--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ ছফটৱেৰ খণ্ডৰ অগ্রণী ইনফ'চিছে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকত ইয়াৰ কৰ্মচাৰীৰ সংখ্যাও ১৭০০০জন সংযোজন কৰিছে আৰু চলিত বিত্তীয় বর্ষত ২০০০০জন নতুন গ্রেজুৱেট কৰ্মচাৰীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে

ডিজিটেল ডেস্কঃ দেশৰ বৃহত্তম তথ্য-প্রযুক্তিৰ কোম্পানী টাটা কনছালটেন্সি ছার্ভিছেজে (টি চি এছ) কেইদিনমান পূর্বে ইয়াৰ গোলকীয় কর্মশক্তিৰ ২ শতাংশ হ্রাস কৰি ১২,০০০ কৰ্মচাৰীক চাকৰিৰ পৰা চাটাই কৰিব বুলি ঘোষণা কৰিছিল।


ইয়াৰ পাছতেই দেশৰ তথ্য-প্রযুক্তি খণ্ডত কৰ্মৰত ব্যক্তিসকলৰ মাজত হতাশাৰ সৃষ্টি হোৱাৰ লগতে সমগ্র দেশতে প্রতিক্ৰিয়াৰ সৃষ্টি হৈছিল। ইয়াৰ মাজতেই দেশৰ তথ্য-প্রযুক্তি খণ্ডত দক্ষ আৰু উপযুক্ত যুৱক-যুৱতীলৈ আশাৰ সঞ্চাৰ কৰিছে ভাৰতৰ অন্যতম অগ্রণী তথ্য-প্রযুক্তি কোম্পানী ইনফ'চিছে।


দেশৰ ছফটৱেৰ খণ্ডৰ অগ্রণী ইনফ'চিছে চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ত্রৈমাসিকত ইয়াৰ কৰ্মচাৰীৰ সংখ্যাও ১৭০০০জন সংযোজন কৰিছে আৰু চলিত বিত্তীয় বর্ষত ২০০০০জন নতুন গ্রেজুৱেট কৰ্মচাৰীক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে। সংবাদ মাধ্যম মানি কন্ট্রলৰ সৈতে হোৱা এটা আছুতীয়া সাক্ষাৎকাৰত ইনফ চিছৰ মুখ্য কাৰ্যবাহী বিষয়া (চিই অ') সলিল পাৰেখে এই গুৰুত্বপূর্ণ মন্তব্য কৰে।


কোম্পানীটোৰ বজাৰ প্রতিদ্বন্দ্বী টাটা কনছালটেন্সি ছার্ভিছেজৰ বিপৰীতে কৃত্রিম বুদ্ধিমত্তা (এ আই) আৰু ক্লাউড কম্পিউটিঙৰ ক্ষেত্ৰত ইনফ 'চিছে ইয়াৰ কৰ্প'ৰেট ব্যয় বৃদ্ধি কৰাৰ ফলত কোম্পানীটোৰ স্থিতি সবল হৈ পৰিছে।


পাৰেখে কয় যে এ আই খণ্ডত ইনফ 'চিছে কৌশলগত বিনিয়োগ কৰাৰ বাবেই ইয়াৰ ডিজিটেল ৰূপান্তৰৰ পদক্ষেপসমূহৰ গতি ত্বৰান্বিত হৈছে। পাৰেখে কয় যে চলিত বিত্তীয় বর্ষত ইনফ' চিছে ২০০০০ কলেজ গ্রেজুৱেটক নিযুক্তি দিয়াৰ পৰিকল্পনা কৰিছে আৰু পৰিকল্পনা অনুসৰি তেওঁলোক অগ্ৰসৰ হৈছে। তেওঁলোকে কোম্পানীৰ বিকাশৰ দিশত নিৰৱচ্ছিন্নভাবে গুৰুত্ব দি আহিছে। কলেজৰ স্নাতকসকলক এ আইৰ খণ্ডত নিয়োজিত কৰি প্রশিক্ষণ প্রদানেৰে দক্ষ কৰি তোলাৰ সংকল্প লৈছে ইনফ 'চিছে।


বেংগালুৰুস্থিত ইনফ 'চিছৰ চৌহদত ৩০ জুলাইত দিয়া এটা সাক্ষাৎকাৰত চি ই অ' পাৰেখে এইদৰে মন্তব্য কৰে। পাৰেখে কয় যে তেওঁলোকৰ এটা শক্তিশালী দল আছে আৰু তেওঁলোকে যিকোনো স্তৰত কাম কৰাৰ বাবে উপযুক্ত।



উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ