--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৱিষ্যতে দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ এই বৃহৎ পদক্ষেপৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ৷ লোকসভা নিৰ্বাচন আৰু বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ বিষয়ত মতামত প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে সমগ্ৰ বিষয়টো আইন আয়োগক জনাইছে যাতে তেওঁলোকে এই বিষয়ত ৰূপৰেখা প্ৰস্তুত কৰিব পাৰে। দেশত পৰৱর্তী লোকসভা নির্বাচন অনুষ্ঠিত হ’ব ২০২৪ত৷ সেইসময়তে ছখন ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷

২০১৮ত আইন আয়োগে এক প্ৰতিবেদনযোগে জনাইছিল দেশত লোকসভা আৰু বিধানসভা নির্বাচন একলগে অনুষ্ঠিত কৰিব পৰা যায়৷ সেই সময়ৰ প্ৰতিবেদনত জনোৱা হৈছিল আর্টিকল ৮৩, আর্টিকল ১৭২ আৰু ৰিপ্রেজেন্টেছন অব্ পিপল এক্ট ১৯৫১ সংশোধন কৰিলে একেলগে দুটা নির্বাচন হ’ব পাৰে৷ ইয়াৰ ফলত ধাৰাবাহিকভাৱে গোটেই বছৰ নির্বাচন হোৱাৰ প্রৱণতা বহুখিনি কমিব। চৰকাৰে সমগ্ৰ বিষয়টো আয়োগক জনাইছে। কিন্তু বর্তমান আয়োগত কোনো প্ৰধান নাই। আনকি অহা ফেব্রুৱাৰীত আয়োগৰ কাৰ্যকালো সমাপ্ত হ’ব৷ সাধাৰণতে অৱসৰপ্রাপ্ত ন্যায়াধীশ এগৰাকী এই আয়োগৰ প্ৰধান হয়৷ 

ইপিনে, সংসদীয় কমিটীয়েও উল্লেখ কৰিছিল যে বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা প্ৰয়োজন। অৱশ্যে এই সন্দৰ্ভত একমত হ’বৰ বাবে সকলো ৰাজনৈতিক দলক অন্তত এটা দশক সময়ৰ প্ৰয়োজন হ’ব পাৰে৷ ইপিনে সাধাৰণ লোকসভা নির্বাচনৰ ব্যয় কেন্দ্রীয় চৰকাৰ আৰু বিধানসভা নির্বাচনৰ ব্যয় সংশ্লিষ্ট ৰাজ্যই বহন কৰে। এই ক্ষেত্রত একেলগে নিৰ্বাচন হ’লে কেন্দ্র আৰু ৰাজ্য চৰকাৰে অর্ধেক ব্যয় বহন কৰিব। আনহাতে, বিষয়টো সম্পৰ্কত নির্বাচন আয়োগে ইতিমধ্যে মতামত দিছে তেওঁলোকৰ ইয়াক লৈ কোনো আপত্তি নাই।
FOLLOW US F
POPULAR
FEATURE
TRENDY
জি এছ ৰ'ডক গ্রীন ৰ'ড কৰাৰ সিদ্ধান্ত
থাকৰে পৰিয়ালৰ মহামিলন
চহ কৰা মাটিৰ সীৰলুত কৃষকৰ সোণগুটিৰ সপোন
আর্জেন্টিনাত প্রধানমন্ত্রী মোদী
১৬০০ কোটি টকাৰ বাজেট! দেশৰ আটাইতকৈ ব্যয়বহুল চিনেমা হ’ব ৰামায়ণ
আজি মুকলি হ'ব ৰুক্মিণীগাঁও উৰণ সেতু
বাৰিষাৰ সময়ত ডায়েৰিয়া নহ’বলৈ এইবোৰ ব্যৱস্থা কৰক
ক্ৰিকেট বিশ্বত নতুন বিতৰ্ক
এটা দুৰ্দান্ত ‘ছিক্স’ মৰাৰ পাছতেই হাৰ্ট এটেকত মৃত্যু ক্ৰিকেটাৰৰ
কেইবাটাও কাৰ্যসূচী লৈ আজি গোলাঘাটত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
লাহৰীঘাটত বৃহৎ পৰিমাণৰ বনৰীয়া চৰাইসহ চোৰাং চিকাৰী ছাইদুল ইছলামক গ্ৰেপ্তাৰ
ভাৰত-আমেৰিকাৰ বাণিজ্যিক চুক্তিক লৈ চৰকাৰৰ প্রথম প্রতিক্রিয়া প্রকাশ ; কি ক'লে নির্মলা সীতাৰমণে
ম'বাইল এপেৰে ভোটদান কৰা ভাৰতৰ প্ৰথম ৰাজ্য হ'ল বিহাৰ
সংকটৰ সন্মুখীন দুষ্প্রাপ্য সোণালী বান্দৰ