--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুভ বসন্ত পঞ্চমী ২০২২! হিন্দু বৰ্ষপঞ্জি অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনা প্ৰতি বছৰে বসন্ত পঞ্চমী উৎসৱ উদযাপন কৰা হয়। এই বিশেষ দিনটোত দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হয়। এই বৰ্ষৰ বসন্ত পঞ্চমী উদযাপন কৰা হ'ব ৫ ফেব্ৰুৱাৰীত । হিন্দু সম্প্ৰদায়ত জ্ঞানৰ দেৱী বুলি অভিহিত কৰা হয় দেৱী সৰস্বতীক৷ দক্ষিণাত্যক ইয়াক 'শ্ৰী পঞ্চমী' বুলিও অবিহিত কৰা হয়। বহুতো ভক্তই উপবাস পালন কৰে আৰু সন্ধিয়া হালধীয়া ৰঙৰ ব্যঞ্জন আগবঢ়োৱা হয়। এই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধাটোও শুভ বুলি গণ্য কৰা হয়। * এই বিশেষ দিনটোত আপুনি পৰিহাৰ কৰিব লগীয়া বস্তুবোৰ- ১) বসন্ত পঞ্চমীৰ দিনা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাটো শুভ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে, যেতিয়াৰ সৰস্বতীৰ জন্ম হৈছিল তেতিয়া বিশ্বব্ৰহ্মাণ্ডত ৰঙা, হালধীয়া আৰু নীলা আভাৰে আৱৰি পৰিছিল। হালধীয়া আভা প্ৰথমে দৃশ্যমান হৈছিল। যাৰবাবে কোৱা হয় যে, দেৱী সৰস্বতীৰ প্ৰিয় ৰং হালধীয়া। আজিৰ দিনটোত ক'লা, ৰঙা বা গাঢ় ৰঙৰ পোছাক পৰিধান নকৰিলে ভাল। ২) বসন্ত পঞ্চমীৰ দিনা, আমিষ খাদ্য পৰিহাৰ কৰক। পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক৷ ৩) জ্ঞানৰ দেৱী সৰস্বতীক পূজা- অৰ্চনা কৰা হয় এই বিশেষ দিনটোত৷ গতিকে এই দিনটোত কোনো লোকক অৱজ্ঞা নকৰিব আৰু অন্যথা গালি বা অপমান নকৰিব৷ চেষ্টা কৰক আৰু আপোনাৰ মনত সামান্যতম বেয়া চিন্তাও আহিব নিদিব। ৪) শাস্ত্ৰঅনুসৰি বিশ্বাস কৰা হয় যে, গা ধোৱা অবিহনে বসন্ত পঞ্চমীৰ দিনা একো খোৱা উচিত নহয়। সেয়েহে, আজিৰ দিনটোত গা ধুব আৰু যিকোনো আহাৰ খোৱাৰ আগতে মা সৰস্বতীৰ উপাসনা কৰিব। ৫) বসন্ত পঞ্চমীৰ দিনা বসন্ত ঋতু আৰম্ভ হয়। সেই বিশেষ দিনটোত গছ কাটিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি