--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ভুক্তভোগী পুত্ৰই মাতৃ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে যাতে তেওঁলোকে ন্যায় লাভ কৰিব পাৰে।

ডিজিটেল ডেস্কঃ  উত্তৰ প্ৰদেশৰ চাহাৰনপুৰৰ পৰা পোহৰলৈ আহিছে এক চাঞ্চল্যকৰ ঘটনা। স্বামীৰ মৃত্যুৰ পিছত দুটা সন্তানৰ মাতৃয়ে নিজতকৈ বয়সত সৰু প্ৰেমিকক লৈ পলায়ন কৰে। মহিলাগৰাকীয়ে নগদ ৩.৫ লাখ টকা আৰু বহুমূলীয়া গহনা লৈ ঘৰৰ পৰা পলাই যোৱাৰ অভিযোগ উঠিছে।


আটাইতকৈ চাঞ্চল্যকৰ কথাটো হ’ল মহিলাগৰাকীৰ ১৭ বছৰীয়া নাবালিক পুত্ৰ মনীষ বাৰ্মাই থানাত উপস্থিত হৈ আৰক্ষীক ন্যায় বিচাৰি কাতৰ অনুৰোধ জনায়। মনীষে কয় যে কিছুদিনৰ আগতে তেওঁৰ পিতৃ অসুস্থতাৰ বাবে মৃত্যু হৈছিল, তাৰ পিছত মুজাফ্ফৰনগৰৰ বাসিন্দা অনুজ ভাটি নামৰ এজন যুৱকৰ সৈতে তেওঁৰ মাকৰ প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠে। শেহতীয়াকৈ মনীষৰ মাতৃয়ে ৰিহানা, শ্বাহজাদী আৰু নূৰজাহান নামৰ তিনিগৰাকী মহিলাৰ সৈতে পঞ্জাৱলৈ গৈছিল আৰু তাৰ পৰা অনুজৰ সৈতে পলায়ন কৰিছিল।


মনীষৰ অভিযোগ যে মাতৃৰ এই তিনি বান্ধৱীয়ে তেওঁক কেৱল ভাবুকি দিয়াই নহয়, মাৰপিটো কৰিছিল। তেওঁলোকে কয় যে তেওঁলোক কৃষক সংঘৰ লগত জড়িত, গতিকে তেওঁলোকৰ বিৰুদ্ধে একো কৰিব নোৱাৰে। ভুক্তভোগী মনীষে দাবী কৰে যে মাতৃয়ে ঘৰৰ সকলো সম্পত্তি বিক্ৰী কৰাৰ পাছত এতিয়া প্ৰেমিকজনে পিতৃৰ মাটি আৰু অন্যান্য সামগ্ৰী দখল কৰিব বিচাৰিছে। ইফালে ঘৰত খাদ্যৰ অভাৱ। মনীষ আৰু তেওঁৰ ডাঙৰ ভায়েক অকলশৰীয়া হৈ অহৰহ ভাবুকিৰ মাজত জীয়াই থকা বুলি সদৰী কৰিছে।


মনীষে কয় যে যদি আৰক্ষীক কিবা খবৰ দিয়ে তেন্তে তেওঁক ভুৱা গোচৰত জড়িত কৰিব বা হত্যা কৰিব বুলি ভাবুকি দিছে ৰেহানা, নূৰজাহান আৰু শ্বাহজাদীয়ে । মনীষে লগতে কয় যে সকলো কথা আৰক্ষীক কোৱা হৈছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গোচৰটো গংগোহ কোটৱালি অঞ্চলৰ, ২৫ জুলাইৰ পৰা নিৰুদ্দেশ হৈ আছে মহিলাগৰাকী।


ভুক্তভোগী পুত্ৰই মাতৃ আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে যাতে তেওঁলোকে ন্যায় লাভ কৰিব পাৰে। আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। ল’ৰাজনে থানাত এজাহাৰ দি কৈছে যে যিসকলে এই কাম কৰিছে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱাটো মই বিচাৰো।


FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি