--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ডিপ্ৰেছনৰ বাবে কৰ’না মহামাৰীৰ সময়ত বহুতে আত্মহত্যা কৰিছিল। হোৰা হোৰে আত্মহত্যাৰ খবৰ আহিছিল প্ৰতিদিনে। লকডাউনৰ সময়ত গৃহবন্দীত্বৰ সময়ছোৱাতো হতাশ হৈ পৰিছিল বহুতে। হতাশাৰ এই ছবিবোৰ বিভিন্ন সময়ত চৰ্চা লাভ কৰা দেখা গৈছে। মানসিক স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ’বলৈ বিশেষজ্ঞসকলে বাৰে বাৰে পৰামৰ্শ দি আহিছে। এইবাৰ বিশ্ব স্বাস্থ্য সংস্থাৰ এক প্ৰতিবেদনে পুনৰ বৃদ্ধি কৰিছে উদ্বেগ।

বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিবেদন অনুসৰি, কৰ’নাৰ বাবে প্ৰথম বছৰত হতাশা আৰু উদ্বিগ্নতাত ভুগি থকা লোকৰ সংখ্যা ২৫ শতাংশতকৈ অধিক বৃদ্ধি পাইছে। কৰ'না অতিমাৰীক বিশ্বৰ বৃহৎ সংকট বুলিও অভিহিত কৰিছে সংস্থাটোৱে। আৰ্থ-সামাজিক ক্ষেত্ৰতো কৰ’না মহামাৰীৰ ব্যাপক প্ৰভাৱ পৰা পৰিলক্ষিত হোৱা বুলি সদৰী কৰিছে। এই অতিমাৰীৰ ফলত যুৱক-যুৱতী, মহিলা আদি মানসিক ৰোগত ভুগিছে। ২০১৯ চনত ১ বিলিয়ন লোক, অৰ্থাৎ বিশ্বৰ প্ৰতি আঠজন লোকৰ ভিতৰত এজনৰ মানসিক ৰোগ হৈছিল।'

প্ৰতিবেদনত আৰু কোৱা হৈছে যে, যৌন নিৰ্যাতন আৰু শিশুৰ ওপৰত হোৱা নিৰ্যাতন হতাশাৰ অন্যতম প্ৰধান কাৰণ। তদুপৰি যুদ্ধ আৰু জলবায়ু সংকটৰ দৰে পৰিস্থিতিক হতাশাৰ কাৰণ হিচাপে উল্লেখ কৰা হৈছে। মানসিক স্বাস্থ্য অভিযানৰ সংখ্যা বৃদ্ধি হোৱাৰ পাছতো বিভিন্ন দেশৰ চৰকাৰে ইয়াৰ বাবে বিশেষ ধন ব্যয় কৰা নাই বুলিও প্ৰতিবেদনত প্ৰকাশ পাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি