--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিপ্ৰেছনৰ বাবে কৰ’না মহামাৰীৰ সময়ত বহুতে আত্মহত্যা কৰিছিল। হোৰা হোৰে আত্মহত্যাৰ খবৰ আহিছিল প্ৰতিদিনে। লকডাউনৰ সময়ত গৃহবন্দীত্বৰ সময়ছোৱাতো হতাশ হৈ পৰিছিল বহুতে। হতাশাৰ এই ছবিবোৰ বিভিন্ন সময়ত চৰ্চা লাভ কৰা দেখা গৈছে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ’বলৈ বিশেষজ্ঞসকলে বাৰে বাৰে পৰামৰ্শ দি আহিছে। এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনে পুনৰ বৃদ্ধি কৰিছে উদ্বেগ।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি, কৰ’নাৰ বাবে প্ৰথম বছৰত হতাশা আৰু উদ্বিগ্নতাত ভুগি থকা লোকৰ সংখ্যা ২৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। কৰ'না অতিমাৰীক বিশ্বৰ বৃহৎ সংকট বুলিও অভিহিত কৰিছে সংস্থাটোৱে। আৰ্থ-সামাজিক ক্ষেত্ৰতো কৰ’না মহামাৰীৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা বুলি সদৰী কৰিছে। এই অতিমাৰীৰ ফলত যুৱক-যুৱতী, মহিলা আদি মানসিক ৰোগত ভুগিছে। ২০১৯ চনত ১ বিলিয়ন লোক, অৰ্থাৎ বিশ্বৰ প্ৰতি আঠজন লোকৰ ভিতৰত এজনৰ মানসিক ৰোগ হৈছিল।'

প্ৰতিবেদনত আৰু কোৱা হৈছে যে, যৌন নিৰ্যাতন আৰু শিশুৰ ওপৰত হোৱা নিৰ্যাতন হতাশাৰ অন্যতম প্ৰধান কাৰণ। তদুপৰি যুদ্ধ আৰু জলবায়ু সংকটৰ দৰে পৰিস্থিতিক হতাশাৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে। মানসিক স্বাস্থ্য অভিযানৰ সংখ্যা বৃদ্ধি হোৱাৰ পাছতো বিভিন্ন দেশৰ চৰকাৰে ইয়াৰ বাবে বিশেষ ধন ব্যয় কৰা নাই বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে