--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক ভয়াবহ দুৰ্ঘটনা সংঘটিত হৈছে। স্কুল বাছৰ সৈতে এখন এছ ইউ ভিৰ সংঘৰ্ষৰ ফলত দুটি শিশুকে ধৰি কমেও ৬ জন লোকৰ মৃত্যু হয়। উত্তৰ প্ৰদেশৰ গাজিয়াবাদত সংঘটিত হৈছে এই ভয়াবহ দুৰ্ঘটনাটো।

মঙলবাৰে পুৱা দিল্লী-মীৰাট এক্সপ্ৰেছৱে’ত দ্ৰুতবেগী গাড়ীখনে স্কুল বাছখনত খুন্দা মাৰে। এই সংঘৰ্ষত বাছখন বৰ বেছি ক্ষতিগ্ৰস্ত হোৱা নাই কিন্তু এছ ইউ ভি বাহনখনৰ সন্মুখভাগ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে। এই দুৰ্ঘটনাত গাড়ীখনত থকা যাত্ৰীসকলৰ মৃত্যু হয়। স্কুল বাছখনত থকা ছাত্ৰ-ছাত্ৰীসকল আহত হয়। আৰক্ষীৰ মতে, দুটা শিশু, দুজন পুৰুষ আৰু দুগৰাকী মহিলাকে ধৰি নিহত লোকসকল একে পৰিয়ালৰ আৰু মেৰুটৰ বাসিন্দা।

আৰক্ষীৰ সূত্ৰ অনুসৰি এছ ইউ ভিখনত থকা আন দুজন লোককো গুৰুতৰ অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।  যান-বাহন বিভাগৰ অতিৰিক্ত আৰক্ষী উপ আয়ুক্ত ৰামানন্দ কুশৱাহাই কোৱা অনুসৰি দিল্লী-মীৰুট এক্সপ্ৰেছৱেত আজি পুৱা প্ৰায় ৬ বজাত এখন স্কুল বাছ আৰু এছ ইউ ভিৰ মাজত এক দুৰ্ঘটনা সংঘটিত হয়। বাছ চালকজন দিল্লীলৈ গৈছিল, ভুল দিশৰ পৰা আহিছিল বাছখন। এছ ইউ ভিখনত থকা লোকসকল মেৰুটৰ পৰা আহিছিল আৰু তেওঁলোক গুৰগাঁৱলৈ গৈ আছিল। এই দুখন বাহনৰ মুখামুখি সংঘৰ্ষত ছয়জন লোকৰ থিতাতে মৃত্যু হোৱাৰ লগতে দুজন লোক গুৰুতৰভাৱে আহত হয়, তেওঁলোক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।’

দুৰ্ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিছতে সেই স্থানত উপস্থিত হয় আৰক্ষী বিষয়াসকল। তেওঁলোকে গাড়ীৰ দুৱাৰ কাটি মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে জনোৱা অনুসৰি ‘গোটেই দোষটো বাছখনৰ চালকজনৰ, যিজন ভুল দিশৰ পৰা আহি আছিল।

























FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ