--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ছবিগৃহ খোলাৰ লগে লগে এক চিনাকি ৰূপত বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। প্ৰত্যাশা অনুসৰিয়েই 'সূৰ্যবংশী' চাবলৈ হেতা-ওপৰা লাগিছে চলচিত্ৰ প্ৰেমীৰ। প্ৰতিটো শ্ব’তে হৈছে হাউছফুল। আহ্লাদিত অক্ষয়-কেটৰিনা। অক্ষয়-কেটৰিনা অভিনীত এই ছবিখন ৫ নৱেম্বৰত মুক্তি পাইছিল। কেবল মাত্ৰ ৫ দিনতে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে 'সূৰ্যবংশী'-এ। ৫টা দিনতে ১০০ কোটিৰ ঘৰ চুলেহি 'সূৰ্যবংশী'-এ। এই ছবিখনৰ জৰিয়তে অক্ষয় কুমাৰে বক্স অফিছত তেওঁৰ ১৫সংখ্যক শতক অৰ্জন কৰি ছলমান খানৰে দিছে টক্কৰ। সৰ্বাধিক উপাৰ্জনকাৰী চলচিত্ৰৰ ভিতৰত অক্ষয় আৰু ছলমানে হৈ পৰিছে সৰ্বেসৰ্বা। ছলমানৰ আগন্তুক ছবিখনেও সাফল্যৰ হাঁহি মাৰিব বুলি অনুৰাগীয়ে আশা কৰিছে।


‘সূৰ্যবংশী’ ছবিৰ জৰিয়তে দ্ৰুত বেগে ১০০ কোটিৰ ঘৰ স্পৰ্শ কৰিছে অক্ষয় কুমাৰে।এয়া তেওঁৰ অভিনয় জীৱনৰ অভিলেখ। প্ৰথম পাঁচটা দিনত ছবিখনে যথেষ্ট ভাল ব্যৱসায় কৰিছে। ২০১৯চন, পৰিস্থিতি যেতিয়া সম্পূৰ্ণ স্বাভাৱিক আছিল, যিটো সময়ত ক’ৰ’নাৰ কোনো নাম গোন্ধেই নাছিল। তেতিয়াই অক্ষয়ে প্ৰকৃত খেল দেখুৱাইছিল। ‘হাউছফু-৪’; ‘গুড নিউজ’; ‘মিছন মংগল’ৰ দৰে চলচ্চিত্ৰৰ টাৰ্ণ অ'ভাৰ আছিল ২০০ কোটি টকা। একেটা বছৰতে, ‘কেশৰী’ ছবিখনে ১৫০ কোটিৰ ক্লাৱত উপনীত হৈছিল। সেইবাবে ২০১৯ বৰ্ষটো অক্ষয়ৰ কেৰিয়াৰৰ অন্যতম উল্লেখনীয় বৰ্ষ হিচাপে পৰিগণিত হৈ আহিছে।চলচ্চিত্ৰ বিশেষজ্ঞসকলৰ মতে, ‘সূৰ্যবংশী’-এ অতি শীঘ্ৰেই ‘কেশৰী’ৰ অভিলেখ ভংগ কৰিব। ব্যৱসায়িক দিশৰ পৰা অক্ষয়ৰ শীৰ্ষ ৫ খন চলচ্চিত্ৰৰ ভিতৰত ‘সূৰ্যবংশী’ৰ নামো অন্তৰ্ভুক্ত হোৱাৰ দিশে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement