--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : জ্যোতিষশাস্ত্ৰ অনুসৰি প্ৰতিটো গ্ৰহে এটা নিৰ্দিষ্ট সময়ত ৰাশিৰ পৰিৱৰ্তন কৰে। আগন্তুক ১০ ছেপ্টেম্বৰৰ পৰা বুধ গ্ৰহৰ ৰাশি পৰিৱৰ্তন হ’বলৈ গৈ আছে। চলিত বৰ্ষৰ ২ অক্টোবৰলৈকে বুধ গ্ৰহ এই ৰাশিত থাকিব। এই সময়ত বুধ গ্ৰহে কন্যা ৰাশিত পশ্চাদগমন কৰিব। ইয়াৰ প্ৰভাৱ সকলো ৰাশিৰ ওপৰত পৰিব যদিও এই ৫টা ৰাশিৰ লোকৰ ভাগ্য উদয় হ’ব।

 ১. মিথুন ৰাশিঃ-বুধ ৰাশিৰ পশ্চাদগামী গতিৰ ফলত মিথুন ৰাশিৰ লোকসকল উপকৃত হ’ব। হঠাতে অৰ্থ লাভ কৰাৰ লগতে সমাজত এটা ভাল প্ৰতিচ্ছবি সৃষ্টি হ’ব। কামত সফলতা থাকিব। যদি কোনো আইনী বিষয় চলি আছে তেন্তে তাৰ সমাধান ওলাব।

 ২. কন্যা ৰাশিঃ-বুধ হ’ল কন্যা ৰাশিৰ স্বামী। ইফালে বুধ গ্ৰহে কন্যা ৰাশিলৈ পৰিৱৰ্তিত হ’ব। গতিকে এই ৰাশিৰ ওপৰত ইয়াৰ প্ৰভাৱ সৰ্বাধিক হ’ব। এইসকল লোকে কেৰিয়াৰত সুবিধা লাভ কৰিব। ব্যৱসায়ীসকলে বহুত লাভৱান হ’ব, সন্মান লাভ কৰিব।

 ৩. বৃশ্চিক ৰাশিঃ-Retrograde Mercuryয়ে বৃশ্চিক ৰাশিৰ লোকক সুফল দিব। সুবিধা লাভৰ নতুন সুযোগ প্ৰদান কৰিব। মানসিক চাপৰ পৰা মুক্তি দিয়াৰ লগতে চাকৰিত পদোন্নতি আৰু ব্যৱসায়ীসকলে লাভান্বিত হ’ব।

 ৪. ধনু ৰাশিঃ-ধনু ৰাশিৰ লোকৰ কথাত মধুৰতা আহিব, ইয়াৰ বাবে নতুন নতুন সম্পৰ্ক গঢ় লৈ উঠিব যিয়ে ভৱিষ্যতে ব্যক্তিগত জীৱন আৰু পেছাদাৰী জীৱনত সুবিধা প্ৰদান কৰিব। অৰ্থ লাভৰ নতুন সুযোগ আহিব।

 ৫. মকৰ ৰাশিঃ-মকৰ ৰাশি জাতক-জাতিকাসকলে শুভ সংবাদ লাভ কৰিব। জটিল বিষয়বোৰ আপোনাৰ পক্ষত নিষ্পত্তি হ’ব। ঘৰত সুখ-সমৃদ্ধি বাঢ়িব, ধৰ্মীয় কাম-কাজত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ