--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰবল আত্মবিশ্বাস আৰু সাহসেৰে পৰিপূৰ্ণ এহাল দম্পতী৷দম্পতীহালে নিজৰ নিৰাপদ, উচ্চ দৰমহা পোৱা চাকৰি ত্যাগ কৰি বেংগালুৰুত চিঙৰাৰ ব্যৱসায় আৰম্ভ কৰিলে, যাৰ ফলত তেওঁলোকে দিনটোৰ উপাৰ্জন প্ৰায় ১২ লাখ টকা।

এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি শিখৰ বীৰ সিং আৰু নিধি সিঙে উচ্চ দৰমহাৰ চাকৰি ত্যাগ কৰি,নিজৰ সপোনৰ এপাৰ্টমেণ্ট বিক্ৰী কৰি বেংগালুৰুত "ছামোছা সিং" নামৰ এখন দোকান খুলিছিল।

শিখৰ বীৰ সিঙে বায়’টেকন’লজী অধ্যয়ন কৰি পাছলৈ হায়দৰাবাদৰ ইনষ্টিটিউট অৱ লাইফ ছায়েন্সৰ পৰা এমটেক ডিগ্ৰী লাভ কৰে। বায়’টেক কোম্পানী বায়’কনৰ প্ৰধান বিজ্ঞানী আছিল। আনহাতে, পত্নী নিধিৰ প্ৰথম চাকৰি আছিল বিজনেছ ডেভেলপমেণ্ট এছ’চিয়েট হিচাপে। পৰৱৰ্তী সময়ত গুৰুগ্ৰামৰ এটা ফাৰ্মা কোম্পানীত বিপুল সফলতা লাভ কৰে য'ত চাকৰি এৰি দিয়াৰ সময়ত তেওঁৰ দৰমহাৰ পেকেজ আছিল ৩০ লাখ।

বিবাহিত দম্পতীহালৰ পাঁচ বছৰ হ’ল আৰু শিখৰে জনপ্ৰিয় ভাৰতীয় স্নেক চিঙৰাৰ সৈতে উদ্যোগ আৰম্ভ কৰাৰ আহ্বান জনাই আহিছিল বাবে উদ্যোগী এৰি যোৱাৰ সিদ্ধান্ত লয়। চাকৰিৰ পৰা পদত্যাগ কৰি বেংগালুৰুলৈ গুচি যায় আৰু ২০১৬ চনত “ছামোছা সিং” মুকলি কৰে।

ধনী পাৰিবাৰিক পটভূমিৰ পৰা অহাৰ পাছতো দম্পতীহালে নিজৰ সঞ্চয়ৰে ব্যৱসায় আৰম্ভ কৰে। আনকি তেওঁলোকে মাত্ৰ এদিন থকা সপোনৰ এপাৰ্টমেণ্টটোও ৮০ লাখ টকাত বিক্ৰী কৰি পেলালে, কাৰণ তেওঁলোকৰ পাকঘৰ সম্প্ৰসাৰণৰ বাবে ধনৰ প্ৰয়োজন আছিল। সেই টকাৰে তেওঁলোকে বেংগালুৰুত এটা কাৰখানা কিনিলে আৰু আশা কৰা মতে তেওঁলোকৰ ব্যৱসায়ৰ উত্থান ঘটিল।

প্ৰতিবেদনত কোৱা হৈছে যে এই দম্পতীহালে এতিয়া প্ৰতিমাহে প্ৰায় ৩০ হাজাৰ চিঙৰা বিক্ৰী কৰে, যাৰ ফলত তেওঁলোকৰ দৈনিক উপাৰ্জন প্ৰায় ১২ লাখ৷ এই যুটিয়ে তেওঁলোকৰ মেনুত কেইবাটাও উদ্ভাৱনীমূলক চিংৰাৰ প্ৰৱৰ্তন কৰিছে, যেনে মানচুৰিয়ান চিঙৰা,পনীৰ চিঙৰা আৰু বহুতো। বৰ্তমান তেওঁলোকে নিজৰ ব্যৱসায়ক পৰৱৰ্তী পৰ্যায়লৈ সম্প্ৰসাৰণৰ কথা চিন্তা কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস