--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই মঙ্গলবাৰে ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল সংস্থা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন, চমুকৈ AIFF ক নিলম্বন কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ত বিবেচনাধীন হৈ থকা AIFFৰ গোচৰটোৰ জৰুৰী শুনানিৰ আবেদন জনাইছে কেন্দ্ৰই। কেন্দ্ৰৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে বুধবাৰে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।

কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ বোপান্নাৰ বিচাৰপীঠৰ সন্মুখত কয় যে অল ইণ্ডিয়ান ফুটবল ফেডাৰেচনৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতা আহি পৰিছে আৰু সেয়ে বিষয়টোৰ জৰুৰী শুনানি গ্ৰহণ কৰা উচিত।

উল্লেখ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিগত মে’ মাহত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক ভংগ কৰি ভাৰতীয় ফুটবলৰ পৰিচালনা, AIFF ৰ সংবিধান সংশোধন আৰু ১৮ মাহ ধৰি স্থগিত হৈ থকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এখন তিনিজনীয়া সমিতি নিয়োগ কৰিছিল।

ইয়াৰ পিছতেই ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেশ্যনে সংস্থাৰ শীৰ্ষ বিষয়ববীয়াৰ এটা দল প্ৰেৰণ কৰে। এই দলটোৱে ভাৰতীয় ফুটবলৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু জুলাইৰ শেষৰ ফালে AIFF ৰ সংবিধান সংশোধন কৰাৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰে আৰু পৰৱৰ্তী সময়ত ১৫ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চলিত মাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপৰ পূৰ্বে সংস্থাৰ কাৰ্যবাহী সমিতি নিৰ্বাচন কৰিবলৈ নিৰ্দেশ দিছিল। শীৰ্ষ আদালতে লগতে ফিফাৰ পৰামৰ্শবোৰ বিবেচনাৰ পৰিৱৰ্তে প্ৰশাসক সমিতিৰ দ্বাৰা অনুমোদিত নিৰ্বাচনী বিধি গ্ৰহণৰ অনুমতি দিছিল।

ইয়াৰ পিছতেই ফিফাই ৭ আগষ্টত অল ইণ্ডিয়ান ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ ভাবুকি দিছিল। আৰু আজি বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থাটোৱে তৃতীয় পক্ষৰ হস্তক্ষেপত ক্ষুণ্ণ হৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (AIFF) ক নিলম্বিত কৰে।

ফিফাই আজি জাৰী কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰে যে তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় প্ৰভাৱ ফিফা আইনৰ এক গুৰুতৰ উলংঘন। সেয়েহে ব্যুৰো ‘অৱ দ্য ফিফা কাউঞ্চিল’ৰ দ্বাৰা সৰ্বসন্মতিক্ৰমে ফিফাই তাৎক্ষণিক ভাৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ সিদ্ধান্ত লয়।

এই নিলম্বনৰ লগে লগে ১১-৩০ অক্টোবৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ, ২০২২ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আহি পৰিছে। তদুপৰি এই নিলম্বন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত ভাৰতে কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব।

ফিফাই বিবৃতিত লগতে কয় যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা বাতিল কৰা হৈছে আৰু ভাৰতীয় ফুটবল সংস্থাটোৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হস্তক্ষেপলৈ অনাৰ পিছত নিলম্বন উঠাই লোৱা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু