--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৭ দিনৰ অন্তত উত্তৰাখণ্ডৰ ছিল্কিয়াৰা সুৰংগৰ পৰা নিৰাপদে উলিয়াই অনা শ্ৰমিকসকলৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনযোগে বাৰ্তালাপ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফোনৰ সিপাৰে থকা গৰাকীৰ নামটো সোধাত তেওঁ যুৱ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডৰ ছাবা আহমেদ বুলি কয়। প্ৰধানমন্ত্ৰী মোদীয়ে ছাবা আহমেদক কয় যে ''মই মোৰ টেলিফোনটো স্পীকাৰত ৰাখিছো, যাতে মোৰ লগত বহি থকা লোকসকলেও আপোনাৰ কথা শুনিব পাৰে।''

প্ৰধানমন্ত্ৰী মোদীয়ে ছাবা আহমেদক কয় যে ''ইমান সংকটৰ পাছতো শ্ৰমিকসকলক উলিয়াই আনিব পৰাৰ বাবে প্ৰথমে আপোনাক আৰু আপোনাৰ সকলো সহকৰ্মীক অভিনন্দন জনাইছো। এইটো মোৰ বাবে বৰ সুখৰ বিষয়। শব্দৰে বৰ্ণনা কৰিব নোৱাৰো। কেদাৰনাথ বাবা আৰু ভগৱান বদ্ৰিনাথৰ কৃপাত আপোনালোক সকলো নিৰাপদে ওলাই আহিছে।''

মোদীয়ে কয় যে ''১৬-১৭ দিনৰ সময় কম সময় নহয়। আপোনালোকে বৰ সাহস দেখুৱালে। ইজনে সিজনৰ মনোবল বৃদ্ধি কৰি ৰাখিলে। এইটোৱেই আটাইতকৈ ডাঙৰ কথা। আপোনালোকৰ ইমান ধৈৰ্য্য আছিল। মই অনবৰতে তথ্য বিচাৰি আছিলো। মুখ্যমন্ত্ৰীৰ সৈতেও অহৰহ যোগাযোগত আছিলো। মোৰ পিএমঅ’ বিষয়াসকল আহি বহিছিল।''

প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয় যে ''আগতে আমাৰ হাতত তথ্য আছিল, কিন্তু আমাৰ চিন্তা কমা নাছিল। তথ্যই সমাধান নিদিয়ে। সুৰংগত সোমাই থকা সকলো শ্ৰমিকৰে পৰিয়ালে পূণ্য কৰি থৈছে, যাৰবাবে এই সংকটৰ সময়ৰ পৰা শ্ৰমিকসকল ওলাই আহিব পাৰিছে।''

প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতি থাকোঁতে ছাবা আহমেদে কয় যে ''আমি ইমান দিন সুৰংগটোত আবদ্ধ হৈ আছিলো যদিও আমি কোনো দুৰ্বলতা বা কোনো ধৰণৰ অস্থিৰতা অনুভৱ কৰা নাছিলো। সুৰংগৰ ভিতৰত আমাৰ লগত বিপদজনক একো নহ’ল। তাত ৪১ জন মানুহ আছিলোঁ, সকলোৱে ভাইৰ দৰে জীয়াই আছিলো। কাৰোবাৰ কিবা হ’লে আমি একেলগ হৈ আছিলো৷ কাৰো কোনো সমস্যাৰ সৃষ্টি হোৱা নাছিল।''

ছাবা আহমেদে লগতে কৈছিল যে খাদ্য আহিলে আমি একেলগে বহি এঠাইত খাইছিলোঁ। ৰাতিৰ আহাৰ খোৱাৰ পাছত আমি সকলোৱে একেলগে খোজ কাঢ়িছিলো। সুৰংগ লেনখন ডেৰ-দুই কিলোমিটাৰ দীঘল আছিল, আমি তাত খোজ কাঢ়িছিলো। ইয়াৰ পিছত ৰাতিপুৱা আমি সকলোকে মৰ্নিং ৱাক আৰু যোগাসন কৰিছিলো। যাতে আমাৰ সকলোৰে স্বাস্থ্য ভালে থাকে।''

শ্ৰমিকসকলক সুকলমে সুৰংগৰ বাহিৰলৈ উলিয়াই অনাৰ বাবে তেওঁলোকে ঈশ্বৰ, ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগত কথা পাতি শ্ৰমিকসকলে 'ভাৰত মাতা কি জয়' ধ্বনি দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক