--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিচাৰপীঠখনে কয় যে এটা ঘাইপথত বাহনসমূহে দ্রুতবেগত যাব পাৰে আৰু যদি চালকজনে তেওঁৰ বাহনখন ৰখাবলৈ বিচাৰে, তেনেহ'লে বাহনখন ৰখোৱাৰ পূৰ্বে চালকজনে পাছত থকা আন বাহনৰ চালকক এটা সাৱধান সংকেত বা ছিগনেল দিব লাগে।

ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ে পথ দুর্ঘটনাৰ বিষয়ত এটা গুৰুত্বপূৰ্ণ ৰায় দি কয় যে কোনো ধৰণৰ সাৱধান সংকেত নিদিয়াকৈ ঘাইপথত এখন বাহনৰ চালকে যদি হঠাতে ব্রেক মাৰে, তেনেহ'লে ইয়াৰ পৰা সৃষ্টি হোৱা পথ দুর্ঘটনাটোৰ ক্ষেত্ৰত চালকজনক অমনোযোগী বুলি গণ্য কৰা হ'ব।


উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু অৰবিন্দ কুমাৰৰে গঠিত বিচাৰপীঠখনে মঙলবাৰে মন্তব্য কৰে যে এটা ঘাইপথৰ মাজত চালকজনে হঠাতে গাড়ীখন ৰখালে, আনকি তেওঁৰ ব্যক্তিগত জৰুৰী কাৰণতো যদি ঘাইপথৰ মাজত গাড়ীখনৰ হঠাতে ব্রেক মাৰে, তেনেহ'লে চালকজনৰ এই কাণ্ডই পথৰ আন যাতায়াতকাৰীক সংকটত পেলায়।


বিচাৰপীঠখনে কয় যে এটা ঘাইপথত বাহনসমূহে দ্রুতবেগত যাব পাৰে আৰু যদি চালকজনে তেওঁৰ বাহনখন ৰখাবলৈ বিচাৰে, তেনেহ'লে বাহনখন ৰখোৱাৰ পূৰ্বে চালকজনে পাছত থকা আন বাহনৰ চালকক এটা সাৱধান সংকেত বা ছিগনেল দিব লাগে। উল্লেখযোগ্য যে ২০১৭ চনৰ ৭ জানুৱাৰীত কয়ম্বাটোৰত সংঘটিত এটা পথ দুৰ্ঘটনাৰ পাছত এজন অভিযান্ত্রিক ছাত্র এছ মহম্মদ হাকিমৰ বাওঁ ভৰিখন কাটি পেলাব লগা হৈছিল। সেই ভুক্তভোগী হাকিমে দাখিল কৰা এখন আৱেদনৰ শুনানি লৈ দিয়া ৰায়ত বিচাৰপীঠখনে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


হাকিমে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত তেওঁৰ আগত যোৱা গাড়ীখনে হঠাতে ব্রেক মৰাত হাকিম গুৰুতৰভাৱে আহত হৈছিল। গাড়ীখনৰ চালকে দাবী কৰিছিল যে গাড়ীখনত থকা তেওঁৰ গৰ্ভৱতী পত্নীয়ে বমি কৰাৰ বাবেই তেওঁ গাড়ীখনৰ হঠাতে ব্রেক মাৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে চালকজনৰ দাবী নাকচ কৰি কয় যে ঘাইপথৰ মাজত কোনো সাৱধান সংকেত নিদিয়াকৈ হঠাতে ব্রেক মৰাটো যুক্তিসংগত ব্যাখ্যা নহয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু