--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমানেও শান্ত হোৱা নাই হিংসাজৰ্জৰ মণিপুৰ৷সোমবাৰে ইম্ফল পশ্চিমৰ কদাংবন্দত সংঘটিত হোৱা তীব্ৰ সংঘৰ্ষত চাৰিজন সন্দেহযুক্ত কুকি উগ্ৰপন্থী আৰু এজন গাঁৱৰ স্বেচ্ছাসেৱককে ধৰি কমেও পাঁচজন লোক নিহত হয়।

মৃত্যু হোৱা গাঁৱৰ স্বেচ্ছাসেৱকজন পশ্চিম ইম্ফলৰ উৰিপক আচোম লেইকাইৰ অৱসৰপ্ৰাপ্ত সেনা জোৱান চাইখোম ৰকেট সিঙৰ পুত্ৰ ছাইখোম সঞ্জিতকুমাৰ সিং নামৰ এজন ২৮ বছৰীয়া যুৱক৷এই গুলীচালনাত চাৰিজন কুকি উগ্ৰপন্থীও নিহত হোৱা বুলি জানিব পৰা গৈছে।মৃতদেহটো ৰিমছৰ মৰ্গত ৰখা হৈছে যদিও এতিয়ালৈকে কোনো ধৰণৰ মৰণোত্তৰ পৰীক্ষা কৰা হোৱা নাই। কিন্তু এই ঘটনাৰ প্ৰতিবেদন দাখিল কৰাৰ সময়ত আন লোকসকলৰ পৰিচয় নিশ্চিত কৰিব পৰা নগ’ল।

খবৰ অনুসৰি সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে কাংচুপৰ পাদদেশ আৰু কদাংবন্দৰ প্ৰথম খণ্ডৰ কাষৰ মেইটেই বসতিপূৰ্ণ অঞ্চলত নিৰ্মিত বাংকাৰত আক্ৰমণ আৰম্ভ কৰে।আৰু তাৰ প্ৰত্যুত্তৰস্বৰূপে মেইটেই গাঁৱৰ স্বেচ্ছাসেৱকসকলে প্ৰতি আক্ৰমণ কৰে।যাৰ ফলশ্ৰুতিত এই ঘটনা সংঘটিত হয়৷







FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস