--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ পিছতে  ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে মালদ্বীপৰ  বৈদেশিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰদূত ড০ আলী নাছিৰ মহম্মদক সাক্ষাৎ কৰে আৰু সমগ্ৰ বিষয়টো আলোচনা কৰে। আলোচনাকালত মালদ্বীপৰ শীৰ্ষ চৰকাৰী বিষয়াগৰাকীয়ে  কয় যে দেশ খনৰ একাংশ মন্ত্ৰীয়ে মোদীৰ বিৰুদ্ধে কৰা  মন্তব্যই মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিফলিত নকৰে। 

তেওঁ মালদ্বীপৰ চুবুৰীয়া দেশ ভাৰতৰ  প্ৰতি অব্যাহত সমৰ্থনৰ কথা পুনৰ দোহাৰে।   
মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে যে চৰকাৰে মোদীৰ  বিৰুদ্ধে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত "অপমানজনক মন্তব্য" সম্পৰ্কে অৱগত আৰু তেনে ব্যক্তিগত দৃষ্টিভংগীয়ে মালদ্বীপ চৰকাৰৰ  স্থিতিক প্ৰতিনিধিত্ব নকৰে।

ভাৰতে সোমবাৰে মালদ্বীপৰ দূত ইব্ৰাহিম শ্বাহিবক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মতাই  অনাৰ পিছত আৰু মালদ্বীপৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত পোষ্ট কৰা মন্তব্যক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰাৰ পিছতে দুই দেশৰ শীৰ্ষ প্ৰতিনিধিৰ এই  বৈঠকখন অনুষ্ঠিত হয়।

লাক্ষদ্বীপত পৰ্যটনৰ প্ৰচাৰ কৰাৰ অৰ্থে মোদীয়ে পোষ্ট কৰা  এটা ভিডিঅ'ৰ প্ৰতিক্ৰিয়া স্বৰূপে মালদ্বীপৰ মন্ত্ৰী মলশা শ্বৰীফ, মৰিয়াম শিউনা আৰু আব্দুল্লা মাহজুম মজিদে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক