--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এগৰাকী প্ৰাক্তন ক্ৰিকেটাৰ তেওঁ৷ ক্ৰিকেটৰ জৰিয়তে এখন দেশক প্ৰতিনিধিত্ব কৰিছিল তেওঁ৷ এতিয়া সেইগৰাকী ক্ৰিকেটাৰেই পেট্ৰল পাম্পত তেওঁ বিতৰণ কৰে চাহ আৰু বোন৷

বলৈ বিচৰা হৈছে শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰ ৰোশন মহানামাৰ কথা৷ শ্ৰীলংকাৰ প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে এতিয়া পেট্ৰল পাম্পৰ শাৰীত অপেক্ষা কৰি থকা লোকসকলক চাহ আৰু বোন পৰিৱেশন কৰে। যিসময়ত শ্ৰীলংকাই খাদ্য, ইন্ধন, ঔষধৰ তীব্ৰ অভাৱৰ বিৰুদ্ধে যুঁজ দিছিল, সেই সময়ত প্ৰাক্তন ক্ৰিকেটাৰ ৰোশন মহানামাই কলম্বোৰ এটা পেট্ৰল পাম্পত অপেক্ষা কৰি থকা লোকসকলক চাহ পৰিৱেশন কৰাৰ ছবি এতিয়া ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত৷

স্বাধীনতাৰ পাছত শ্ৰীলংকাই সৰ্ববৃহৎ অৰ্থনৈতিক সংকটৰ সন্মুখীন হৈছে৷ অত্যাৱশ্যকীয় সামগ্ৰী আমদানি কৰিবলৈও দেশখনৰ এতিয়া অৰ্থ সংকট৷ ক্ৰিকেটাৰজনে টুইটাৰত টুইট কৰি লিখিছে এনেদৰে, আমি আজি সন্ধিয়া ৱাৰ্ড প্লেচ আৰু ৱিজেৰামা মাৱথাৰ চাৰিওফালে থকা পেট্ৰল পাম্পৰ শাৰীত থকা লোকসকলৰ বাবে কমিউনিটি মিল শ্বেয়াৰৰ পৰা দলটোৰ সৈতে চাহ পৰিৱেশন কৰিছিলোঁ।

ক্ৰিকেটাৰজনে টুইটাৰত পোষ্ট কৰি কয়, শাৰীবোৰ দিনক দিনে দীঘল হৈ আহিছে আৰু শাৰীত থকা লোকসকলৰ বহুতৰে স্বাস্থ্যৰ বিপদাশংকা আহি পৰিছে৷

শ্ৰীলংকাই ইন্ধন কেন্দ্ৰসমূহৰ পহৰা দিবলৈ সশস্ত্ৰ আৰক্ষী আৰু সৈন্য মোতায়েন কৰিছে। চৰকাৰে দৰিদ্ৰ ৰাষ্ট্ৰখনত যাতায়ত হ্ৰাস আৰু হ্ৰাস হোৱা ইন্ধনৰ সামগ্ৰী সংৰক্ষণৰ বাবে ৰাজ্যিক প্ৰতিষ্ঠান আৰু বিদ্যালয়সমূহ দুসপ্তাহৰ বাবে বন্ধ ঘোষণা কৰিছে৷

ক্ৰিকেটাৰজনে নাগৰিকসকলক আহ্বান জনাই লিখিছে, অনুগ্ৰহ কৰি, ইন্ধনৰ শাৰীত ইজনে সিজনৰ যত্ন লওক। পৰ্যাপ্ত তৰল আৰু খাদ্য আনিব৷ এই কঠিন সময়ত আমি ইজনে সিজনৰ যত্ন লব লাগিব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি