--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থা ফিফাই মঙ্গলবাৰে ভাৰতৰ ৰাষ্ট্ৰীয় ফুটবল সংস্থা সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন, চমুকৈ AIFF ক নিলম্বন কৰাৰ পাছতে উচ্চতম ন্যায়ালয়ত বিবেচনাধীন হৈ থকা AIFFৰ গোচৰটোৰ জৰুৰী শুনানিৰ আবেদন জনাইছে কেন্দ্ৰই। কেন্দ্ৰৰ এই আবেদনৰ প্ৰতি সঁহাৰি জনাই উচ্চতম ন্যায়ালয়ে বুধবাৰে বিষয়টোৰ শুনানি গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে।

কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড় আৰু এ এছ বোপান্নাৰ বিচাৰপীঠৰ সন্মুখত কয় যে অল ইণ্ডিয়ান ফুটবল ফেডাৰেচনৰ ক্ষেত্ৰত কিছু প্ৰতিবন্ধকতা আহি পৰিছে আৰু সেয়ে বিষয়টোৰ জৰুৰী শুনানি গ্ৰহণ কৰা উচিত।

উল্লেখ্য যে ভাৰতৰ উচ্চতম ন্যায়ালয়ে বিগত মে’ মাহত সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক ভংগ কৰি ভাৰতীয় ফুটবলৰ পৰিচালনা, AIFF ৰ সংবিধান সংশোধন আৰু ১৮ মাহ ধৰি স্থগিত হৈ থকা নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ এখন তিনিজনীয়া সমিতি নিয়োগ কৰিছিল।

ইয়াৰ পিছতেই ফিফা আৰু এছিয়ান ফুটবল কনফেডাৰেশ্যনে সংস্থাৰ শীৰ্ষ বিষয়ববীয়াৰ এটা দল প্ৰেৰণ কৰে। এই দলটোৱে ভাৰতীয় ফুটবলৰ বিষয়ববীয়াসকলৰ সৈতে আলোচনাত মিলিত হয় আৰু জুলাইৰ শেষৰ ফালে AIFF ৰ সংবিধান সংশোধন কৰাৰ বাবে এক ৰোডমেপ নিৰ্ধাৰণ কৰে আৰু পৰৱৰ্তী সময়ত ১৫ ছেপ্টেম্বৰৰ ভিতৰত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল।

চলিত মাহৰ আৰম্ভণিতে উচ্চতম ন্যায়ালয়ে অল ইণ্ডিয়া ফুটবল ফেডাৰেচনক ১৭ বছৰ অনুৰ্ধ মহিলা বিশ্বকাপৰ পূৰ্বে সংস্থাৰ কাৰ্যবাহী সমিতি নিৰ্বাচন কৰিবলৈ নিৰ্দেশ দিছিল। শীৰ্ষ আদালতে লগতে ফিফাৰ পৰামৰ্শবোৰ বিবেচনাৰ পৰিৱৰ্তে প্ৰশাসক সমিতিৰ দ্বাৰা অনুমোদিত নিৰ্বাচনী বিধি গ্ৰহণৰ অনুমতি দিছিল।

ইয়াৰ পিছতেই ফিফাই ৭ আগষ্টত অল ইণ্ডিয়ান ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ ভাবুকি দিছিল। আৰু আজি বিশ্ব ফুটবলৰ সৰ্বোচ্চ সংস্থাটোৱে তৃতীয় পক্ষৰ হস্তক্ষেপত ক্ষুণ্ণ হৈ সৰ্বভাৰতীয় ফুটবল ফেডাৰেচন (AIFF) ক নিলম্বিত কৰে।

ফিফাই আজি জাৰী কৰা এক বিজ্ঞপ্তিত উল্লেখ কৰে যে তৃতীয় পক্ষৰ অপ্ৰয়োজনীয় প্ৰভাৱ ফিফা আইনৰ এক গুৰুতৰ উলংঘন। সেয়েহে ব্যুৰো ‘অৱ দ্য ফিফা কাউঞ্চিল’ৰ দ্বাৰা সৰ্বসন্মতিক্ৰমে ফিফাই তাৎক্ষণিক ভাৱে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনক নিলম্বন কৰাৰ সিদ্ধান্ত লয়।

এই নিলম্বনৰ লগে লগে ১১-৩০ অক্টোবৰত ভাৰতত অনুষ্ঠিত হ'বলগীয়া অনুৰ্ধ-১৭ মহিলা বিশ্বকাপ, ২০২২ অনুষ্ঠিত কৰাৰ ক্ষেত্ৰতো প্ৰতিবন্ধকতা আহি পৰিছে। তদুপৰি এই নিলম্বন প্ৰত্যাহাৰ নোহোৱা পৰ্যন্ত ভাৰতে কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেলত অংশগ্ৰহণ কৰিব নোৱাৰিব।

ফিফাই বিবৃতিত লগতে কয় যে সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ কাৰ্যকৰী সমিতিৰ ক্ষমতা বাতিল কৰা হৈছে আৰু ভাৰতীয় ফুটবল সংস্থাটোৱে সম্পূৰ্ণ নিয়ন্ত্ৰণ পুনৰ নিজৰ হস্তক্ষেপলৈ অনাৰ পিছত নিলম্বন উঠাই লোৱা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ