--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এছিয়ান গেমছৰ উন্মাদনাৰ মাজতেই ৰণশিঙা বাজিল আই চি চি এদিনীয়া বিশ্বকাপৰ৷ বিশ্বকাপৰ মূল খেলৰ পূৰ্বে দেশৰ তিনিখন চহৰত আৰম্ভ হৈছে প্ৰস্তুতি পৰ্ব৷ শুকুৰবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰথম মেচত অংশ লয় শ্ৰীলংকা আৰু বাংলাদেশে৷ আজি বৰ্ষাপাৰাৰ প্ৰস্তুতি মেচত মুখামুখি হ’ব আয়োজক ভাৰত আৰু ইংলেণ্ড৷ গুৱাহাটীৰ পৰাই ইংলেণ্ড দলটো বিশ্বকাপৰ উদ্বোধনী মেচ খেলিবলৈ আহমেদাবাদ অভিমুখে ৰাওনা হ’ব৷ আনহাতে, দেওবাৰে তিৰুৱনন্তপুৰম অভিমুখে ৰাওনা হ’ব টীম ইণ্ডিয়া৷

ভাৰত বনাম ইংলেণ্ড ৱাৰ্ম-আপ ক’ত, কেনেকৈ উপভোগ কৰিব পাৰিব?
ষ্টাৰ স্পৰ্টছ চেনেলত খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ চলিব৷ আনহাতে হটষ্টাৰে খেলখনৰ লাইভ ষ্ট্ৰীমিং প্ৰদান কৰিব।

ভাৰত বনাম ইংলেণ্ড ৱাৰ্ম-আপ কেতিয়া আৰু ক’ত খেলা হ’ব?
খেলখন ভাৰতীয় সময় মতে দুপৰীয়া ২ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আৰম্ভ হ'ব।

প্ৰস্তুতি মেচৰ খেলুৱৈসকল:
ভাৰত: ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, মহম্মদ ছামী, ৰবিচন্দ্ৰন অশ্বিন, ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ।

ইংলেণ্ড: জছ বাটলাৰ, মইন আলী, গাছ এটকিনছন, জনি বেয়াৰস্টো, ছেম কুৰান, লিয়াম লিভিংষ্টোন, দাৱিদ মালান, আদিল ৰছিদ, জো ৰুট, হেৰী ব্ৰুক, বেন ষ্টোকছ, ৰিচ টপলী, ডেভিড ৱিলি, মাৰ্ক উড, ক্ৰিছ ৱ'ক্স।









FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ