--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী ট্ৰাক চালকৰ টোপনিয়ে হল কাল। এই টোপনিয়ে প্ৰাণ কাঢ়িলে ৫জনকৈ লোকৰ।  চিমেণ্টৰ বেগ কঢ়িয়াই অনা এখন ট্ৰাকৰ খুন্দাত ৫জন লোকে প্ৰাণ হেৰুৱাইছে।

তামিলনাডুত সংঘটিত হৈছে এক শোকাৱহ দুৰ্ঘটনা। এই ঘটনা সংঘটিত হৈছে ৰাজ্যখনৰ পুডুক্কোট্টাই জিলাত। দুৰ্ঘটনা সংঘটিত কৰা ট্ৰাকখন আৰিয়ালুৰৰ পৰা শিৱগংগাইলৈ গৈ আছিল বুলি আৰক্ষীয়ে লগতে জানিবলৈ দিয়ে।

এই দুৰ্ঘটনাত ১৯জন লোক গুৰুতৰভাৱে আহত হৈছে। শনিবাৰে পুৱতি নিশা সংঘটিত হয় এই দুৰ্ঘটনা। নিয়ন্ত্ৰণহীন ট্ৰাকখনে খুন্দা মাৰে পথৰ কাষৰ এখন চাহৰ দোকানৰ লগতে ৰখাই থোৱা কেইখনমান বাহনত।

সেইসময়ত দোকানখনত চাহ খাই আছিল সবৰীমালা মন্দিৰ দৰ্শনৰ উদ্দেশ্যে যাত্ৰা কৰা কেইবাজনো তীৰ্থযাত্ৰীয়ে।

ট্ৰাকখনৰ খুন্দাত চাহ খাই থকা অৱস্থাতে পাঁচজন লোকৰ মৃত্যু হয় আৰু প্ৰায় ১৯জন লোক আহত হয়। এই দুৰ্ঘটনাত চাহ দোকানখনৰ সমীপতে ৰখাই থোৱা এখন গাড়ী আৰু আন দুচকীয়া বাহনৰো ক্ষতিসাধন হয়।

প্ৰাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে সদৰী কৰা মতে, ট্ৰাকখনৰ চালকজনে গাড়ী চলাই থকাৰ সময়তে টোপনি যোৱাৰ ফলত নিয়ন্ত্ৰণ হেৰাইছিল ট্ৰাকখনে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement