--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: এছিয়ান গেমছৰ উন্মাদনাৰ মাজতেই ৰণশিঙা বাজিল আই চি চি এদিনীয়া বিশ্বকাপৰ৷ বিশ্বকাপৰ মূল খেলৰ পূৰ্বে দেশৰ তিনিখন চহৰত আৰম্ভ হৈছে প্ৰস্তুতি পৰ্ব৷ শুকুৰবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামৰ প্ৰথম মেচত অংশ লয় শ্ৰীলংকা আৰু বাংলাদেশে৷ আজি বৰ্ষাপাৰাৰ প্ৰস্তুতি মেচত মুখামুখি হ’ব আয়োজক ভাৰত আৰু ইংলেণ্ড৷ গুৱাহাটীৰ পৰাই ইংলেণ্ড দলটো বিশ্বকাপৰ উদ্বোধনী মেচ খেলিবলৈ আহমেদাবাদ অভিমুখে ৰাওনা হ’ব৷ আনহাতে, দেওবাৰে তিৰুৱনন্তপুৰম অভিমুখে ৰাওনা হ’ব টীম ইণ্ডিয়া৷

ভাৰত বনাম ইংলেণ্ড ৱাৰ্ম-আপ ক’ত, কেনেকৈ উপভোগ কৰিব পাৰিব?
ষ্টাৰ স্পৰ্টছ চেনেলত খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ চলিব৷ আনহাতে হটষ্টাৰে খেলখনৰ লাইভ ষ্ট্ৰীমিং প্ৰদান কৰিব।

ভাৰত বনাম ইংলেণ্ড ৱাৰ্ম-আপ কেতিয়া আৰু ক’ত খেলা হ’ব?
খেলখন ভাৰতীয় সময় মতে দুপৰীয়া ২ বজাৰ পৰা গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আৰম্ভ হ'ব।

প্ৰস্তুতি মেচৰ খেলুৱৈসকল:
ভাৰত: ৰোহিত শৰ্মা, হাৰ্দিক পাণ্ডিয়া, শুভমন গীল, বিৰাট কোহলী, শ্ৰেয়াছ আয়াৰ, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা, শাৰ্দুল ঠাকুৰ, যশপ্ৰীত বুমৰাহ, মহম্মদ চিৰাজ, কুলদীপ যাদৱ, মহম্মদ ছামী, ৰবিচন্দ্ৰন অশ্বিন, ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ।

ইংলেণ্ড: জছ বাটলাৰ, মইন আলী, গাছ এটকিনছন, জনি বেয়াৰস্টো, ছেম কুৰান, লিয়াম লিভিংষ্টোন, দাৱিদ মালান, আদিল ৰছিদ, জো ৰুট, হেৰী ব্ৰুক, বেন ষ্টোকছ, ৰিচ টপলী, ডেভিড ৱিলি, মাৰ্ক উড, ক্ৰিছ ৱ'ক্স।









FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু