৰে বিধু বিনোদ চোপ্ৰা প্ৰযোজিত আৰু ৰাজকুমাৰ হিৰাণী পৰিচালিত চিনেমা 'মুন্নাভাই এম বি বি এছ'-এ। মুক্তিৰ লগে লগে এই চিনেমাখনে লাভ কৰিলে অপাৰ জনপ্ৰিয়তা। বলীউডৰ সৰ্বকালৰ জনপ্ৰিয় চিনেমাৰ তালিকাত এতিয়াও নাম অক্ষুণ্ণ আছে এই চিনেমাখনৰ।

'মুন্নাভাই এম বি বি এছ'-ত 'ডঃ জে চি আস্থানা চৰিত্ৰত বোমন ইৰাণী

'মুন্নাভাই এম বি বি এছ'-ত 'ডঃ জে চি আস্থানা' নামৰ এক গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰে নতুন অভিনেতাজনে। 'মামু' নামেৰে জনপ্ৰিয় হৈ উঠে তেওঁ। অতপৰে কাৰ কথানো কৈ আছিলো এতিয়া নিশ্চয়কৈ বুজিব পাৰিছে নহয় জানো। তেওঁ আন কোনো নহয়..তেওঁ বোমন ইৰাণী। জীৱনৰ প্ৰথমখন চিনেমাতে অভিনয়েৰে তোলপাৰ লগালে বোমনে। ইয়াৰ পিছৰখিনি মাথোঁ ইতিহাস। প্ৰস্তাৱ আহিল ইখনৰ পিছত সিখন ছবিৰ। মুন্নাভাই এম বি বি এছ-ৰ পাছত আহিল লগে ৰহ' মুন্নাভাই, থ্ৰী ইডিয়টছ, ডন, ডন-২, ন' এন্ট্ৰী, ককটেইল, হনীমুন প্ৰাইভেটছ লিমিটেড, পেজ থ্ৰী, হাউচফুল, হাউচফুল-২, খোচলা কা ঘোচলা, ৱক্ত, বীৰজাৰ, দ'স্তানা, লক্ষ্য আদি। অনেক জনপ্ৰিয় চিনেমাত অভিনয় কৰি বোমন ইৰাণীয়ে বলীউডৰ আগশাৰীৰ অভিনেতাৰ তালিকাত নিজৰ নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হ'ল।

আৰু পঢ়কঃ এটা যুগৰো অধিক কাল তেওঁ ৰৈ আছিল সুযোগৰ বাবে, এতিয়া সফলতাই তেওঁক খেদি ফুৰে…

সেই যে এটা সময়ত নিজৰ পৰিচয় এটা গঢ়িব বিচাৰিছল ল'ৰাজনে, সেয়া সময়ত প্ৰতিপন্নও কৰিলে। বিভিন্ন বঁটা-বাহনেৰে আলোকিত এতিয়া তেওঁৰ জীৱন। কথা ক'ব নোৱাৰা বাবে এটা সময়ত লগৰীয়াবোৰে তেওঁক 'তোতলা' বুলি জোকাইছিল, সেই কণ্ঠই এতিয়া বিয়পি পৰিল সৰ্বত্ৰে। মানুহজনক নেদেখাকৈয়ে মাতটো দূৰৰ পৰা ভাঁহি আহিলেও চিনি উলিয়াব পাৰি সেয়া বোমন ইৰাণীৰ মাত। ৱেটাৰৰ পৰা এক্টৰ হোৱা বোমন ইৰাণীয়ে আমাক এটা কথাই শিকালে….মানুহে নোৱাৰা কাম কি আছে এই দুনীয়াত!


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু