--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰকাশীৰ ছিল্কয়াৰা সুৰংগত আবদ্ধ হৈ থকা ৪১ জন শ্ৰমিকক উদ্ধাৰ কৰা হৈছে। ১৭ দিনৰ অন্তত বাহিৰৰ পোহৰ দেখিলে শ্ৰমিকসকলে। এই খবৰে সকলোকে সকাহ দিছে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে এই অভিযানত নিয়োজিত সমগ্ৰ উদ্ধাৰকাৰী দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। 

তেওঁ কয় যে শ্ৰমিকসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ মুখত যি সুখ দেখা পাইছে সেয়া তেওঁৰ বাবে আটাইতকৈ ডাঙৰ প্ৰেৰণা। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে কয় যে ''বৌখনাথ দেৱতাৰ আশীৰ্বাদ আৰু উদ্ধাৰকাৰী দলৰ তৎপৰতা, প্ৰযুক্তিৰ সহায়, সুৰংগৰ ভিতৰত আবদ্ধ শ্ৰমিকৰ সাহস, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিটো মুহূৰ্তৰ নিৰীক্ষণে এই অভিযান সফল কৰি তুলিলে।''  প্ৰয়োজন হ’লে শ্ৰমিকসকলক উচ্চমানৰ চিকিৎসা সা-সুবিধা প্ৰদানৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ।

মুখ্যমন্ত্ৰীয়ে কয় যে ''এই দিনটো মোৰ বাবে অতি সুখৰ দিন। আজি ময়ো শ্ৰমিক ভাই আৰু তেওঁলোকৰ পৰিয়ালৰ সমানেই সুখী অনুভৱ কৰিছো। তেওঁ কয় যে উদ্ধাৰ অভিযানৰ সৈতে জড়িত প্ৰতিজন সদস্যৰ প্ৰতি মই আন্তৰিক কৃতজ্ঞতা প্ৰকাশ কৰিছো।''

তেওঁ কয় যে আমাৰ ভগৱান বৌখনাথ সৰ্প দেৱতাৰ ওপৰত বিশ্বাস আছে। এই অভিযানত বিশ্বমানৰ প্রযুক্তি আৰু বিশেষজ্ঞসকল নিয়োজিত হৈ আছে৷ প্ৰধানমন্ত্ৰীয়ে এই অভিযান মুহূৰ্তৰ পৰা মুহূৰ্তলৈ নিৰীক্ষণ কৰিছিল। তেওঁৰ নিৰ্দেশনাত উৎকৃষ্ট সমন্বয়ে অসম্ভৱক সম্ভৱলৈ ৰূপান্তৰিত কৰিলে। লগতে অভিযানৰ সৈতে জড়িত প্ৰতিজন সদস্যৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিলো।

মুখ্যমন্ত্ৰী ধামীয়ে লগতে কয় যে ''এই উদ্ধাৰ অভিযানত গোৰখপুৰ আৰু দিল্লী জাল ব’ৰ্ডৰ লোকসকলে ডাঙৰ অৱদান আগবঢ়াইছে। সুৰংগটোত শ্ৰমিকসকল আবদ্ধ হৈ পৰাৰ পিছত আগৰ দিনবোৰত কিছু চিন্তাৰ সৃষ্টি হৈছিল যদিও পি এম মোদীৰ নেতৃত্বত যেতিয়া সকলো সংস্থাই এই অভিযানত জড়িত হ’ল, তেতিয়া আমি আমাৰ শ্ৰমিক ভাইসকলক উদ্ধাৰ কৰিব পাৰিম বুলি আত্মবিশ্বাসী আছিলো।''

মুখ্যমন্ত্ৰীয়ে কয়, ''এতিয়া যিসকল শ্ৰমিকক উদ্ধাৰ কৰা হৈছে তেওঁলোকক চিকিৎসাৰ তত্বাৱধানত ৰখা হ’ব। ইয়াৰ সমান্তৰালকৈ এই স্থানৰ সমীপতে বাবা বৌখনাথৰ মন্দিৰ নিৰ্মাণ কৰা হ’ব। উত্তৰাখণ্ডত চলি থকা সকলো সুৰংগ কামৰ মানদণ্ডৰ পৰ্যালোচনা কৰা হ’ব। অৱশ্যে ভাৰত চৰকাৰেও ইয়াৰ অডিটৰ বাবে অনুৰোধ জনাইছে।''

উল্লেখ্য যে  শ্ৰমিকসকল আবদ্ধ হৈ থকা সুৰংগটোৰ ঠিক বাহিৰত আছে বাবা বৌখনাথৰ মন্দিৰ। সুৰংগ নিৰ্মাণৰ কাম আৰম্ভ হোৱাৰ লগে লগে মন্দিৰটো সেই স্থানৰ পৰা আঁতৰাই সুৰংগটোৰ ভিতৰৰ এটা চুকত স্থাপন কৰা হৈছিল। অৱশ্যে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ লগে লগে বাবা ক্ষোভিত হোৱা বুলি ভাবি মন্দিৰ পুনৰ পূৰ্বৰ স্থানত প্ৰতিষ্ঠা কৰা হয়। বাবা বৌখনাথ ছিল্কয়াৰাকে ধৰি অঞ্চলটোৰ তিনিটা ক্ষেত্ৰৰ ইষ্ট দেৱতা বুলি বিশ্বাস কৰে স্থানীয় জনতাই। মন্দিৰৰ ভিতৰত ভগৱান নাগৰাজৰ প্ৰতিমূৰ্তি আছে। এই অঞ্চলৰ ৰক্ষক বাবা বৌখনাথ বুলি বিশ্বাস কৰা হয়। সেয়েহে সুৰংগৰ বাহিৰত বাবাৰ নামত এটি মন্দিৰ প্ৰতিষ্ঠা কৰিব উত্তৰাখণ্ড চৰকাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
শুক্ৰ গ্ৰহৰ স্থিতি শক্তিশালী কৰিব এই ৪ জোপা উদ্ভিদে; সমৃদ্ধিৰ লগতে লাভ কৰিব দেৱী লক্ষ্মীৰ কৃপা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement