--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতক পুনৰ চিতাৰ  বাসস্থান কৰি তুলিবলৈ চৰকাৰে গ্ৰহণ কৰা কোটিটকীয়া প্ৰক্লপৰ ভৱিষ্যতকলৈ এতিয়া নানা প্ৰশ্নৰ উদ্ৰেক ঘটিছে। দেশলৈ অনা বা দেশত জন্মলাভ কৰা  এটাৰ পিছত এটাকৈ চিতাৰ মৃত্যু ঘটিবলৈ লৈছে। আফ্ৰিকাৰ পৰা ভাৰতলৈ অনা ছয়টা চিতাৰ ইতিমধ্যে মৃত্যু হৈছে। কেন্দ্ৰীয় বন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে কৈছে যে চিতাৰ ক্ষেত্ৰত  লবলগীয়া  যত্নত সন্দৰ্ভত জানিবলৈ  আফ্ৰিকালৈ ভাৰতৰ পৰা এটা দল প্ৰেৰণ কৰা হ’ব।  

তেওঁলোকে আফ্ৰিকালৈ শৈক্ষিক ভ্ৰমণৰ কাৰ্যসূচীলৈ  যাব। চিতাৰ যত্ন কেনেদৰে ল'ব লাগে, ইমানবোৰ চিতা কিয় মৰি আছেআদি কথাবোৰ  দলটোৱে জানিবলৈ চেষ্টা চলাব। মন্ত্ৰীগাকীয়ে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি এই কথা প্ৰকাশ কৰে। কেন্দ্ৰীয় বন মন্ত্ৰীগৰাকীয়ে  কয় যে তেওঁ ৬ জুনত কুনো ৰাষ্ট্ৰীয় উদ্যানলৈ যাব। তেওঁ তাত ৰখা চিতাবোৰৰ সুৰক্ষাৰ দিশটো পৰ্যালোচনা কৰিব। চিতাৰ সংৰক্ষণৰ বাবে কেন্দ্ৰই সকলো বিত্তীয় আৰু অন্যান্য সহায় আগবঢ়াব বুলিও মন্ত্ৰীজনে আশ্বাস দিয়ে। 

তেওঁ কয়  যে চৰকাৰে ভাৰতত চিতাৰ সংৰক্ষণ আৰু সংখ্যা বৃদ্ধিৰ বিষয়ত  গুৰুত্ব আৰোপ কৰিছে।উল্লেখ্য যোৱা বছৰ ছেপ্টেম্বৰত নামিবিয়াৰ পৰা আঠটা চিতা  ভাৰতলৈ অনা হৈছিল। প্ৰধানমন্ত্ৰী মোদীয়ে নিজেই কুনোৰ অৰণ্যত  চিতাবোৰক  পিঞ্জৰাৰ পৰা মুক্ত কৰি দিছিল। এই বছৰৰ ফেব্ৰুৱাৰী মাহত দক্ষিণ আফ্ৰিকাৰ পৰা আৰু ১২  টা চিতা ভাৰতলৈ অনা হৈছিল। তাৰ পিছত মাৰ্চ মাহৰ পৰা চিতাৰ  মৃত্যু যাত্ৰা আৰম্ভ হৈছিল। 

কুনোৰ অৰণ্যত এটা নাহৰফুটুকী বাঘে চাৰিটা পোৱালিৰ জন্ম দিছিল। সেইবোৰৰ তিনিটা পোৱালিৰ  মৃতু্য ঘটিছে। ২৭ মাৰ্চত নামিবিয়াৰ চিতা ছাছাৰ বৃক্কৰ ৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। দক্ষিণ আফ্ৰিকাৰ পৰা অনা  উদয়ৰ ১৩ এপ্ৰিলত মৃত্যু হয়। দক্ষ নামৰ চিতাটোও দক্ষিণ আফ্ৰিকাৰ পৰা আঅনা হৈছিল। আন এটা নাহৰফুটুকী বাঘৰ সৈতে হোৱা কাজিয়াত আঘাতপ্ৰাপ্ত হোৱাৰ পিছত ৯ মে'ত সেই চিতাটোৰ মৃত্যু হৈছিল।কুনোৰ বাহিৰেও বন বিষয়াসকলে চিতা ৰাখিবলৈ আন অৰণ্যৰ কথা ভাবিছে। 














FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস