--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ ছফটৱেৰ খণ্ডৰ অগ্রণী ইনফ'চিছে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকত ইয়াৰ কৰ্মচাৰীৰ সংখ্যাও ১৭০০০জন সংযোজন কৰিছে আৰু চলিত বিত্তীয় বর্ষত ২০০০০জন নতুন গ্রেজুৱেট কৰ্মচাৰীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে

ডিজিটেল ডেস্কঃ দেশৰ বৃহত্তম তথ্য-প্রযুক্তিৰ কোম্পানী টাটা কনছালটেন্সি ছার্ভিছেজে (টি চি এছ) কেইদিনমান পূর্বে ইয়াৰ গোলকীয় কর্মশক্তিৰ ২ শতাংশ হ্রাস কৰি ১২,০০০ কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই কৰিব বুলি ঘোষণা কৰিছিল।


ইয়াৰ পাছতেই দেশৰ তথ্য-প্রযুক্তি খণ্ডত কৰ্মৰত ব্যক্তিসকলৰ মাজত হতাশাৰ সৃষ্টি হোৱাৰ লগতে সমগ্র দেশতে প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতেই দেশৰ তথ্য-প্রযুক্তি খণ্ডত দক্ষ আৰু উপযুক্ত যুৱক-যুৱতীলৈ আশাৰ সঞ্চাৰ কৰিছে ভাৰতৰ অন্যতম অগ্রণী তথ্য-প্রযুক্তি কোম্পানী ইনফ'চিছে।


দেশৰ ছফটৱেৰ খণ্ডৰ অগ্রণী ইনফ'চিছে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকত ইয়াৰ কৰ্মচাৰীৰ সংখ্যাও ১৭০০০জন সংযোজন কৰিছে আৰু চলিত বিত্তীয় বর্ষত ২০০০০জন নতুন গ্রেজুৱেট কৰ্মচাৰীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। সংবাদ মাধ্যম মানি কন্ট্রলৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ইনফ চিছৰ মুখ্য কাৰ্যবাহী বিষয়া (চিই অ') সলিল পাৰেখে এই গুৰুত্বপূর্ণ মন্তব্য কৰে।


কোম্পানীটোৰ বজাৰ প্রতিদ্বন্দ্বী টাটা কনছালটেন্সি ছার্ভিছেজৰ বিপৰীতে কৃত্রিম বুদ্ধিমত্তা (এ আই) আৰু ক্লাউড কম্পিউটিঙৰ ক্ষেত্ৰত ইনফ 'চিছে ইয়াৰ কৰ্প'ৰেট ব্যয় বৃদ্ধি কৰাৰ ফলত কোম্পানীটোৰ স্থিতি সবল হৈ পৰিছে।


পাৰেখে কয় যে এ আই খণ্ডত ইনফ 'চিছে কৌশলগত বিনিয়োগ কৰাৰ বাবেই ইয়াৰ ডিজিটেল ৰূপান্তৰৰ পদক্ষেপসমূহৰ গতি ত্বৰান্বিত হৈছে। পাৰেখে কয় যে চলিত বিত্তীয় বর্ষত ইনফ' চিছে ২০০০০ কলেজ গ্রেজুৱেটক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে আৰু পৰিকল্পনা অনুসৰি তেওঁলোক অগ্ৰসৰ হৈছে। তেওঁলোকে কোম্পানীৰ বিকাশৰ দিশত নিৰৱচ্ছিন্নভাবে গুৰুত্ব দি আহিছে। কলেজৰ স্নাতকসকলক এ আইৰ খণ্ডত নিয়োজিত কৰি প্রশিক্ষণ প্রদানেৰে দক্ষ কৰি তোলাৰ সংকল্প লৈছে ইনফ 'চিছে।


বেংগালুৰুস্থিত ইনফ 'চিছৰ চৌহদত ৩০ জুলাইত দিয়া এটা সাক্ষাৎকাৰত চি ই অ' পাৰেখে এইদৰে মন্তব্য কৰে। পাৰেখে কয় যে তেওঁলোকৰ এটা শক্তিশালী দল আছে আৰু তেওঁলোকে যিকোনো স্তৰত কাম কৰাৰ বাবে উপযুক্ত।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু