--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোদীৰ বিৰুদ্ধে অপমানসূচক মন্তব্য কৰাৰ পিছতে  ভাৰতীয় উচ্চায়ুক্তগৰাকীয়ে মালদ্বীপৰ  বৈদেশিক মন্ত্ৰালয়ৰ ৰাষ্ট্ৰদূত ড০ আলী নাছিৰ মহম্মদক সাক্ষাৎ কৰে আৰু সমগ্ৰ বিষয়টো আলোচনা কৰে। আলোচনাকালত মালদ্বীপৰ শীৰ্ষ চৰকাৰী বিষয়াগৰাকীয়ে  কয় যে দেশ খনৰ একাংশ মন্ত্ৰীয়ে মোদীৰ বিৰুদ্ধে কৰা  মন্তব্যই মালদ্বীপ চৰকাৰৰ মতামতক প্ৰতিফলিত নকৰে। 

তেওঁ মালদ্বীপৰ চুবুৰীয়া দেশ ভাৰতৰ  প্ৰতি অব্যাহত সমৰ্থনৰ কথা পুনৰ দোহাৰে।   
মালদ্বীপৰ বৈদেশিক মন্ত্ৰালয়ে কৈছে যে চৰকাৰে মোদীৰ  বিৰুদ্ধে ছ'চিয়েল মিডিয়া প্লেটফৰ্মত "অপমানজনক মন্তব্য" সম্পৰ্কে অৱগত আৰু তেনে ব্যক্তিগত দৃষ্টিভংগীয়ে মালদ্বীপ চৰকাৰৰ  স্থিতিক প্ৰতিনিধিত্ব নকৰে।

ভাৰতে সোমবাৰে মালদ্বীপৰ দূত ইব্ৰাহিম শ্বাহিবক বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়লৈ মতাই  অনাৰ পিছত আৰু মালদ্বীপৰ কেইবাজনো মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত পোষ্ট কৰা মন্তব্যক লৈ তীব্ৰ উদ্বেগ প্ৰকাশ কৰাৰ পিছতে দুই দেশৰ শীৰ্ষ প্ৰতিনিধিৰ এই  বৈঠকখন অনুষ্ঠিত হয়।

লাক্ষদ্বীপত পৰ্যটনৰ প্ৰচাৰ কৰাৰ অৰ্থে মোদীয়ে পোষ্ট কৰা  এটা ভিডিঅ'ৰ প্ৰতিক্ৰিয়া স্বৰূপে মালদ্বীপৰ মন্ত্ৰী মলশা শ্বৰীফ, মৰিয়াম শিউনা আৰু আব্দুল্লা মাহজুম মজিদে ছ'চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত ভাৰত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু