--°C
Loading...
Listen to Article
2 min read
80%

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰীকৰণ নহ’বগৈ! ১ জানুৱাৰীত অসমৰ মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ সৈতে মত-বিনিময় কৰোতে স্পষ্টকৈ এই ইংগিত দিলে। মুখ্যমন্ত্ৰীগৰাকীয়ে সেইদিনা সাংবাদিকক জনালে যে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদনখন ৰূপায়ণ কৰিবলৈ হ’লে অসমত জুই লাগিব। মুখ্যমন্ত্ৰীয়ে কয় যে বিশেষজ্ঞ সমিতিৰ এই প্ৰতিবেদনখন অসাংবিধানিক। অৰ্থাৎ সংবিধানে ৫০ শতংশতকৈ অধিক কাকো সংৰক্ষণ দিয়া নাই, কিন্তু অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় প্ৰতিবেদনখনত ১০০ শতাংশ পৰ্যন্ত সংৰক্ষণৰ প্ৰস্তাৱ দিয়া হৈছে।


উল্লেখযোগ্য যে অসমত যেতিয়া ‘কা’বিৰোধী আন্দোলন তুংগত উঠিছিল, তেতিয়া কেন্দ্ৰীয় গৃহ-মন্ত্ৰণালয়ে ততাতৈয়াকৈ ৬নং দফা ৰূপায়ণ কৰিবলৈ এখন বিশেষজ্ঞ সমিতি গঠন কৰিছিল। ইতিমধ্যে ‘কা’ আনি অসম চুক্তিৰ ৫নং দফা কেন্দ্ৰীয় চৰকাৰে নাকচ কৰিছিল। ৬নং দফা ৰূপায়ণৰ বাবে যিখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল, সেই সমিতিখনে যিখনে প্ৰতিবেদন দিব তাৰ দাড়ি-ক’মা পৰ্যন্ত সাল-সলনি নকৰাকৈ ৰূপায়ণ কৰিব বুলি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ঘোষণা কৰিছিল। বিশেষজ্ঞ সমিতিৰ সদস্য হিচাপে প্ৰথম পৰ্যায়ত ড০ নগেন শইকীয়া, ধীৰেন্দ্ৰ নাথ বেজবৰুৱাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিৰ নাম কেন্দ্ৰই প্ৰস্তাৱ কৰিছিল যদিও এওঁলোকৰ কোনোৱে এই সমিতিৰ সদস্য হ’বলৈ অপাৰগতা প্ৰদৰ্শন কৰিছিল। কেন্দ্ৰীয় চৰকাৰৰ ভূমিকাত সন্দিহান হৈ এওঁলোকে ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় সমিতিৰ সদস্য নহ’ল বুলি সেই সময়তে চৰ্চিত হৈছিল।


যি কি নহওক পৰৱৰ্তী পৰ্যায়ত কেন্দ্ৰীয় চৰকাৰে ততাতৈয়াকৈ আন এখন সমিতি গঠন কৰিছিল। এই সমিতিৰ অধ্যক্ষ পদত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাক নিযুক্তি দিয়া হৈছিল। অন্যান্য সদস্যসকলৰ ভিতৰত ‘আছু’ৰ মুখ্য উপদেষ্টা, সভাপতি, সাধাৰণ সম্পাদকৰ লগতে সমাজৰ বিভিন্ন স্তৰৰ লোকক অন্তৰ্ভুক্ত কৰা হৈছিল। এই সমিতিৰ এগৰাকী সদস্য আছিল বিশিষ্ট অধিবক্তা প্ৰয়াত নিলয় দত্ত। সমিতিৰ প্ৰতিবেদন যুগুতাই সম্পূৰ্ণ কৰাৰ পাছত কেন্দ্ৰীয় চৰকাৰৰ হাতত অৰ্পণ কৰিবলৈ বিচাৰিছিল যদিও কেন্দ্ৰই সময় নিদিলে। ইতিমধ্যে অসমত ‘কা’বিৰোধী আন্দোলন ছাঁইত পৰিণত হৈছিল। আন্দোলনকাৰীৰ নেতৃত্বৰ ভুলৰ বাবে ব্যৰ্থ হৈছিল! গতিকে ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় সমিতিৰ প্ৰতিবেদনে দিল্লী-দিছপুৰৰ দুয়োখন চৰকাৰৰ ওচৰত গুৰুত্ব হেৰুৱাইছিল।


কেন্দ্ৰীয় চৰকাৰৰ যিজন গৃহমন্ত্ৰীয়ে দাড়ি-ক’মাৰ সাল-সলনি নকৰাকৈ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় সমিতিৰ প্ৰতিবেদন ৰূপায়ণ কৰিব বুলি ঘোষণা কৰিছিল, সেই গৃহমন্ত্ৰীয়ে প্ৰতিবেদন নিজহাতে লোৱা বাদেই, বৰ্তমান এইখন কি পৰ্যায়ত আছে তাৰ খবৰ লোৱাৰো অৱকাশ হেৰুৱাইছে। উপায়ন্তৰ হৈ বিপ্লৱ শৰ্মা নেতৃত্বাধীন সমিতিখনে অসমৰ মুখ্যমন্ত্ৰীৰ হাততে প্ৰতিবেদনখন অৰ্পণ কৰে। আজি দুবছৰ ধৰি প্ৰতিবেদনখন মুখ্য সচিবৰ টেবুলতে পৰি আছে। কেন্দ্ৰীয় চৰকাৰৰ হাতত এই প্ৰতিবেদনখন দিয়াৰো সাহস অসম চৰকাৰৰ এতিয়া নাই। উল্লেখযোগ্য যে, ৬নং দফা ৰূপায়ণক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুনকৈ এখন সমিতি গঠন কৰি দিছে। এই সমিতিৰ সৈতে আছু নেতাসকলে পুনৰ ইখনৰ পাছত সিখন বৈঠকত মিলিত হৈছে। এয়া সকলো সময় নষ্ট কৰাৰ বাহিৰে আন একো নহয় বুলি অভিযোগ উঠিছিল যদিও শেহতীয়াকৈ মুখ্যমন্ত্ৰীৰ মন্তব্যই প্ৰমাণ কৰিলে যে কেন্দ্ৰীয় চৰকাৰৰ কথা বাদেই অসম চৰকাৰেই অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ আগ্ৰহী নহয়।

মুখ্যমন্ত্ৰীয়ে ১ জানুৱাৰীৰ দিনা স্পষ্টভাৱে কৈছে 'এই প্ৰতিবেদনখন চৰকাৰৰ পক্ষে ৰূপায়ণ কৰাটো সম্ভৱ নহয়।'

মুখ্যমন্ত্ৰীয়ে ১ জানুৱাৰীৰ দিনা স্পষ্টভাৱে কৈছে যে এই প্ৰতিবেদনখন চৰকাৰৰ পক্ষে ৰূপায়ণ কৰাটো সম্ভৱ নহয়। চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ এই ঘোষণাৰ পাছত সামাজিক মাধ্যমত ইয়াৰ ব্যাপক সমালোচনা হৈছে।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই সাংবাদিকৰ আগত কৈছে যে ‘আছু’ৱে কি যুক্তিত ইয়াৰ পাছত অসম চুক্তি ৰূপায়ণৰ নামত চৰকাৰৰ সৈতে আলোচনা কৰি আছে, ই এক সাঁথৰ। মুখ্যমন্ত্ৰী শৰ্মাই ১ জানুৱাৰীতে ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় সমিতিৰ প্ৰতিবেদন নাকচ কৰাৰ পাছতো আছু মৌন হৈ আছে। ৰাজনৈতিক দলবোৰো বিষয়টোক লৈ নিমাত। ৩ জানুৱাৰীতহে একাংশ সংবাদ মাধ্যমত ইয়াক লৈ আলোচনা চলিছে। এতিয়া প্ৰশ্ন উঠিছে, অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় বিশেষজ্ঞ সমিতিখন কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছিল কিয়?

কেন্দ্ৰীয় চৰকাৰে ‘কা’বিৰোধী আন্দোলনৰ আগ্ৰাসনৰ পৰা দলটোক বচাবৰ বাবে এই কৌশল গ্ৰহণ কৰিছিল নেকি? সাধাৰণতে জাতি-মাটি-ভেটিৰ কথা কোৱা চৰকাৰ এখনে অসমীয়া মানুহৰ সাংবিধানিক অধিকাৰ ৰক্ষাৰ বাবে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ কৰিবলৈ অস্বীকাৰ কৰিলে কিয়? প্ৰসংগক্ৰমে উল্লেখযোগ্য যে মুখমন্ত্ৰীয়ে সংবিধানৰ দোহাই দি বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন ৰূপায়ণ কৰাটো অসম্ভৱ বুলি মন্তব্য কৰিছে। মুখ্যমন্ত্ৰীয়ে জনা উচিত যে সংবিধান এতিয়ালৈকে ১০৪বাৰকৈ সংশোধন হৈছে। অসমৰ খিলঞ্জীয়া মানুহৰ স্বাৰ্থত সংবিধান আৰু এবাৰ সংশোধন হোৱাটো অপৰাধ হ’ব নেকি?

অসমীয়া মানুহৰ হকে যুঁজ দি আজিও গোপীনাথ বৰদলৈ বন্দিত হৈ আছে


মুখমন্ত্ৰীৰ দক্ষতা প্ৰমাণ হ’ব তেতিয়াহে, যেতিয়া কেন্দ্ৰীয় চৰকাৰক অসমৰ ভূমিপুত্ৰৰ বৃহত্তৰ স্বাৰ্থত সংবিধান সংশোধন কৰি হ’লেও ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰা হ’ব। অসমীয়া মানুহৰ হকে যুঁজ দি আজিও গোপীনাথ বৰদলৈ বন্দিত হৈ আছে। পৰৱৰ্তী সময়ত অসমীয়া মানুহ এনেকুৱা সংকটৰ সন্মুখীন হোৱা নাছিল। সম্প্ৰতি অসমীয়া মানুহ কি সংকটৰ সন্মুখত পৰিছে, সেয়া মুখ্যমন্ত্ৰীগৰাকীয়ে নিৰ্বাচনৰ বতৰত ৰাজহুৱা সভা-সমিতিত ব্যাখ্যা কৰি আহিছে। কেৱল ভোটৰ বাবে জাতি-মাটি-ভেটিৰ কথা ক’লে নহ’ব। প্ৰকৃতাৰ্থত অসমীয়া মানুহক ভৱিষ্যতৰ দিনত সুৰক্ষিত কৰিবলৈ হ’লে অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ বিকল্প নাই। ইয়াৰ বাবে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰক সংবিধান সংশোধন কৰিবলৈ বাধ্য কৰাব যদি নোৱাৰে, তেনেহ’লে পথত সুৰাপায়ী যুৱক-যুৱতীক ধৰিবলৈ পুলিচৰ সহযোগী হোৱাটোতে কৃতকাৰ্যতা বুলি প্ৰচাৰ কৰিব লাগিব।


জনগণৰ স্বাৰ্থত সংবিধান সংশোধন কৰাটো ডাঙৰ কথা নহয়। অসমৰ দৰে ৰাজ্য এখনৰ ভূমিপুত্ৰৰ বাবে মুখ্যমন্ত্ৰী আগবাঢ়ি আহক। মুখ্যমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীক অসমৰ ভূমিপুত্ৰৰ সন্মুখত আহি পৰা সমস্যটো বুজাই দিয়ক। এওঁলোকক পতিয়ন নিয়াব পৰা–নোৱাৰাটো মুখ্যমন্ত্ৰীৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰিব। সংবিধান সংশোধন কৰি অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ সম্পৰ্কীয় সমিতিৰ প্ৰতিবেদন আখৰে আখৰে ৰূপায়ণ কৰি মুখ্যমন্ত্ৰীয়ে বুৰঞ্জীত নিজৰ নাম লিপিবদ্ধ কৰিব পাৰিবনে? অন্যথা সস্তীয়া চমকৰ দ্বাৰা জাতি যিদৰে উপকৃত নহয়, সেইদৰে সময়ৰ পাতত এইবোৰ জাবৰ হিচাপে পৰিগণিত হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রান্স, কানাডা, ব্রিটেইনৰ পাছত আমেৰিকাৰ মিত্ৰ দেশৰ সিদ্ধান্ত; পেলেষ্টাইনক স্বীকৃতি দিব অষ্ট্ৰেলিয়াই
ট্রাম্পে চীনৰ বিৰুদ্ধে শুল্ক আৰোপৰ সিদ্ধান্ত লোৱা নাই: উপ-ৰাষ্ট্ৰপতি ভেন্স
ৰাজ্যবাসীৰ বাবে সু-খবৰ, চিৰিয়াখানাত কেশৰীয়ে জন্ম দিলে ৪টা সিংহৰ পোৱালি
অসম-মেঘালয় সীমান্তত পুনৰ উত্তপ্ত পৰিস্থিতি
ৰাহুল, খৰ্গেসহ ৩০০ সাংসদৰ নিৰ্বাচন আয়োগলৈ পদযাত্রাত বাধা
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে
ট্রাম্পক প্ৰথমবাৰ মুকলি প্ৰত্যুত্তৰ ভাৰতৰ
জম্মু-কাশ্মীৰৰ প্ৰাক্তন ৰাজ্যপাল সত্যপাল মালিকৰ মৃত্যু
ভাৰতৰ পক্ষ লৈ ট্রাম্পক উভতি ধৰিলে মস্কোৱে