--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল‌ ডেস্ক: শিশুৰ নৈতিক শিক্ষাৰ প্ৰথম ভেটি হ’ল তেওঁৰ পৰিয়াল। আৰু শিশুটিৰ পৰিয়ালত প্ৰথম শিক্ষক হ’ল মাক-দেউতাক। যিসকলে সৰুৰে পৰা নিজৰ সন্তানক পাৰিবাৰিক শিক্ষাত ডাঙৰ-দীঘল কৰে। জীৱনৰ আৰম্ভণিতে পিতৃ-মাতৃয়ে শিশুটিক শিক্ষিত কৰিব, শিশুৱে ডাঙৰ হ’লে তাৰ প্ৰতিফলন দেখুৱাব।

পৃথিৱীৰ আটাইতকৈ কঠিন কামটো হ’ল এটি সন্তান ডাঙৰ-দীঘল কৰা। এনে ক্ষেত্ৰত পৰিয়ালে সকলো কাম সাৱধানে কৰিব লাগে। কাৰণ অভিভাৱকে যদি বেয়া অভিভাৱকত্ব মানি চলে তেন্তে ই শিশুৰ ওপৰত দীৰ্ঘম্যাদী বেয়া প্ৰভাৱ পেলাব পাৰে। গতিকে কিছুমান বিশেষ কথা আছে, যিবোৰ শিশুৰ লগত বা সন্মুখত নকৰাটোৱেই ভাল।


১) শিশুটিক তিৰষ্কাৰ কৰা
যদি শিশুটিয়ে কিবা ভুল কৰে তেন্তে সেই ভুলৰ বাবে তেওঁক বেছিকৈ তিৰষ্কাৰ কৰা উচিত নহয়। কাৰণ অত্যধিক তিৰষ্কাৰ বা গালিয়ে আপোনাৰ সন্তানৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে। যদি আপুনি আপোনাৰ সন্তানক সৎ হোৱাৰ পাছত বা তেওঁ ভুল স্বীকাৰ কৰাৰ পাছতো গালি দিয়ে তেন্তে আপোনাৰ কাৰ্য্যৰ প্ৰভাৱ আৰু বেয়া হ’ব পাৰে।


২) সকলোৰে সন্মুখত শিশুটিক শাস্তি নিদিব
একাংশ অভিভাৱকে অতিথিৰ সন্মুখত নিজৰ সন্তানৰ প্ৰতি ক্ষোভ প্ৰকাশ কৰে। আনৰ সন্মুখত তেওঁলোকক বেয়া ব্যৱহাৰ কৰিলে বা  হাত দাঙিলে। ইয়াৰ ফলত আপোনাৰ শিশুৰ আত্মবিশ্বাসত গুৰুতৰ প্ৰভাৱ পৰে। এই অনুশাসন পদ্ধতিৰ পৰা উদ্ভৱ হোৱা লাজৰ ভাৱ এটাই তেওঁৰ মনত কু প্ৰভাৱ পেলাব পাৰে।


৩) কেৱল উপদেশ নহয়, উৎসাহ দিয়ক
পিতৃ-মাতৃয়ে সন্তানক পৰামৰ্শ দিয়াটো স্বাভাৱিক। কিন্তু পৰামৰ্শ দিয়াতকৈ উৎসাহিত কৰিলে শিশুৱে যিকোনো কামত নিজৰ গতি ঘূৰাই পায়। নিজৰ মাজতে অতিৰিক্ত চাপ অনুভৱ নকৰে।


৪) নিয়মানুৱৰ্তিতা
এজন ভাল মানুহ বনাবলৈ হ’লে ল’ৰা-ছোৱালীৰ সন্মুখত কিছু নিয়ম-সীমা সৃষ্টি কৰিব লাগে। যদি আপুনি আপোনাৰ সন্তানক অনুশাসন শিকোৱাত ব্যৰ্থ হয়, তেন্তে তেওঁলোকৰ বাবে বাহিৰৰ জীৱনৰ প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰা বা তাৰ সৈতে খাপ খুৱাবলৈ কঠিন হৈ পৰিব পাৰে।


৫) শিশুটিৰ অনুভৱক সন্মান নকৰা
শিশুটিৰ লগত কথা পাতিবলৈ সময় উলিয়াওক আৰু তেওঁৰ অনুভৱ বুজি লওক। যেতিয়া শিশুৰ মতামত আৰু অনুভৱক আওকাণ কৰা হয় আৰু সুস্থভাৱে সম্বোধন কৰা নহয়, তেতিয়া ই শিশুৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ