--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এপটোত অদৃশ্য কিম্বা অশৰীৰী শিক্ষকৰ অৱস্থিতি বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনাইছে সদৌ অসম সম্মিলিত শিক্ষক মঞ্চই। শিক্ষা সেতু এপৰ বিসংগতি আৰু কার্যদক্ষতা সম্পর্কত শিক্ষক সমাজৰ অভিযোগ দীর্ঘদিনীয়া।

ডিজিটেল ডেস্ক :'শিক্ষা সেতু' এপত মঙলবাৰৰ দিনটোত বৃহৎ সংখ্যক শিক্ষকৰ অনুপস্থিতি দেখুওৱাত শিক্ষক সংগঠনসমূহৰ মাজত তীব্র প্রতিক্রিয়া হৈছে।


এপটোত অদৃশ্য কিম্বা অশৰীৰী শিক্ষকৰ অৱস্থিতি বিষয়টো স্পষ্ট কৰিবলৈ দাবী জনাইছে সদৌ অসম সম্মিলিত শিক্ষক মঞ্চই। শিক্ষা সেতু এপৰ বিসংগতি আৰু কার্যদক্ষতা সম্পর্কত শিক্ষক সমাজৰ অভিযোগ দীর্ঘদিনীয়া।


সেয়েহে শিক্ষক সংগঠনসমূহে শিক্ষা সেতু এপৰ শেহতীয়া তথ্য মানি ল'ব পৰা নাই। ৰাজ্যখনৰ ৪৪,৪৯২খন বিদ্যালয়ৰ বিপৰীতে মঙলবাৰৰ দিনটোত ২,০২,৫৬২গৰাকী কৰ্মৰত শিক্ষকৰ ভিতৰত শিক্ষা সেতু এপত দেখুওৱা অনুপস্থিতিৰ সংখ্যা আছিল ৪৩,৫৭৬গৰাকী। ইয়াৰ ভিতৰত ছুটী আৰু প্রশিক্ষণত থকা ১৯২৩২গৰাকী শিক্ষকক বাদ দিলে অকর্তৃত্বশীলভাৱে অনুপস্থিত থকা শিক্ষকৰ সংখ্যা ২৫,৩৪৪ গৰাকী।


সম্মিলিত শিক্ষক মঞ্চৰ মুখ্য সভাপতি ৰঞ্জিৎ বৰঠাকুৰ আৰু মুখ্য সম্পাদক উৎপল চক্ৰৱৰ্তীয়ে বিবৃতিত উল্লেখ কৰে এই অনুপস্থিতি কেনেকৈ সম্ভৱ হৈছে সেইটো আজিৰ দিনত ডাঙৰ প্ৰশ্ন। কি কাৰণত এইদৰে অকর্তৃত্বশীলভাবে বিদ্যালয়ত অনুপস্থিত বৃহৎ সংখ্যক অশৰীৰী কিম্বা অদৃশ্য শিক্ষকক চৰকাৰী ৰাজকোষৰ পুঁজি অপচয় কৰি দৰমহা আদায় দি আছে। আচলতে হৈছে কি?


এয়া তথ্য বিভ্রাট নে শিক্ষক সমাজে শিক্ষা সেতু এপৰ বিসংগতি সম্পৰ্কত আৰম্ভণিৰ পৰা তথ্যসহকাৰে কৰি অহা অভিযোগৰ সত্যতা পুনৰবাৰ প্ৰতিপন্ন হ'ল। যিটো এপ অসমত ব্যৱহাৰৰ সফলতাৰ বাবে দুবাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। তেনে ক্ষেত্রত এনে অদ্ভুত বিষয় এটা কোনো কাৰণতে গ্রহণযোগ্য নহয়। শিক্ষক মঞ্চই কয় যে শিক্ষক সমাজক সামাজিকভাবে হেয় কৰিব পৰা বিষয়টো সন্দৰ্ভত স্পষ্ট হোৱা উচিত। যদি শিক্ষা সেতুৰ তথ্য সঁচা তেন্তে তাৎক্ষণিকভাৱে শিক্ষকসকলৰ তালিকা ৰাজহুৱা কৰিব লাগে।


আনহাতে, যদি শিক্ষকসকলে নিয়মীয়াকৈ উপস্থিতি দি থকা সত্ত্বেও এপত উপস্থিতি দেখুওৱা নাই তেন্তে শিক্ষক সমাজৰ অভিযোগ স্বীকাৰ কৰি শিক্ষা সেতু এপক বিসংগতিমুক্ত কৰাৰ দাবী সদৌ অসম সম্মিলিত শিক্ষক মঞ্চৰ।


উল্লেখযোগ্য যে যোৱা বছৰ জুলাই মাহত শিক্ষা সেতুৰ ব্যৱহাৰৰ ক্ষেত্রত বিভিন্ন বিসংগতি সম্পর্কত শিক্ষক সমাজৰ ধাৰাবাহিক অভিযোগৰ পৰিপ্ৰেক্ষিতত বিষয়টো অৱসানৰ বাবে মুখ্যমন্ত্রীয়ে আসোঁৱাহ, অভিযোগ আৰু পৰামৰ্শ গ্রহণ কৰি তাৰ নিৰাময় কৰিবলৈ বিদ্যালয় শিক্ষা বিভাগে গুৱাহাটী আই আই টিৰ অধ্যাপক পৰমেশ্বৰ কে আয়াৰ, গুৱাহাটী আই আই টিৰ ভাৰপ্ৰাপ্ত সঞ্চালক অধ্যাপক শৰৎ কুমাৰ পাত্ৰ, কটন বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ আৰু তথ্য প্রযুক্তি বিভাগৰ সহকাৰী অধ্যাপক ড হিতেন চৌধুৰী আৰু প্ৰাথমিক শিক্ষা বিভাগৰ সঞ্চালকক সদস্য সচিব হিচাপে লৈ এখন চাৰিজনীয়া সমিতি গঠন কৰি দিছিল।


সমিতিখনক ৰাজ্যখন বিভিন্ন আওহতীয়া দহখন বিদ্যালয়ৰ ক্ষেত্রত ভিত্তিক তথ্য সংগ্ৰহ কৰিবলৈ কোৱা হৈছিল। ইয়াৰ প্ৰতিবেদন যোৱা বছৰৰ ছেপ্টেম্বৰ মাহত ৰাজহুৱা কৰাৰ কথা ঘোষণা কৰিছিল যদিও আজি ন মাহ অতিক্ৰম কৰাৰ পাছতো এই সম্পৰ্কত কি কৰা হৈছে শিক্ষক সংগঠনসমূহ অৱগত নহয়।


শীঘ্ৰে উল্লিখিত প্রতিবেদনখন ৰাজহুৱা হ'ব লাগে আৰু শিক্ষা সেতু এপ ত্রুটিমুক্ত হ'ব লাগে। ইয়াৰ পূৰ্বেও অশৰীৰী শিক্ষাৰ্থীৰ অৱস্থিতি সম্পর্কতো বিভিন্ন সময়ত বিভিন্ন তথ্য প্রকাশ হৈছিল। শিক্ষা সেতু এপ বিসংগতিমুক্ত হ'ব লাগিব, আৰু শিক্ষক, শিক্ষার্থী আৰু শিক্ষানুষ্ঠানৰ প্ৰকৃত তথ্য আহৰণ কৰি নতুন বাস্তৱমুখী আৰু প্রায়োগিক আঁচনিৰে ৰাজ্যখন শিক্ষা খণ্ডৰ বিদ্যায়তনিক পৰিৱেশ উন্নত কৰি অসমৰ শিক্ষা ব্যৱস্থা দেশৰ অনুকৰণীয় কৰিব লাগে বুলি শিক্ষক মঞ্চই বিবৃতিত উল্লেখ কৰে।


উৎসঃ দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু