--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আঘাতৰ সমস্যাই এগৰাকী খেলুৱৈৰ কেৰিয়াৰত যথেষ্ট ঋণাত্মক প্ৰভাৱ পেলায়। ধাৰাবাহিকভাৱে আঘাতৰ সমস্যাৰে জৰ্জৰিত হোৱাৰ ফলত আশানুৰূপ প্ৰদৰ্শন দাঙি ধৰাৰ পিছতো দলত নিজৰ স্থান নিগাজী কৰাত বিফল হৈ পৰে খেলুৱৈসকল। সম্প্ৰতি এনে এক পৰিস্থিতিৰে সন্মুখীন হৈছে ভাৰতীয় ক্ৰিকেট দলৰ অলৰাউণ্ডাৰ ৱাশ্বিংটন সুন্দৰ। দীৰ্ঘসময় ধৰি আঘাতৰ বাবে ভাৰতীয় দলৰ পৰা বাহিৰত থকা সুন্দৰে আগন্তুক জিম্বাবোৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া এদিনীয়া শৃংখলাত প্ৰত্যাৱৰ্তনৰ সুযোগ লাভ কৰিছিল যদিও পুনৰ নিৰ্বাপিত হৈছে এই আশা।

১৮ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া শৃংখলাটোৰ পূৰ্বে আজি পুনৰ আঘাতৰ বাবে দলৰ পৰা বাহিৰ হ’বলগীয়া হৈছে ৱাশ্বিংটন সুন্দৰ। দীৰ্ঘদিনৰ ব্যৱধানৰ অন্তত আঘাতৰ পৰা সুস্থ হৈ উঠাৰ পিছত অলৰাউণ্ডাৰ গৰাকীয়ে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছিল। কিন্তু শেহতীয়াকৈ ইংলেণ্ডত কাউণ্টি ক্ৰিকেট প্ৰতিযোগিতাত এখন মেচত পোৱা আঘাতৰ বাবে পুনৰ ভাৰতৰ হৈ আন্ত:ৰাষ্টীয় ক্ৰিকেটত নমাৰ সুযোগ হেৰুৱায় সুন্দৰে।

ইংলেণ্ডত কাউণ্টি ক্ৰিকেট প্ৰতিযোগিতা ৰয়েল লণ্ডন কাপৰ এখন মেচত লেঙ্কাছায়াৰক প্ৰতিনিধিত্ব কৰা সুন্দৰে ৱাৰচেষ্টাৰশ্বায়াৰৰ বিৰুদ্ধে ফিল্ডিং কৰাৰ সময়তে বাওঁ কান্ধত আঘাত পাইছিল। আজি বিচিচিআই- এ জাৰী কৰা এক বিবৃতিত সুন্দৰ জিম্বাবোৱে ভ্ৰমণৰ পৰা বাহিৰ হোৱাৰ কথা ঘোষণা কৰে।

বিবৃতিটোত বিচিচিআই- এ লগতে কয় যে জিম্বাবোৱেৰ বিৰুদ্ধে তিনিখন এদিনীয়া শৃংখলাৰ বাবে ৱাশ্বিংটন সুন্দৰৰ স্থানত শ্বাহবাজ আহমেদক বিকল্প হিচাপে সৰ্বভাৰতীয় জ্যেষ্ঠ বাছনি সমিতিয়ে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিছে। উল্লেখ্য যে অলৰাউণ্ডাৰ শ্বাহবাজ আহমেদে প্ৰথমবাৰৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে।

শ্বাহবাজ আহমেদে শেতীয়াকৈ আই পি এল তথা ভাৰতৰ ঘৰুৱা প্ৰতিযোগিতা ৰঞ্জী ক্ৰিকেটত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়াইছিল। এই প্ৰদৰ্শনে খেলুৱৈগৰাকীৰ বাবে ভাৰতৰ জাতীয় দলৰ দ্বাৰ মুকলি হয় বুলি ক’ব পাৰি। আই পি এলৰ ১৫ তম সংস্কৰণত শ্বাহবাজে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ ১৬ খন খেলত ২১৯ ৰাণ সংগ্ৰহ কৰাৰ লগতে চাৰিটা উইকেট দখল কৰিছিল।

আনহাতে ২০২১-২২ বৰ্ষৰ ৰঞ্জী ট্ৰফীত বেংগলৰ হৈ ৬০.২৫ গড়ে ৪৮২ ৰাণ সংগ্ৰহ কৰাৰ উপৰিও ২০.১২ গড়ে ২০ টা উইকেট লাভ কৰি বাওঁহতীয়া স্পিনাৰ গৰাকীয়ে। সামগ্ৰিকভাৱে প্ৰথম শ্ৰেণীৰ ক্ৰিকেটত শ্বাহবাজ আহমেদে ১৮ খন মেচত ৪১.৬ গড়েৰে ১০৪১ ৰান সংগ্ৰহ কৰিছে। তদুপৰি এই ১৮ খন মেচত ১৯.৫ গড়ে ৫৭ টা উইকেটো হস্তগত কৰিছে বাওঁহতীয়া স্পিনাৰগৰাকীয়ে।

উল্লেখ্য যে, জিম্বাবোৱেৰ বিৰুদ্ধে তিনিখনীয়া মেচৰ শৃংখলাটো বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব। বৃহস্পতিবাৰৰ প্ৰথমখন মেচৰ পিছত ক্ৰমে ২০ আৰু ২২ আগষ্টত দ্বিতীয় আৰু তৃতীয় এদিনীয়া কেইখন অনুষ্ঠিত হ’ব। শৃংখলাটোৰ বাবে দলৰ কেইবাগৰাকীও নিয়মীয়া খেলুৱৈক বিশ্ৰাম দিয়া হৈছে। তদুপৰি নিয়মীয়া প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ পৰিৱৰ্তে এই শৃংখলাত ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্বত থাকিব ভিভিএছ লক্ষ্মণ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement