--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ কেইবাখনো ৰাজ্যৰ পৰম্পৰাগত ষাঁড় যুঁজ জাল্লিকাট্টু অনুষ্ঠিত কৰাত কোনো বাধা নাই । আজি উচ্চতম ন্যায়ালয়ে এনেদৰে ৰায়দান কৰে।   স্পেইনৰ 'চান ফাৰ্মিন'ৰ দৰে বিপদজনক বা আমেৰিকাৰ 'ষাঁড় দৌৰ'ৰ  উত্তেজনাৰে ভৰা জাল্লিকাট্টু নামৰ এই ভাৰতীয় খেল বিধ । জাল্লিকাট্টুৰ সময়ত অতীতত কেইবাটাও শোকাৱহ দুৰ্ঘটনা সংঘটিত হৈছে। 

তথাপিও তামিলনাডু, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকত  উচ্চতম ন্যায়ালয়ে জাল্লিকাট্টু অনুষ্ঠিত কৰিব পাৰিব বুলি  ঘোষণা কৰিছে। বৃহস্পতিবাৰে, শীৰ্ষ ন্যায়ালয় খনৰ ন্যায়াধীশৰ বিচাৰপীঠে কয়  যে জাল্লিকাট্টুৰ বিষয়ত থকা সেই  ৰাজ্যসমূহৰ আইন বৈধ। 

জাল্লিকাট্টুক 'এৰুথাঝুভাথাল' বুলিও জনা যায়। তামিলনাডুত, ষাঁড়-মানুহৰ খেলক পোংগল শস্য চপোৱা উৎসৱৰ অংশ হিচাপেউদযাপন কৰা হয়। ই দক্ষিণৰ দুখন ৰাজ্য তামিলনাডু আৰু কৰ্ণাটকত অতি জনপ্ৰিয়। খেলবিধ  মহাৰাষ্ট্ৰতো প্ৰচলিত। 

জাল্লিকাট্টু তিনিওখন ৰাজ্যতে আইনীভাবে স্বীকৃত। অৱশ্যে পশু অধিকাৰ সংগঠন পেটা (পেটা)ই  পশুৰ বিৰুদ্ধে হিংসাৰ অভিযোগ উত্থাপন কৰি উচ্চতম ন্যায়ালয়ত  গোচৰ ৰুজু কৰিছিল। পূৰ্বৰ শুনানিত উচ্চতম ন্যায়ালয়ে কৈছিল যে ন্যায়াধীশৰ এখন ডাঙৰ বিচাৰপীঠে তামিলনাডু চৰকাৰৰ পশুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন, ২০১৭ৰ বৈধতা বিবেচনা কৰিব পাৰে। 

জাল্লিকাট্টুৰ সন্দৰ্ভত শীৰ্ষ ন্যায়ালয়ে লক্ষ্য কৰে যে যদিও খেলবিধ নিষ্ঠুৰ, ইয়াক তেজৰ খেল বুলি ক'ব নোৱাৰি। কিয়নো কোনেও ইয়াত অস্ত্ৰ ব্যৱহাৰ নকৰে। অৱশ্যে দুৰ্ঘটনাৰ ফলত ৰক্তক্ষৰণ হয়। খেলবিধ নিৰ্মম, কিন্তু কোনেও জন্তুটোক হত্যা কৰিবলৈ চেষ্টা নকৰে। ন্যায়াধীশ অজয় ৰাস্তোগী, অনিৰুদ্ধ বসু, হৃষীকেশ ৰয় আৰু চি চি ৰবিকুমাৰৰ বিচাৰপীঠে মন্তব্য কৰে যে খেলবিধত কাৰোবাৰ  মৃত্যু হ'লেও ইয়াক 'তেজৰ খেল' বুলি ক'ব নোৱাৰি। অৱশেষত ন্যায়াধীশ কে এম যোচেফৰ নেতৃত্বত পাঁচজনীয়া বিচাৰপীঠে জাল্লিকাট্টুৰ বৈধতা বজাই ৰাখে।


















FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ