--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • বিচাৰপীঠখনে কয় যে এটা ঘাইপথত বাহনসমূহে দ্রুতবেগত যাব পাৰে আৰু যদি চালকজনে তেওঁৰ বাহনখন ৰখাবলৈ বিচাৰে, তেনেহ'লে বাহনখন ৰখোৱাৰ পূৰ্বে চালকজনে পাছত থকা আন বাহনৰ চালকক এটা সাৱধান সংকেত বা ছিগনেল দিব লাগে।

ডিজিটেল ডেস্কঃ দেশৰ উচ্চতম ন্যায়ালয়ে পথ দুর্ঘটনাৰ বিষয়ত এটা গুৰুত্বপূৰ্ণ ৰায় দি কয় যে কোনো ধৰণৰ সাৱধান সংকেত নিদিয়াকৈ ঘাইপথত এখন বাহনৰ চালকে যদি হঠাতে ব্রেক মাৰে, তেনেহ'লে ইয়াৰ পৰা সৃষ্টি হোৱা পথ দুর্ঘটনাটোৰ ক্ষেত্ৰত চালকজনক অমনোযোগী বুলি গণ্য কৰা হ'ব।


উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ সুধাংশু ধুলীয়া আৰু অৰবিন্দ কুমাৰৰে গঠিত বিচাৰপীঠখনে মঙলবাৰে মন্তব্য কৰে যে এটা ঘাইপথৰ মাজত চালকজনে হঠাতে গাড়ীখন ৰখালে, আনকি তেওঁৰ ব্যক্তিগত জৰুৰী কাৰণতো যদি ঘাইপথৰ মাজত গাড়ীখনৰ হঠাতে ব্রেক মাৰে, তেনেহ'লে চালকজনৰ এই কাণ্ডই পথৰ আন যাতায়াতকাৰীক সংকটত পেলায়।


বিচাৰপীঠখনে কয় যে এটা ঘাইপথত বাহনসমূহে দ্রুতবেগত যাব পাৰে আৰু যদি চালকজনে তেওঁৰ বাহনখন ৰখাবলৈ বিচাৰে, তেনেহ'লে বাহনখন ৰখোৱাৰ পূৰ্বে চালকজনে পাছত থকা আন বাহনৰ চালকক এটা সাৱধান সংকেত বা ছিগনেল দিব লাগে। উল্লেখযোগ্য যে ২০১৭ চনৰ ৭ জানুৱাৰীত কয়ম্বাটোৰত সংঘটিত এটা পথ দুৰ্ঘটনাৰ পাছত এজন অভিযান্ত্রিক ছাত্র এছ মহম্মদ হাকিমৰ বাওঁ ভৰিখন কাটি পেলাব লগা হৈছিল। সেই ভুক্তভোগী হাকিমে দাখিল কৰা এখন আৱেদনৰ শুনানি লৈ দিয়া ৰায়ত বিচাৰপীঠখনে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে।


হাকিমে মটৰচাইকেলেৰে গৈ থকা অৱস্থাত তেওঁৰ আগত যোৱা গাড়ীখনে হঠাতে ব্রেক মৰাত হাকিম গুৰুতৰভাৱে আহত হৈছিল। গাড়ীখনৰ চালকে দাবী কৰিছিল যে গাড়ীখনত থকা তেওঁৰ গৰ্ভৱতী পত্নীয়ে বমি কৰাৰ বাবেই তেওঁ গাড়ীখনৰ হঠাতে ব্রেক মাৰিছিল। কিন্তু উচ্চতম ন্যায়ালয়ে চালকজনৰ দাবী নাকচ কৰি কয় যে ঘাইপথৰ মাজত কোনো সাৱধান সংকেত নিদিয়াকৈ হঠাতে ব্রেক মৰাটো যুক্তিসংগত ব্যাখ্যা নহয়।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ