--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যি খন ৰাজ্যত বৰষুণৰ বাবে মানুহে বা-হুমুনিয়াহ কাঢ়ি থাকে সেই খন ৰাজ্যতে এতিয়া অত্যধিক বৰষুণৰ বাবে চলিছে বানৰ সংহাৰ। মৰুৰৰ ৰাজ্য ৰাজস্থানত এতিয়া বানে কালান্তক ৰূপ ধাৰণ কৰিছে। দেশৰ কিছু অংশত মৌচুমী বতাহৰ ফলত  ধাৰাসাৰ বৰষুণৰ হৈছে। 

ৰাজস্থানৰ ৰাজধানী জয়পুৰতো এইবেলি ধাৰাসাৰ বৰষুণে বানৰ ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি সাধন কৰিছে।   শুক্ৰবাৰে নিশাৰে  পৰা হোৱা ধাৰাসাৰ বৰষুণৰ ফলত "গুলপীয়া চহৰ" খন প্লাৱিত হৈছে। চহৰ খনৰ বহু ঠাই এতিয়া পানীৰ তলত।  কেইবাটাও ৰাস্তা জলমগ্ন হৈ পৰাত যাতায়াত বন্ধ হৈ পৰিছে।চহৰৰ পেৰাকোড বজাৰো প্লাৱিত হৈছে।  চিকাৰ ৰোডতো বানৰ সংহাৰ চলিছে। 

মৰুৰ ৰাজ্য খনত এনেদৰে হোৱা ধাৰাসাৰ বৰষুণৰ আঁৰত বতৰৰ পৰিৱৰ্তনৰ কথাটো জড়িত হৈ থকা বুলি বহুতে অনুমান কৰিছে। বতৰৰ পৰিৱৰ্তনৰ বাবেই বিশ্বৰ বহু বৰষুণ কম হোৱা ঠাইতো বৰষুণ বেছিকৈ হ’বলৈ ধৰিছে। আনহাতে বহুঠাইত লক্ষ্যণীয়ভাবে কমি গৈছে বৰষুণৰ পৰিমাণ। বহু ঠাইক তীব্ৰ গৰমে আক্ৰান্ত কৰিছে। 

বতৰৰ পৰিৱৰ্তন লেহেমীয়া কৰিব নোৱাৰিলে এনে বহু প্ৰাকৃতিক দুৰ্যোগৰ সন্মুখীন হৈ থাকিব লাগিব বুলি বহুতে মন্তব্য কৰিছে। উল্লেখ্য বিশ্বত গছ-গছনিৰ সংখ্যা কমি অহাৰ বাবেও বতৰৰ সঘন পৰিৱৰ্তন হোৱা বুলি বিজ্ঞানী সকলে কৈ আহিছে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস