ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। স্বামীৰ মৃত্যুৰ পিছত দুটা সন্তানৰ মাতৃয়ে নিজতকৈ বয়সত সৰু প্ৰেমিকক লৈ পলায়ন কৰে। মহিলাগৰাকীয়ে নগদ ৩.৫ লাখ টকা আৰু বহুমূলীয়া গহনা লৈ ঘৰৰ পৰা পলাই যোৱাৰ অভিযোগ উঠিছে।
আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল মহিলাগৰাকীৰ ১৭ বছৰীয়া নাবালিক পুত্ৰ মনীষ বাৰ্মাই থানাত উপস্থিত হৈ আৰক্ষীক ন্যায় বিচাৰি কাতৰ অনুৰোধ জনায়। মনীষে কয় যে কিছুদিনৰ আগতে তেওঁৰ পিতৃ অসুস্থতাৰ বাবে মৃত্যু হৈছিল, তাৰ পিছত মুজাফ্ফৰনগৰৰ বাসিন্দা অনুজ ভাটি নামৰ এজন যুৱকৰ সৈতে তেওঁৰ মাকৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। শেহতীয়াকৈ মনীষৰ মাতৃয়ে ৰিহানা, শ্বাহজাদী আৰু নূৰজাহান নামৰ তিনিগৰাকী মহিলাৰ সৈতে পঞ্জাৱলৈ গৈছিল আৰু তাৰ পৰা অনুজৰ সৈতে পলায়ন কৰিছিল।
মনীষৰ অভিযোগ যে মাতৃৰ এই তিনি বান্ধৱীয়ে তেওঁক কেৱল ভাবুকি দিয়াই নহয়, মাৰপিটো কৰিছিল। তেওঁলোকে কয় যে তেওঁলোক কৃষক সংঘৰ লগত জড়িত, গতিকে তেওঁলোকৰ বিৰুদ্ধে একো কৰিব নোৱাৰে। ভুক্তভোগী মনীষে দাবী কৰে যে মাতৃয়ে ঘৰৰ সকলো সম্পত্তি বিক্ৰী কৰাৰ পাছত এতিয়া প্ৰেমিকজনে পিতৃৰ মাটি আৰু অন্যান্য সামগ্ৰী দখল কৰিব বিচাৰিছে। ইফালে ঘৰত খাদ্যৰ অভাৱ। মনীষ আৰু তেওঁৰ ডাঙৰ ভায়েক অকলশৰীয়া হৈ অহৰহ ভাবুকিৰ মাজত জীয়াই থকা বুলি সদৰী কৰিছে।
মনীষে কয় যে যদি আৰক্ষীক কিবা খবৰ দিয়ে তেন্তে তেওঁক ভুৱা গোচৰত জড়িত কৰিব বা হত্যা কৰিব বুলি ভাবুকি দিছে ৰেহানা, নূৰজাহান আৰু শ্বাহজাদীয়ে । মনীষে লগতে কয় যে সকলো কথা আৰক্ষীক কোৱা হৈছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গোচৰটো গংগোহ কোটৱালি অঞ্চলৰ, ২৫ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী।
ভুক্তভোগী পুত্ৰই মাতৃ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে যাতে তেওঁলোকে ন্যায় লাভ কৰিব পাৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ল’ৰাজনে থানাত এজাহাৰ দি কৈছে যে যিসকলে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো মই বিচাৰো।
 
                     
     
     
                         
                         
                         
                         
                         
                         
                         
                         
                             
                             
                             
                             
                             
                             
                            