--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ ঘৰৰ পৰা পলাই পাকিস্তানলৈ গৈ থকা অৱস্থাত ধৰা পৰে ৰাজস্থানৰ এজনী যুৱতী। পাকিস্তানী প্ৰেমিকক লগ কৰিবলৈ যাবলৈ লওঁতেই জয়পুৰ বিমানবন্দৰ কৰ্তৃপক্ষই তেওঁক বাধা দিয়ে। ইয়াৰ পিছত তেওঁলোকে আৰক্ষীক যুৱতীগৰাকীক গতাই দিয়ে। বিমানবন্দৰৰ সূত্ৰৰ পৰা জানিব পৰা মতে, পাছপ’ৰ্ট আৰু ভিছা নথকাৰ বাবে কিশোৰীগৰাকীক বিমানত উঠিবলৈ দিয়া হোৱা নাছিল।

আৰক্ষীৰ জেৰাত তাই প্ৰেমিকক লগ কৰিবলৈ ওলাইছিল বুলি দাবী কৰে। ইয়াৰ পিছতে আৰক্ষীয়ে ছোৱালীজনীৰ পিতৃ-মাতৃক থানালৈ মাতিলে। জয়পুৰ বিমানবন্দৰৰ এজন বিষয়াই কয়, ‘শুকুৰবাৰে এগৰাকী ছোৱালী বিমানবন্দৰত উপস্থিত হয়। টিকট কাউণ্টাৰলৈ আহি তেওঁ লাহোৰলৈ টিকট বিচাৰিলে। প্ৰথমে তেওঁ নিজকে পাকিস্তানী বুলি পৰিচয় দিলে। কিন্তু বিষয়াসকলে তেওঁৰ পৰা কোনো ধৰণৰ ভিছা বা পাছপ’ৰ্ট নাপালে। ইয়াৰ পিছতে সন্দেহৰ বাবে বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে ছোৱালীজনীক জেৰা কৰে।”

বিষয়াগৰাকীয়ে লগতে কয় যে জেৰাৰ সময়ত ছোৱালীজনীয়ে কয় যে তেওঁৰ নাম গজল আৰু তেওঁ এগৰাকী পাকিস্তানী। কিন্তু যেতিয়া তাইক হেঁচা মাৰি ধৰা হ’ল, তেতিয়া তাই ক’লে যে তাই লাহোৰত প্ৰেমিকক লগ কৰিবলৈ ওলাইছে।

জয়পুৰৰ উপ আৰক্ষী আয়ুক্ত জ্ঞান চন্দ্ৰ যাদৱে কয়, ''ছোৱালীজনীয়ে দিয়াৰ ঘৰৰ ঠিকনাটো সম্পূৰ্ণ ভুল আছিল। তেওঁৰ পৰা কোনো বৈধ নথি পোৱা নগ’ল।” ডিচিপিয়ে জনোৱা মতে, ইনষ্টাগ্ৰামত আছলাম লাহোৰী নামৰ এজন যুৱকৰ সৈতে কথা-বতৰা হোৱা বুলি তেওঁলোকৰ আগত ছোৱালীজনীয়ে দাবী কৰে। আছলামেই তাইক বিমানবন্দৰ কৰ্তৃপক্ষক কেনেকৈ ফাঁকি বিমানত উঠিব 
লাগে সেই কথা শিকাইছিল।

আৰক্ষীৰ তথ্য অনুসৰি, প্ৰথম অৱস্থাত তিনি বছৰ পূৰ্বে ইছলামবাদৰ পৰা ভাৰতলৈ অহা বুলি বিমানবন্দৰ কৰ্তৃপক্ষক জনাইছে ছোৱালীজনীয়ে। মাহীয়েকৰ লগত থাকে তাই। কিন্তু এতিয়া তাই পুনৰ পাকিস্তানলৈ যাব বিচাৰিছে। কিশোৰীগৰাকীৰ কাহিনী শুনি বিমানবন্দৰৰ নিৰাপত্তাৰক্ষীয়ে স্তম্ভিত হৈ পৰে। তদন্তৰ অন্তত আৰক্ষীয়ে জানিব পাৰিছে যে ছোৱালীজনী ইছলামাবাদৰ বাসিন্দা নহয়, বৰঞ্চ ৰাজস্থানৰ ছিকাৰ জিলাৰ ৰত্নপুৰা গাঁৱৰ।

ছোৱালীজনীয়ে সহপাঠীৰ এজনৰ জৰিয়তে আছলামক লগ পাইছিল। এবছৰ ধৰি ইনষ্টাগ্ৰামত কথা পাতে। আৰক্ষীয়ে জব্দ কৰে ছোৱালীজনীৰ মোবাইল ফোন।

প্ৰেমিকৰ ইনষ্টাগ্ৰাম একাউণ্ট চেক কৰাৰ পিছত আৰক্ষীয়ে গম পায় যে আছলামে কেৱল এই ছোৱালীজনীক নহয়, ইনষ্টাগ্ৰামত কেইবাগৰাকীও ভাৰতীয় ছোৱালীৰ সৈতে বন্ধুত্ব কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস