--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভৱিষ্যতে দেশত লোকসভা আৰু বিধানসভা নিৰ্বাচন একেলগে অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে৷ এই বৃহৎ পদক্ষেপৰ দিশে আগবাঢ়িছে মোদী চৰকাৰ৷ লোকসভা নিৰ্বাচন আৰু বিধানসভা নির্বাচন একেলগে অনুষ্ঠিত কৰাৰ বিষয়ত মতামত প্রকাশ কৰিছে কেন্দ্রীয় চৰকাৰে। কেন্দ্রীয় চৰকাৰে সমগ্ৰ বিষয়টো আইন আয়োগক জনাইছে যাতে তেওঁলোকে এই বিষয়ত ৰূপৰেখা প্ৰস্তুত কৰিব পাৰে। দেশত পৰৱর্তী লোকসভা নির্বাচন অনুষ্ঠিত হ’ব ২০২৪ত৷ সেইসময়তে ছখন ৰাজ্যত বিধানসভা নির্বাচন অনুষ্ঠিত হ’ব৷

২০১৮ত আইন আয়োগে এক প্ৰতিবেদনযোগে জনাইছিল দেশত লোকসভা আৰু বিধানসভা নির্বাচন একলগে অনুষ্ঠিত কৰিব পৰা যায়৷ সেই সময়ৰ প্ৰতিবেদনত জনোৱা হৈছিল আর্টিকল ৮৩, আর্টিকল ১৭২ আৰু ৰিপ্রেজেন্টেছন অব্ পিপল এক্ট ১৯৫১ সংশোধন কৰিলে একেলগে দুটা নির্বাচন হ’ব পাৰে৷ ইয়াৰ ফলত ধাৰাবাহিকভাৱে গোটেই বছৰ নির্বাচন হোৱাৰ প্রৱণতা বহুখিনি কমিব। চৰকাৰে সমগ্ৰ বিষয়টো আয়োগক জনাইছে। কিন্তু বর্তমান আয়োগত কোনো প্ৰধান নাই। আনকি অহা ফেব্রুৱাৰীত আয়োগৰ কাৰ্যকালো সমাপ্ত হ’ব৷ সাধাৰণতে অৱসৰপ্রাপ্ত ন্যায়াধীশ এগৰাকী এই আয়োগৰ প্ৰধান হয়৷ 

ইপিনে, সংসদীয় কমিটীয়েও উল্লেখ কৰিছিল যে বিধানসভা আৰু লোকসভা নিৰ্বাচন একেলগে অনুষ্ঠিত কৰা প্ৰয়োজন। অৱশ্যে এই সন্দৰ্ভত একমত হ’বৰ বাবে সকলো ৰাজনৈতিক দলক অন্তত এটা দশক সময়ৰ প্ৰয়োজন হ’ব পাৰে৷ ইপিনে সাধাৰণ লোকসভা নির্বাচনৰ ব্যয় কেন্দ্রীয় চৰকাৰ আৰু বিধানসভা নির্বাচনৰ ব্যয় সংশ্লিষ্ট ৰাজ্যই বহন কৰে। এই ক্ষেত্রত একেলগে নিৰ্বাচন হ’লে কেন্দ্র আৰু ৰাজ্য চৰকাৰে অর্ধেক ব্যয় বহন কৰিব। আনহাতে, বিষয়টো সম্পৰ্কত নির্বাচন আয়োগে ইতিমধ্যে মতামত দিছে তেওঁলোকৰ ইয়াক লৈ কোনো আপত্তি নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ