--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ দিনৰ অন্তত উত্তৰাখণ্ডৰ ছিল্কিয়াৰা সুৰংগৰ পৰা নিৰাপদে উলিয়াই অনা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনৰ সিপাৰে থকা গৰাকীৰ নামটো সোধাত তেওঁ যুৱ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডৰ ছাবা আহমেদ বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে ছাবা আহমেদক কয় যে ''মই মোৰ টেলিফোনটো স্পীকাৰত ৰাখিছো, যাতে মোৰ লগত বহি থকা লোকসকলেও আপোনাৰ কথা শুনিব পাৰে।''

প্ৰধানমন্ত্ৰী মোদীয়ে ছাবা আহমেদক কয় যে ''ইমান সংকটৰ পাছতো শ্ৰমিকসকলক উলিয়াই আনিব পৰাৰ বাবে প্ৰথমে আপোনাক আৰু আপোনাৰ সকলো সহকৰ্মীক অভিনন্দন জনাইছো। এইটো মোৰ বাবে বৰ সুখৰ বিষয়। শব্দৰে বৰ্ণনা কৰিব নোৱাৰো। কেদাৰনাথ বাবা আৰু ভগৱান বদ্ৰিনাথৰ কৃপাত আপোনালোক সকলো নিৰাপদে ওলাই আহিছে।''

মোদীয়ে কয় যে ''১৬-১৭ দিনৰ সময় কম সময় নহয়। আপোনালোকে বৰ সাহস দেখুৱালে। ইজনে সিজনৰ মনোবল বৃদ্ধি কৰি ৰাখিলে। এইটোৱেই আটাইতকৈ ডাঙৰ কথা। আপোনালোকৰ ইমান ধৈৰ্য্য আছিল। মই অনবৰতে তথ্য বিচাৰি আছিলো। মুখ্যমন্ত্ৰীৰ সৈতেও অহৰহ যোগাযোগত আছিলো। মোৰ পিএমঅ’ বিষয়াসকল আহি বহিছিল।''

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ''আগতে আমাৰ হাতত তথ্য আছিল, কিন্তু আমাৰ চিন্তা কমা নাছিল। তথ্যই সমাধান নিদিয়ে। সুৰংগত সোমাই থকা সকলো শ্ৰমিকৰে পৰিয়ালে পূণ্য কৰি থৈছে, যাৰবাবে এই সংকটৰ সময়ৰ পৰা শ্ৰমিকসকল ওলাই আহিব পাৰিছে।''

প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি থাকোঁতে ছাবা আহমেদে কয় যে ''আমি ইমান দিন সুৰংগটোত আবদ্ধ হৈ আছিলো যদিও আমি কোনো দুৰ্বলতা বা কোনো ধৰণৰ অস্থিৰতা অনুভৱ কৰা নাছিলো। সুৰংগৰ ভিতৰত আমাৰ লগত বিপদজনক একো নহ’ল। তাত ৪১ জন মানুহ আছিলোঁ, সকলোৱে ভাইৰ দৰে জীয়াই আছিলো। কাৰোবাৰ কিবা হ’লে আমি একেলগ হৈ আছিলো৷ কাৰো কোনো সমস্যাৰ সৃষ্টি হোৱা নাছিল।''

ছাবা আহমেদে লগতে কৈছিল যে খাদ্য আহিলে আমি একেলগে বহি এঠাইত খাইছিলোঁ। ৰাতিৰ আহাৰ খোৱাৰ পাছত আমি সকলোৱে একেলগে খোজ কাঢ়িছিলো। সুৰংগ লেনখন ডেৰ-দুই কিলোমিটাৰ দীঘল আছিল, আমি তাত খোজ কাঢ়িছিলো। ইয়াৰ পিছত ৰাতিপুৱা আমি সকলোকে মৰ্নিং ৱাক আৰু যোগাসন কৰিছিলো। যাতে আমাৰ সকলোৰে স্বাস্থ্য ভালে থাকে।''

শ্ৰমিকসকলক সুকলমে সুৰংগৰ বাহিৰলৈ উলিয়াই অনাৰ বাবে তেওঁলোকে ঈশ্বৰ, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত কথা পাতি শ্ৰমিকসকলে 'ভাৰত মাতা কি জয়' ধ্বনি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন