--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তেওঁ৷ ক্ৰিকেটৰ জৰিয়তে এখন দেশক প্ৰতিনিধিত্ব কৰিছিল তেওঁ৷ এতিয়া সেইগৰাকী ক্ৰিকেটাৰেই পেট্ৰল পাম্পত তেওঁ বিতৰণ কৰে চাহ আৰু বোন৷

বলৈ বিচৰা হৈছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰোশন মহানামাৰ কথা৷ শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে এতিয়া পেট্ৰল পাম্পৰ শাৰীত অপেক্ষা কৰি থকা লোকসকলক চাহ আৰু বোন পৰিৱেশন কৰে। যিসময়ত শ্ৰীলংকাই খাদ্য, ইন্ধন, ঔষধৰ তীব্ৰ অভাৱৰ বিৰুদ্ধে যুঁজ দিছিল, সেই সময়ত প্ৰাক্তন ক্ৰিকেটাৰ ৰোশন মহানামাই কলম্বোৰ এটা পেট্ৰল পাম্পত অপেক্ষা কৰি থকা লোকসকলক চাহ পৰিৱেশন কৰাৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত৷

স্বাধীনতাৰ পাছত শ্ৰীলংকাই সৰ্ববৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে৷ অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰিবলৈও দেশখনৰ এতিয়া অৰ্থ সংকট৷ ক্ৰিকেটাৰজনে টুইটাৰত টুইট কৰি লিখিছে এনেদৰে, আমি আজি সন্ধিয়া ৱাৰ্ড প্লেচ আৰু ৱিজেৰামা মাৱথাৰ চাৰিওফালে থকা পেট্ৰল পাম্পৰ শাৰীত থকা লোকসকলৰ বাবে কমিউনিটি মিল শ্বেয়াৰৰ পৰা দলটোৰ সৈতে চাহ পৰিৱেশন কৰিছিলোঁ।

ক্ৰিকেটাৰজনে টুইটাৰত পোষ্ট কৰি কয়, শাৰীবোৰ দিনক দিনে দীঘল হৈ আহিছে আৰু শাৰীত থকা লোকসকলৰ বহুতৰে স্বাস্থ্যৰ বিপদাশংকা আহি পৰিছে৷

শ্ৰীলংকাই ইন্ধন কেন্দ্ৰসমূহৰ পহৰা দিবলৈ সশস্ত্ৰ আৰক্ষী আৰু সৈন্য মোতায়েন কৰিছে। চৰকাৰে দৰিদ্ৰ ৰাষ্ট্ৰখনত যাতায়ত হ্ৰাস আৰু হ্ৰাস হোৱা ইন্ধনৰ সামগ্ৰী সংৰক্ষণৰ বাবে ৰাজ্যিক প্ৰতিষ্ঠান আৰু বিদ্যালয়সমূহ দুসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছে৷

ক্ৰিকেটাৰজনে নাগৰিকসকলক আহ্বান জনাই লিখিছে, অনুগ্ৰহ কৰি, ইন্ধনৰ শাৰীত ইজনে সিজনৰ যত্ন লওক। পৰ্যাপ্ত তৰল আৰু খাদ্য আনিব৷ এই কঠিন সময়ত আমি ইজনে সিজনৰ যত্ন লব লাগিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন