--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও শান্ত হোৱা নাই হিংসাজৰ্জৰ মণিপুৰ৷সোমবাৰে ইম্ফল পশ্চিমৰ কদাংবন্দত সংঘটিত হোৱা তীব্ৰ সংঘৰ্ষত চাৰিজন সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু এজন গাঁৱৰ স্বেচ্ছাসেৱককে ধৰি কমেও পাঁচজন লোক নিহত হয়।

মৃত্যু হোৱা গাঁৱৰ স্বেচ্ছাসেৱকজন পশ্চিম ইম্ফলৰ উৰিপক আচোম লেইকাইৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান চাইখোম ৰকেট সিঙৰ পুত্ৰ ছাইখোম সঞ্জিতকুমাৰ সিং নামৰ এজন ২৮ বছৰীয়া যুৱক৷এই গুলীচালনাত চাৰিজন কুকি উগ্ৰপন্থীও নিহত হোৱা বুলি জানিব পৰা গৈছে।মৃতদেহটো ৰিমছৰ মৰ্গত ৰখা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাই। কিন্তু এই ঘটনাৰ প্ৰতিবেদন দাখিল কৰাৰ সময়ত আন লোকসকলৰ পৰিচয় নিশ্চিত কৰিব পৰা নগ’ল।

খবৰ অনুসৰি সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে কাংচুপৰ পাদদেশ আৰু কদাংবন্দৰ প্ৰথম খণ্ডৰ কাষৰ মেইটেই বসতিপূৰ্ণ অঞ্চলত নিৰ্মিত বাংকাৰত আক্ৰমণ আৰম্ভ কৰে।আৰু তাৰ প্ৰত্যুত্তৰস্বৰূপে মেইটেই গাঁৱৰ স্বেচ্ছাসেৱকসকলে প্ৰতি আক্ৰমণ কৰে।যাৰ ফলশ্ৰুতিত এই ঘটনা সংঘটিত হয়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ