--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ 'বাহুবলী'ৰ যোগেদি অনুৰাগীৰ মণিকূটত নিগাজী আসন দখল কৰিছিল জনপ্ৰিয় অভিনেতা প্ৰভাসে।জনপ্ৰিয়তাৰ শিখৰ চুৱা ‘বাহুবলী’ৰ পাছৰ পৰাই প্ৰভাসৰ নতুন ছবিৰ বাবে অন্তহীন আগ্ৰহেৰে অপেক্ষা কৰি থাকে অনুৰাগীয়ে। প্ৰভাসৰ নতুন ছবি 'ৰাধে শ্যাম'ৰ মুক্তিৰ দিন গণনা ইতিমধ্যে আৰম্ভ হৈছে। কিন্তু অনুৰাগীয়ে প্ৰভাসৰ নতুন কামৰ যেন কোনো খবৰে পোৱা নাই। ফলত এগৰাকী প্ৰভাস অনুৰাগীয়ে ঘটালে অঘটন। প্ৰিয় অভিনেতাজনৰ নতুন ছবিৰ খবৰ নোপোৱাত ৰুষ্ট হৈ পৰিল অনুৰাগী। হতাশৰ কবলত পৰা অনুৰাগীয়ে বাচি ল’লে চৰম পথ!ছবিৰ আপডেট নপাই অনুৰাগীয়ে লিখি থৈ যোৱা ছুইচাইড নোটে এতিয়া সৰ্বত্ৰে খলকনি তুলিছে।

টোকাটোত উল্লেখ থকা অনুসৰি, ‘ইউভি ক্ৰিয়েশ্যন’ দল আৰু চলচ্চিত্ৰখনৰ পৰিচালক ৰাধাকৃষ্ণক তেওঁৰ আত্মহত্যাৰ বাবে দোষাৰোপ কৰিছে। ছবি নিৰ্মাতাই বহু দিন ধৰি ছবিখনক লৈ কোনো ধৰণৰ আপডেট নিদিয়া বুলিও দাবী কৰিছে এইগৰাকী অনুৰাগীয়ে। ইয়াৰ পূৰ্বে তেওঁ কোনদিনে এইদৰে চিঠি লেখা নাছিল,কেবল এখন ছবিৰ বাবে ছুইচাইড নোট লিখিবলৈ কলমত হাতত তুলি লোৱা বুলিও মন্তব্য কৰিছে ব্যক্তিজনে।

ইয়াৰোপৰি সামাজিক মাধ্যমতো ছবিখনক লৈ এটা পোষ্ট লিখিছিল ব্যক্তিজনে। পোষ্টটোত তেওঁ কয়, ‘বহু দিনৰ পৰাই প্ৰভাসৰ ছবিৰ অপেক্ষাত আছো। কিন্তু ছবি নিৰ্মাতাই মোৰ কথাক কাণ সৰালি দিলে।’ ইয়াৰ পাছত প্ৰভাস অভিনীত এখন ছবিৰ সংলাপ উল্লেখ কৰি কয়, ‘যথেষ্ট হৈছে,আৰু কোনো প্ৰশ্ন নাই।’
অৱশ্যে, ‘ৰাধে শ্যাম’ ছবিখনৰ মুক্তিৰ বাবে যো-জা চলিছে। প্ৰায় ৩৫০ কোটি বাজেটৰ এই ছবিখনত প্ৰভাসৰ বিপৰীতে আছে পূজা হেগড়ে। ছবিখন আগন্তুক বৰ্ষৰ জানুৱাৰীত মুক্তি পাব বুলি জানিবলৈ দিছে ছবি নিৰ্মাতাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ