ডিজিটেল ডেস্কঃ আমেৰিকাৰ আন যিকোনো দেশৰ লগত সম্বন্ধৰ মূল ভিত্তিয়েই হৈছে বাণিজ্যিক লাভালাভ আৰু বিশ্বৰ বিভিন্ন স্থানলৈ নিজৰ প্ৰভাৱ আৰু প্রতিপত্তি বিস্তাৰত আন দেশৰ পৰা সহযোগ আদায় কৰা।
মার্কিন পুঁজি আৰু পুঁজিপতিৰ স্বাৰ্থ ব্যতিৰেকে আমেৰিকাৰ বৈদেশিক নীতি নির্ধাৰণ হ'ব নোৱাৰে। এইবোৰ কৰা হয় আকৌ 'বিশ্ব শান্তি' আৰু 'গণতন্ত্র' ৰক্ষাৰ দোহাই দি। নকৈ স্বাধীনতা লাভ কৰা ভাৰতবৰ্ষৰ প্ৰতি প্ৰথমে আমেৰিকাৰ মনোভাব কিছু কৌতূহলজনিত-মিশ্রিত আছিল। কাৰণ যোৱা শতিকাৰ চল্লিশ-পঞ্চাশৰ দশক, বিশেষকৈ দ্বিতীয় বিশ্ব যুদ্ধৰ পৰৱৰ্তী সময়ছোৱা বিশ্বত ছোভিয়েট ৰাছিয়া তথা সাম্যবাদৰ প্ৰভাৱ বৃদ্ধিৰ যুগ আছিল।
আমেৰিকাৰ গৃহীত নীতি পুঁজিবাদ আৰু ৰাছিয়াৰ সাম্যবাদ দুটা পৰস্পৰ-বিৰোধী মতাদর্শ। সেইবাবেই দুই শিবিৰৰ প্ৰভাৱ বৃদ্ধিৰ শীতল যুদ্ধ আৰম্ভহৈছিল। জৱাহৰলাল নেহৰ-নেতৃত্বাধীন ভাৰতবৰ্ষই সেইবাবেই এই দুয়োটা শিবিৰৰ পৰা দূৰত্ব বজাই ৰাখি গোষ্ঠী নিৰপেক্ষ ৰাষ্ট্ৰৰ এটা আন্তর্জাতিক ভাৱনাৰ উন্মেষ ঘটাইছিল। তথাপি কিন্তু আমেৰিকা ভাৰতৰ প্ৰতি সদয় হোৱা নাছিল। লালবাহাদুৰ শাস্ত্রীয়ে জৱাহৰলাল নেহৰুৰ নীতিকে সাৰোগত কৰিছিল।
ইন্দিৰা গান্ধীয়ে আমেৰিকাৰ লগত দ্বিপাক্ষিক সম্বন্ধ গঢ়ি তোলাত বিশেষ সতর্কতা অবলম্বন কৰিছিল। নিজৰ স্থিতিৰ পৰা আঁতৰি অহা নাছিল। ইন্দিৰাৰ দৃঢ়তাক আমেৰিকাই ভয় কৰিছিল। সেইবাবেই ভাৰতৰ অভ্যন্তৰীণ বিষয়ত মূৰ সুমুৱাই ভাৰতত অন্তর্কন্দল লগাবলৈ মার্কিন চোৰাংচোৱা সংস্থা চি আই এই নানা ছল-চক্রান্ত কৰিছিল। শীতল যুদ্ধৰ অৱসানৰ পাছত বিশ্ব ৰাজনীতিত আমেৰিকা বেপৰোৱা হৈ পৰে।
বিশেষকৈ আৰব বিশ্বত দখলদাৰিত্বৰ খেল খেলিবলৈ গৈ ইছলামিক মৌলবাদক প্ৰৰোচিত কৰি অস্থিৰতাৰ সৃষ্টি কৰি তেলৰ সাম্রাজ্য দখল কৰি আছিল। এসময়ত ইছলামিক মৌলবাদী শক্তিয়ে উভতি ধৰিলে। ছোভিয়েট ৰাছিয়াৰ পতনৰ পাছত লাভ কৰা স্বস্তি খন্তেকীয়া হ'ল। সমাজতন্ত্ৰৰ পাছত পুনৰ পুঁজিবাদী পথ অনুসৰণ কৰা ৰাছিয়াও বৰ কম সময়ৰ ভিতৰতেই আমেৰিকাৰ প্ৰতিদ্বন্দ্বী হৈ উঠিল। আনহাতে, চীনেও পুঁজিবাদী-বজাৰ অর্থনীতিক এটা পর্যায়লৈ বিকশিত হ'বলৈ এৰি দিয়াত চীনৰ পৰাও আমেৰিকাৰ বিশ্ব বাণিজ্যত থকা আধিপত্যৰ প্রতি প্রত্যাহ্বানৰ সৃষ্টি হ'ল। ফলস্বৰূপে আমেৰিকা ক্রমশঃ পিছুৱাই আহিবলৈ বাধ্য হ'ল। বিশ্বায়নৰ নতুন অর্থনৈতিক ব্যৱস্থাই পুঁজিবাদী দেশসমূহলৈ নতুন সংকটো আনিলে। ফলস্বৰূপে বৈদেশিক সম্পৰ্কসমূহ পুনৰীক্ষণ কৰিব লগা হ'ল। শত্রু-মিত্ৰৰ তালিকাখনো নতুনকৈ পর্যালোচনা কৰিব লগা হ'ল।
ভাৰত-আমেৰিকা সম্পৰ্কৰ ক্ৰমাৎ উন্নতি ঘটিবলৈ আৰম্ভ হৈছিল ভাৰত-মার্কিন অসামৰিক পৰমাণু চুক্তিৰ পৰৱৰ্তীকালত। ড° মনমোহন সিঙেবাওঁপন্থী দল আৰু বিজেপিৰ তীব্র বিৰোধ সত্ত্বেও এই আইন পালিত কৰিছিল। ২০১৪৩ যেতিয়া নৰেন্দ্ৰ মোদী প্রধানমন্ত্রী হয়, লগে লগে আমেৰিকাৰ প্ৰতি নতুন সম্পৰ্কৰ বিন্যাসৰ বাবে আহ্বান জনোৱা হয়। ড'নাল্ড ট্রাম্প প্ৰথমবাৰ ৰাষ্ট্ৰপতি হওঁতে এই সম্বন্ধ অধিক সৌহার্দ্যপূর্ণ হৈ উঠে।
ভাৰতৰ প্ৰধানমন্ত্ৰীৰ আমেৰিকালৈ যাত্রা, হাউডী মোদী কাৰ্যসূচীৰ ব্যাপক প্ৰচাৰ হয়। ইয়াৰ পাছত ড'নাল্ড ট্রাম্প ভাৰতলৈ আহে। গুজৰাটৰ ষ্টেডিয়াম লোকাৰণ্য হয়। ট্রাম্পৰ চকুত নপৰিবলৈ বস্তি অঞ্চল ওখ দেৱালেৰে বেৰি দিয়া হয়। কিন্তু পৰৱৰ্তী নির্বাচনত ট্রাম্প পৰাজিত হয়। দ্বিতীয়বাৰ জয়লাভ কৰাৰ পাছত ট্রাম্প চৰকাৰৰ ভাৰত সম্পৰ্কীয় নীতি সম্পূর্ণ সলনি হয়। পহলগাম আক্ৰমণৰ পাছত হোৱা ভাৰত-পাকিস্তান যুদ্ধৰ প্ৰসংগত আমেৰিকা পাকিস্তানৰ প্ৰতি স্পষ্টভাবেই কোমল যেন লাগিল। তাৰ আগতে আমেৰিকা প্রবাসী একাংশ ভাৰতীয়ক অতি অপমানজনকভাবে হাত-ভৰি বান্ধি সামৰিক বিমানত গৰু-ছাগলী অনা দি ভাৰতৰ মাটিত নমাই থৈ যোৱা হ'ল। একাধিকবাৰ তেনে কৰাৰ পাছতো ভাৰত চৰকাৰে এনে কাৰ্যৰ প্ৰতিবাদ নকৰিলে। ভাৰত-পাকিস্তান যুদ্ধ ট্রাম্পৰ মধ্যস্থতাত বন্ধ হ'ল বুলি ড'নাল্ড ট্রাম্পে সমগ্র বিশ্বতে বাৰে বাৰে ঘোষণা কৰাৰ পাছতো যথা সময়ত ভাৰত চৰকাৰে তাৰ প্ৰতিবাদ নকৰিলে।
শেহতীয়াকৈ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ মধ্যস্থতাত যুদ্ধ বন্ধ হোৱা নাই বুলি সংসদত কৰা ঘোষণাৰ পাছতে ট্রাম্পে পুনৰ পূৰ্বৰ ঘোষণা দোহাৰিলে। পাকিস্তানৰ সেনাধ্যক্ষৰ লগত হোৱাইট হাউছত নৈশ আহাৰো কৰিলে। সন্ত্রাসবাদ সম্পৰ্কীয় ৰাষ্ট্ৰসংঘৰ নিৰপত্তা পৰিষদৰ সমিতিত পাকিস্তানক দায়িত্বপূর্ণ পদত ৰাখিলে। আৰু এনে বহু ঘটনা ঘটি গ'ল যাৰ পৰা এই কথা স্পষ্ট হৈ পৰিল যে 'ট্রাম্পৰ বন্ধু' আখ্যা পোৱা নৰেন্দ্ৰ মোদী তথা ভাৰতক ড'নাল্ড ট্রাম্পে যে গুৰুত্ব নিদিয়ে, সেই কথা মুকলি হৈ পৰিল। আমেৰিকা প্রবাসী ভাৰতীয়সকলৰ অসুবিধা হ'ব পৰাধৰণৰ নানা কাম সচেতনভাবেই ড'নাল্ড ট্রাম্পে কৰি আছে।
শেহতীয়াকৈ ভাৰতীয় পণ্য সামগ্ৰীৰ ওপৰত ট্রাম্প চৰকাৰে অতিৰিক্ত পঁচিশ শতাংশ শুল্ক আৰোপ কৰিছে, যাৰ ফলত ভাৰতৰ বাণিজ্যত বিরূপ প্রভাৱ পৰিব। ভাৰতৰ দৰে এখন দেশে প্রয়োজনীয় পণ্য সামগ্রী বিশ্বৰ কোন দেশৰ পৰা ক্ৰয় কৰিব, সেইক্ষেত্ৰত নিজে সিদ্ধান্ত ল'ব। ভাৰতীয় স্বাৰ্থৰ অনুকূলতাক প্রাথমিকতা দিব। সেইক্ষেত্রত আমেৰিকা ক্ষুণ্ণ হ'লে নচলিব। যিদৰে ট্রাম্পৰ বাবে আমেৰিকা ফার্স্ট ঠিক তেনেদৰে ভাৰতৰ বাবেও 'ভাৰত ফার্স্ট' হ'ব। আমি ভাৰতৰ স্বাৰ্থক অগ্রাধিকাৰ দিব লাগিব। ড'নাল্ড ট্রাম্পে নিজৰ ব্যৰ্থতা আৰু বিশ্ব বাণিজ্যত আমেৰিকাৰ ক্রমহ্রাসমান স্থিতিৰ বাবে ভাৰতক অহেতুক জগৰীয়া কৰিছে। শেহতীয়াকৈ ভাৰতেও বৈদেশিক নীতি নির্ধাৰণত কিছু বিফলতা প্রদর্শন কৰিছে। সংসদত বিৰোধী পক্ষই এইক্ষেত্রত উত্থাপন কৰা অভিযোগসমূহ অৱজ্ঞা কৰিব পৰাধৰণৰ নহয়।
দ্বিপাক্ষিক সমস্যা সমাধানৰ বাবে থকা আলাপ-আলোচনাৰ পথো ট্রাম্পে বন্ধ কৰিছে। এইক্ষেত্ৰত ভাৰত সমস্যাত পৰিব পাৰে, কিন্তু আমেৰিকাও সমস্যামুক্ত নহয়।
উৎসঃ দৈনিক জনমভূমি