--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক পুনৰ চিতাৰ  বাসস্থান কৰি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা কোটিটকীয়া প্ৰক্লপৰ ভৱিষ্যতকলৈ এতিয়া নানা প্ৰশ্নৰ উদ্ৰেক ঘটিছে। দেশলৈ অনা বা দেশত জন্মলাভ কৰা  এটাৰ পিছত এটাকৈ চিতাৰ মৃত্যু ঘটিবলৈ লৈছে। আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা ছয়টা চিতাৰ ইতিমধ্যে মৃত্যু হৈছে। কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কৈছে যে চিতাৰ ক্ষেত্ৰত  লবলগীয়া  যত্নত সন্দৰ্ভত জানিবলৈ  আফ্ৰিকালৈ ভাৰতৰ পৰা এটা দল প্ৰেৰণ কৰা হ’ব।  

তেওঁলোকে আফ্ৰিকালৈ শৈক্ষিক ভ্ৰমণৰ কাৰ্যসূচীলৈ  যাব। চিতাৰ যত্ন কেনেদৰে ল'ব লাগে, ইমানবোৰ চিতা কিয় মৰি আছেআদি কথাবোৰ  দলটোৱে জানিবলৈ চেষ্টা চলাব। মন্ত্ৰীগাকীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় বন মন্ত্ৰীগৰাকীয়ে  কয় যে তেওঁ ৬ জুনত কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ যাব। তেওঁ তাত ৰখা চিতাবোৰৰ সুৰক্ষাৰ দিশটো পৰ্যালোচনা কৰিব। চিতাৰ সংৰক্ষণৰ বাবে কেন্দ্ৰই সকলো বিত্তীয় আৰু অন্যান্য সহায় আগবঢ়াব বুলিও মন্ত্ৰীজনে আশ্বাস দিয়ে। 

তেওঁ কয়  যে চৰকাৰে ভাৰতত চিতাৰ সংৰক্ষণ আৰু সংখ্যা বৃদ্ধিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।উল্লেখ্য যোৱা বছৰ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা আঠটা চিতা  ভাৰতলৈ অনা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কুনোৰ অৰণ্যত  চিতাবোৰক  পিঞ্জৰাৰ পৰা মুক্ত কৰি দিছিল। এই বছৰৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২  টা চিতা ভাৰতলৈ অনা হৈছিল। তাৰ পিছত মাৰ্চ মাহৰ পৰা চিতাৰ  মৃত্যু যাত্ৰা আৰম্ভ হৈছিল। 

কুনোৰ অৰণ্যত এটা নাহৰফুটুকী বাঘে চাৰিটা পোৱালিৰ জন্ম দিছিল। সেইবোৰৰ তিনিটা পোৱালিৰ  মৃতু্য ঘটিছে। ২৭ মাৰ্চত নামিবিয়াৰ চিতা ছাছাৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। দক্ষিণ আফ্ৰিকাৰ পৰা অনা  উদয়ৰ ১৩ এপ্ৰিলত মৃত্যু হয়। দক্ষ নামৰ চিতাটোও দক্ষিণ আফ্ৰিকাৰ পৰা আঅনা হৈছিল। আন এটা নাহৰফুটুকী বাঘৰ সৈতে হোৱা কাজিয়াত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ৯ মে'ত সেই চিতাটোৰ মৃত্যু হৈছিল।কুনোৰ বাহিৰেও বন বিষয়াসকলে চিতা ৰাখিবলৈ আন অৰণ্যৰ কথা ভাবিছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
পাঁচ বছৰত বন্ধ ২৩ সহস্রাধিক চৰকাৰী বিদ্যালয়
বেংক ঋণ জালিয়াতিৰ গোচৰ ! অনিল আম্বানিৰ বাসভৱনত চি বি আইৰ তালাচী
১৩ ছেপ্টেম্বৰত প্রধানমন্ত্রীয়ে উদ্বোধন কৰিব মিজোৰামৰ নতুন ৰে'লপথ
ডুৰাণ্ড কাপত নৰ্থ-ইষ্ট ইউনাইটেডৰ অভিলেখ
দুদিনীয়া ভ্রমণসূচীৰে বাংলাদেশত পাকিস্তানৰ উপ-প্রধানমন্ত্রী
৯০% মছজিদৰ ইমাম 'অচিনাকি' মানুহ, ৰাজ্যিক বিজেপিৰ মুখপাত্র মমিনুল আৱালৰ বিস্ফোৰণ
হৃদযন্ত্ৰ সুস্থ কৰি ৰখাৰ ওপৰত গুৰুত্ব দিয়ক! নহ'লে বিপদ অনিবাৰ্য
অটো চালক জামছেদ আলীৰ অসভ্যালি! মহিলাক যাত্ৰীক গন্তব্য স্থানৰ পৰিবৰ্তে অন্য স্থানলৈ নিয়াৰ চেষ্টা
তিতাবৰত লাভ জেহাদৰ ভয়ংকৰ ঘটনা!  বোৰ্খা নিপিন্ধা বাবে আৰু গো মাংস ভক্ষণ নকৰাৰ বাবেই অন্তঃসত্ত্বা মহিলাক অকথ্য নিৰ্যাতন
ধুবুৰীত স্বাধীনতা দিৱসত যুৱতীৰ অশ্লীল নৃত্য! অধ্যক্ষসহ ২ শিক্ষক, ৩ পঞ্চায়ত সদস্যক আটক
১৩টা বলত ৫০ ৰান! ১৩৬ বছৰীয়া অভিলেখ ভংগ এইগৰাকী খেলুৱৈৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ