--°C
Loading...
Advertisement
Listen to Article
3 min read
80%

In Short

  • ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডিমিত্রি মেডভেডেভে আমেৰিকাক এই বুলি সতর্ক কৰি দিয়ে যে দেশখনে ৰাছিয়াৰ সৈতে নিৰ্ণায়ক খেল খেলিছে।

ডিজিটেল ডেস্ক : ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰাৰ লগতে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় কৰা আৰু বাণিজ্য কৰি থকাৰ কাৰণে অতিৰিক্তভাৱে জৰিমনা আৰোপ কৰাৰ কথা ঘোষণা কৰাৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে সামাজিক মাধ্যমত দিয়া এটা প'ষ্টত ভাৰত আৰু ৰাছিয়াক কটু ভাষাৰে সমালোচনা কৰে।


তেওঁ ভাৰতৰ অৰ্থনীতিক মৃত বুলি উল্লেখ কৰে। তেওঁ সামাজিক মাধ্যমত দিয়া প'ষ্টটোত ভাৰতক বিশ্বৰ ভিতৰতে আটাইতকৈ বেছি হাৰত শুল্ক আৰোপ কৰা দেশ বুলি অভিহিত কৰে। তেওঁ ভাৰতে ৰাছিয়াৰ সৈতে বেপাৰ-বাণিজ্যক সমালোচনাৰ লক্ষ্য কৰি লয় আৰু কয়, 'এই দুয়োখন দেশৰ অৰ্থনীতি মৃত আৰু দুয়োখন দেশে মিলি এতিয়া ইয়াক অধিক তললৈ লৈ যাব পাৰে।'


ট্রাম্পে লগতে কয়, 'ভাৰতে ৰাছিয়াৰ সৈতে কি কৰি আছে তাক লৈ মই পৰোৱা নকৰোঁ। আমি ভাৰতৰ সৈতে নিচেই সামান্য ব্যৱসায় কৰোঁ, তেওঁলোকৰ শুল্কৰ হাৰ অতি উচ্চ, বিশ্বৰ ভিতৰতে অন্যতম আটাইতকৈ বেছি।' ভাৰতৰ বিৰুদ্ধে ২৫% শুল্ক আৰোপ কৰাৰ ঘোষণাৰ কেইঘণ্টামানৰ পাছতে ট্রাম্পে এই মন্তব্য দিয়ে। তেওঁ ভাৰতক সমালোচনা কৰাৰ সময়তে ৰাছিয়াকো লক্ষ্য কৰি লয়।


ক্রেমলিনক লক্ষ্য কৰি ট্রাম্পে কয় যে আমেৰিকা আৰু ৰাছিয়াই একেলগে কোনো ধৰণৰ ব্যৱসায় প্ৰায় নকৰে আৰু সেইদৰেই থকা উচিত। তেওঁ পুনৰ কয়, 'ভাৰতে ৰাছিয়াৰ সৈতে মিলি কি কি কৰি আছে তালৈ মই পৰোৱা নকৰোঁ। কিন্তু দুয়োখন দেশে মিলি নিজৰ বিধ্বস্ত অর্থনীতিক অধিক তললৈ লৈ যাব পাৰে, ই মোক কোনো ধৰণৰ প্ৰভাৱ নেপেলায়।'


উল্লেখযোগ্য যে ভাৰত আৰু ৰাছিয়াৰ বন্ধুত্বক লৈ ট্রাম্পে কঠোৰ ভাষাৰে সমালোচনা কৰাৰ সময়ত মৰ্যাদাৰ সীমা চেৰাই যায়। উল্লেখযোগ্য যে ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডিমিত্রি মেডভেডেভে আমেৰিকাক এই বুলি সতর্ক কৰি দিয়ে যে দেশখনে ৰাছিয়াৰ সৈতে নিৰ্ণায়ক খেল খেলিছে। মেডভেডেভৰ এই মন্তব্যয়ো ট্রাম্পক ক্ষুব্ধ কৰে আৰু সেয়েহে এনেধৰণৰ মন্তব্য দিয়া বুলি সংবাদ মাধ্যমত কোৱা হৈছে।


ইফালে, ট্রাম্পে ভাৰতৰ অর্থনীতিক লৈ আপত্তিজনক মন্তব্য দি লগতে এই বুলিও কয় যে ভাৰত আমেৰিকাৰ মিত্র দেশ, কিন্তু শুল্কত কোনো ধৰণৰ ৰেহাই দিয়া নহ'ব। ইফালে, ট্রাম্পে পাকিস্তানৰ সৈতে এক বৃহৎ বাণিজ্যিক চুক্তি সম্পাদন কৰাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে আমেৰিকাই পাকিস্তানক খাৰুৱা তেল উদ্‌ঘাটন কৰাত সহায় কৰিব। তেওঁ লগতে ভাৰতৰ প্ৰতি আন এক আপত্তিজনক মন্তব্য দি কয়, 'বোধহয় ভাৰতে এদিন পাকিস্তানৰ পৰা খাৰুৱা তেল ক্ৰয় কৰিব।' ট্রাম্পে কয়, 'আমি পাকিস্তানৰ সৈতে এখন চুক্তি সম্পাদন কৰিছোঁ। ইয়াৰ অধীনত পাকিস্তান আৰু আমেৰিকাই মিলি এক বিশাল তৈলক্ষেত্রত বিকাশ সাধন কৰিম।' এই চুক্তিক কোনে নেতৃত্ব দিব তাক লৈ কথা-বতৰা চলি থকা বুলি ট্রাম্পে কয়।


ইফালে, পাকিস্তানী লোকসকলে সামাজিক মাধ্যমত ট্রাম্পৰ এই ঘোষণাক উপলুঙা কৰিবলৈ লৈছে। একাংশ পাকিস্তানী লোকে সামাজিক মাধ্যমত কয় যে দেশখনৰ ইমান বিশাল তৈল ভাণ্ডাৰ আছে বুলি এতিয়াহে জানিলে। আনহাতে, বল্টুমিটাৰে ২০১৬ চনত প্রকাশ কৰা তথ্য মতে, পাকিস্তানৰ হাতত ৩৫.৩৫ কোটি বেৰল খাৰুৱা তেল আছে। তৈল ভাণ্ডাৰৰ ক্ষেত্ৰত পাকিস্তান বিশ্বৰ ভিতৰত ৫২সংখ্যক স্থানত আছে আৰু বিশ্বৰ মুঠ তৈল ভাণ্ডাৰৰ মাত্র ০.০২১% তেল আছে পাকিস্তানত। আনহাতে, পাকিস্তানত প্রতিদিনে খাৰুৱা তেল উৎপাদন কৰা হয় মাত্র ৮৮,২৬২ বেৰল আৰু প্ৰতিদিনে দেশখনক লাগে ৫.৫৬ লাখ বেৰল। দেশখনে ৮০% খাৰুৱা তেল আমদানি কৰে। পাকিস্তানৰ চৰকাৰী তেল কোম্পানী অ' জি ডি চি এলে সিন্ধু, খৈবাৰ পাখটুনখা আৰু পঞ্জাবত নতুন তৈল ভাণ্ডাৰ পোৱা বুলি দাবী কৰিছে।


আনহাতে, পাকিস্তানৰ সামুদ্রিক ক্ষেত্রত বিশাল তৈল ভাণ্ডাৰৰ সন্ধান পোৱা বুলি দাবী কৰা হৈছিল যোৱা বছৰ। এই তৈল ভাণ্ডাৰ ছৌডি আৰব, ইৰান আৰু ভেনিজুৱেলাৰ পাছতে চতুর্থ স্থানত থকা বুলি দাবী কৰা হৈছে, কিন্তু এই দাবীক এতিয়ালৈকে নিশ্চিত কৰা হোৱা নাই। এই তৈল ভাণ্ডাৰৰ এতিয়ালৈকে বাণিজ্যিক খনন হোৱা নাই বা তেলৰ গুণো পৰীক্ষা কৰা হোৱা নাই। এই তৈল ভাণ্ডাৰৰ বিকাশৰ বাবে কমেও পাঁচ বছৰ লাগিব আৰু ব্যয় হ'ব প্রায় ৫০০ কোটি ডলাৰ। ইয়াৰ আন্তঃগাঁথনি নিৰ্মাণৰ কাৰণে ইয়াত অধিক ধনৰ প্ৰয়োজন হ'ব।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement