--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে। স্কুল বাছৰ সৈতে এখন এছ ইউ ভিৰ সংঘৰ্ষৰ ফলত দুটি শিশুকে ধৰি কমেও ৬ জন লোকৰ মৃত্যু হয়। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এই ভয়াবহ দুৰ্ঘটনাটো।

মঙলবাৰে পুৱা দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ত দ্ৰুতবেগী গাড়ীখনে স্কুল বাছখনত খুন্দা মাৰে। এই সংঘৰ্ষত বাছখন বৰ বেছি ক্ষতিগ্ৰস্ত হোৱা নাই কিন্তু এছ ইউ ভি বাহনখনৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। এই দুৰ্ঘটনাত গাড়ীখনত থকা যাত্ৰীসকলৰ মৃত্যু হয়। স্কুল বাছখনত থকা ছাত্ৰ-ছাত্ৰীসকল আহত হয়। আৰক্ষীৰ মতে, দুটা শিশু, দুজন পুৰুষ আৰু দুগৰাকী মহিলাকে ধৰি নিহত লোকসকল একে পৰিয়ালৰ আৰু মেৰুটৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰ অনুসৰি এছ ইউ ভিখনত থকা আন দুজন লোককো গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  যান-বাহন বিভাগৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ৰামানন্দ কুশৱাহাই কোৱা অনুসৰি দিল্লী-মীৰুট এক্সপ্ৰেছৱেত আজি পুৱা প্ৰায় ৬ বজাত এখন স্কুল বাছ আৰু এছ ইউ ভিৰ মাজত এক দুৰ্ঘটনা সংঘটিত হয়। বাছ চালকজন দিল্লীলৈ গৈছিল, ভুল দিশৰ পৰা আহিছিল বাছখন। এছ ইউ ভিখনত থকা লোকসকল মেৰুটৰ পৰা আহিছিল আৰু তেওঁলোক গুৰগাঁৱলৈ গৈ আছিল। এই দুখন বাহনৰ মুখামুখি সংঘৰ্ষত ছয়জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়, তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।’

দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী বিষয়াসকল। তেওঁলোকে গাড়ীৰ দুৱাৰ কাটি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি ‘গোটেই দোষটো বাছখনৰ চালকজনৰ, যিজন ভুল দিশৰ পৰা আহি আছিল।

























FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত শোকৰ বন্যা! নাগাৰা নামৰ পাঠিকা প্ৰতীক্ষা বৰ্মনৰ চৰম সিদ্ধান্ত
জৰ্জিনা ৰ’ড্ৰিগেজৰ সৈতে বিবাহপাশত আবদ্ধ ‘CR7’
ৰাম মন্দিৰৰ দান চুৰি প্ৰসংগ; ১৭ আগষ্টত শুনানি গ্ৰহণ কৰিব উচ্চতম ন্যায়ালয়ে
চুলিৰ সমস্যা দূৰ কৰে এল’ভেৰাই; কেনেদৰে কৰিব ব্যৱহাৰ?
নগাঁৱত দুই চিলনী চোৰে পইচাৰ বেগ টানি নিবলৈ খোজোতেই দুৰ্ঘটনাত পতিত পিতা-পুত্ৰী
আজি গুৱাহাটীত নৰ্থ ইষ্ট ইউনাইটেডৰ অন্তিম গ্রুপ মেচ
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ
ৰাষ্ট্ৰীয় হস্ততাঁত বঁটাত উজ্বলিল উত্তৰ-পূবৰ শিপিনী, অসমলৈ শীৰ্ষ সন্মান
ভুৱা তথ্যৰ প্ৰাদুৰ্ভাৱ: অসমৰ বানপানী, ঝাৰখণ্ডৰ প্ৰতিবাদক লৈ AI-নিৰ্মিত দৃশ্য ভাইৰেল
দক্ষতাভিত্তিক শিক্ষাত গুৰুত্ব দিবলৈ ছাত্ৰ-ছাত্ৰীক মুখ্যমন্ত্ৰীৰ আহ্বান: ভৱিষ্যত নিৰ্ভৰ কৰিব বিশেষ দক্ষতাৰ ওপৰত
ডিব্ৰুগড়ৰ ডিএইচএছকে মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলক প্ৰাথমিক চিকিৎসাৰ প্ৰশিক্ষণ