--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনটো আছিল ১ অক্টোৱৰ। সেইদিনটোতে ইণ্ডোনেছিয়াৰ এখন ফুটবল মেছৰ মাজতে সৃষ্টি হোৱা হিংসাত্মক ঘটনাত নিহত হৈছিল ১৩০ জনকৈ লোক। ইণ্ডোনেছিয়াই আৰু সেই ভয়াৱহ স্মৃতি সজীৱ কৰি ৰাখিব নিবিচাৰে। সেয়ে দেশ খনৰ চৰকাৰে ফুটবল ষ্টেডিয়ামখন সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰে । ইণ্ডোনেছিয়া চৰকাৰৰ এগৰাকী মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে।

চলিগ বৰ্ষৰ ১ অক্টোবৰত ইণ্ডোনেছিয়াৰ মালাঙত এখন লীগ খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত আৰম্ভ হৈছিল প্ৰচণ্ড মাৰপিট। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। পদদলিত হৈ  ১৩০ জন লোকৰ মৃত্যু হৈছিল। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জৰো উইডোডোৱে এনে ঘটনাৰ স্মৃতি জীয়াই ৰাখিব বিচৰা নাই। তেওঁ কয়  যে ফুটবল-পাগল দেশখনত খেলৰ সুৰক্ষাৰ দিশটোত  আমূল সংস্কাৰ কৰাৰ প্ৰয়োজন। সেই উদ্দেশ্যৰেই ১৩০ জন লোক নিহত হোৱা  ষ্টেডিয়ামখন ভাঙি পেলোৱা হ'ব আৰু তাৰ ঠাইত এখন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব।

উইডোডোৱে ফিফাৰ মুৰব্বী গিয়ান্নি ইনফান্তিনোৰ সৈতে এই বিষয়ত  এখন বৈঠকত মিলিত হৈছে। উইডোডোৱে কয় "আমি মালাঙৰ কাঞ্জুৰুহান ষ্টেডিয়াম সম্পূৰ্ণৰূপে ধ্বংস কৰিম। তাৰ পিছত, আমি ফিফাৰ দ্বাৰা নিৰ্ধাৰিত মান বজাই ৰাখি তাত এখন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিম। তেওঁ লগতে কয় "মই আৰু ফিফাৰ সভাপতি সন্মত হৈছো যে ইণ্ডোনেছিয়াৰ ফুটবলৰ ধাৰাক  পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন আহি পৰিছে। প্ৰতিটো পদক্ষেপ ফিফাৰ নিয়ম অনুসৰি কৰিব লাগিব। '' ফিফাৰ সভাপতি ইনফাণ্টিনোৱে কয় "ইণ্ডোনেছিয়া এখন ফুটবল উন্মাদ দেশ। ফুটবল ইয়াত ১০০ মিলিয়ন লোকৰ বাবে এক আগ্ৰহৰ খেল। যেতিয়া মানুহে খেল চাবলৈ যায়, তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো আমাৰ দায়িত্ব। ''

অক্টোবৰৰ ১ তাৰিখে  ক্লাব আৰেমা আৰু পাৰ্চিবায়া সুৰাবায়াই ইণ্ডোনেচিয়ান ফুটবল লীগত খেলিছিল। পূব জাভাৰ মালাং ৰিজেন্সিত অনুষ্ঠিত খেলখনত আৰেমা ৩-২ ব্যৱধানত পৰাজিত হয়। ইয়াৰ পিছত, দুয়োটা দলৰ সমৰ্থকসকলে সংঘৰ্ষত লিপ্ত হয়। কেইবাটাও ভিডিঅ'ত, আৰেমাৰ অনুৰাগীসকলক খেলখনৰ শেষত নিশা ১০ বজাৰ ঠিক আগতে বাঁহী বজোৱা দেখা যায়। কৰ্তব্যৰত আৰক্ষী কৰ্মীয়ে উত্তেজিত  সমৰ্থকসকলক বাধা দিবলৈ চেষ্টা কৰিছিল। আৰেমাৰ সমৰ্থকসকলে আৰক্ষী কৰ্মীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । 

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। লৰাধপ কৰোতে পদপিষ্ট হৈ ১৩০ জন লোকৰ মৃত্যু ঘটে।

বহু মানুহে একেলগে ষ্টেডিয়ামৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰোতেই এই অঘটন ঘটে। ঘটনাস্থলীতে কমেও ৩৪ জন লোকৰ মৃত্যু হৈছিল। পিছত চিকিৎসালয়লৈ যোৱাৰ পথত বা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বাকীসকলৰ মৃত্যু হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক