--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : শুভ বসন্ত পঞ্চমী ২০২২! হিন্দু বৰ্ষপঞ্জি অনুসৰি, মাঘ মাহৰ শুক্ল পক্ষৰ পঞ্চমী তিথিৰ দিনা প্ৰতি বছৰে বসন্ত পঞ্চমী উৎসৱ উদযাপন কৰা হয়। এই বিশেষ দিনটোত দেৱী সৰস্বতীৰ পূজা-অৰ্চনা কৰা হয়। এই বৰ্ষৰ বসন্ত পঞ্চমী উদযাপন কৰা হ'ব ৫ ফেব্ৰুৱাৰীত । হিন্দু সম্প্ৰদায়ত জ্ঞানৰ দেৱী বুলি অভিহিত কৰা হয় দেৱী সৰস্বতীক৷ দক্ষিণাত্যক ইয়াক 'শ্ৰী পঞ্চমী' বুলিও অবিহিত কৰা হয়। বহুতো ভক্তই উপবাস পালন কৰে আৰু সন্ধিয়া হালধীয়া ৰঙৰ ব্যঞ্জন আগবঢ়োৱা হয়। এই দিনটোত হালধীয়া ৰঙৰ কাপোৰ পিন্ধাটোও শুভ বুলি গণ্য কৰা হয়। * এই বিশেষ দিনটোত আপুনি পৰিহাৰ কৰিব লগীয়া বস্তুবোৰ- ১) বসন্ত পঞ্চমীৰ দিনা হালধীয়া ৰঙৰ কাপোৰ পৰিধান কৰাটো শুভ বুলি গণ্য কৰা হয়। এইটো বিশ্বাস কৰা হয় যে, যেতিয়াৰ সৰস্বতীৰ জন্ম হৈছিল তেতিয়া বিশ্বব্ৰহ্মাণ্ডত ৰঙা, হালধীয়া আৰু নীলা আভাৰে আৱৰি পৰিছিল। হালধীয়া আভা প্ৰথমে দৃশ্যমান হৈছিল। যাৰবাবে কোৱা হয় যে, দেৱী সৰস্বতীৰ প্ৰিয় ৰং হালধীয়া। আজিৰ দিনটোত ক'লা, ৰঙা বা গাঢ় ৰঙৰ পোছাক পৰিধান নকৰিলে ভাল। ২) বসন্ত পঞ্চমীৰ দিনা, আমিষ খাদ্য পৰিহাৰ কৰক। পাৰিলে নিৰামিষ আহাৰ গ্ৰহণ কৰক৷ ৩) জ্ঞানৰ দেৱী সৰস্বতীক পূজা- অৰ্চনা কৰা হয় এই বিশেষ দিনটোত৷ গতিকে এই দিনটোত কোনো লোকক অৱজ্ঞা নকৰিব আৰু অন্যথা গালি বা অপমান নকৰিব৷ চেষ্টা কৰক আৰু আপোনাৰ মনত সামান্যতম বেয়া চিন্তাও আহিব নিদিব। ৪) শাস্ত্ৰঅনুসৰি বিশ্বাস কৰা হয় যে, গা ধোৱা অবিহনে বসন্ত পঞ্চমীৰ দিনা একো খোৱা উচিত নহয়। সেয়েহে, আজিৰ দিনটোত গা ধুব আৰু যিকোনো আহাৰ খোৱাৰ আগতে মা সৰস্বতীৰ উপাসনা কৰিব। ৫) বসন্ত পঞ্চমীৰ দিনা বসন্ত ঋতু আৰম্ভ হয়। সেই বিশেষ দিনটোত গছ কাটিব নালাগে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা