--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনটো আছিল ১ অক্টোৱৰ। সেইদিনটোতে ইণ্ডোনেছিয়াৰ এখন ফুটবল মেছৰ মাজতে সৃষ্টি হোৱা হিংসাত্মক ঘটনাত নিহত হৈছিল ১৩০ জনকৈ লোক। ইণ্ডোনেছিয়াই আৰু সেই ভয়াৱহ স্মৃতি সজীৱ কৰি ৰাখিব নিবিচাৰে। সেয়ে দেশ খনৰ চৰকাৰে ফুটবল ষ্টেডিয়ামখন সম্পূৰ্ণৰূপে ধ্বংস কৰিব বিচাৰে । ইণ্ডোনেছিয়া চৰকাৰৰ এগৰাকী মুখপাত্ৰই এই কথা প্ৰকাশ কৰিছে।

চলিগ বৰ্ষৰ ১ অক্টোবৰত ইণ্ডোনেছিয়াৰ মালাঙত এখন লীগ খেলৰ সময়ত ষ্টেডিয়ামৰ ভিতৰত আৰম্ভ হৈছিল প্ৰচণ্ড মাৰপিট। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈছিল। পদদলিত হৈ  ১৩০ জন লোকৰ মৃত্যু হৈছিল। ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি জৰো উইডোডোৱে এনে ঘটনাৰ স্মৃতি জীয়াই ৰাখিব বিচৰা নাই। তেওঁ কয়  যে ফুটবল-পাগল দেশখনত খেলৰ সুৰক্ষাৰ দিশটোত  আমূল সংস্কাৰ কৰাৰ প্ৰয়োজন। সেই উদ্দেশ্যৰেই ১৩০ জন লোক নিহত হোৱা  ষ্টেডিয়ামখন ভাঙি পেলোৱা হ'ব আৰু তাৰ ঠাইত এখন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰা হ'ব।

উইডোডোৱে ফিফাৰ মুৰব্বী গিয়ান্নি ইনফান্তিনোৰ সৈতে এই বিষয়ত  এখন বৈঠকত মিলিত হৈছে। উইডোডোৱে কয় "আমি মালাঙৰ কাঞ্জুৰুহান ষ্টেডিয়াম সম্পূৰ্ণৰূপে ধ্বংস কৰিম। তাৰ পিছত, আমি ফিফাৰ দ্বাৰা নিৰ্ধাৰিত মান বজাই ৰাখি তাত এখন নতুন ষ্টেডিয়াম নিৰ্মাণ কৰিম। তেওঁ লগতে কয় "মই আৰু ফিফাৰ সভাপতি সন্মত হৈছো যে ইণ্ডোনেছিয়াৰ ফুটবলৰ ধাৰাক  পুনৰ নিৰ্মাণ কৰাৰ প্ৰয়োজন আহি পৰিছে। প্ৰতিটো পদক্ষেপ ফিফাৰ নিয়ম অনুসৰি কৰিব লাগিব। '' ফিফাৰ সভাপতি ইনফাণ্টিনোৱে কয় "ইণ্ডোনেছিয়া এখন ফুটবল উন্মাদ দেশ। ফুটবল ইয়াত ১০০ মিলিয়ন লোকৰ বাবে এক আগ্ৰহৰ খেল। যেতিয়া মানুহে খেল চাবলৈ যায়, তেওঁলোকৰ সুৰক্ষা নিশ্চিত কৰাটো আমাৰ দায়িত্ব। ''

অক্টোবৰৰ ১ তাৰিখে  ক্লাব আৰেমা আৰু পাৰ্চিবায়া সুৰাবায়াই ইণ্ডোনেচিয়ান ফুটবল লীগত খেলিছিল। পূব জাভাৰ মালাং ৰিজেন্সিত অনুষ্ঠিত খেলখনত আৰেমা ৩-২ ব্যৱধানত পৰাজিত হয়। ইয়াৰ পিছত, দুয়োটা দলৰ সমৰ্থকসকলে সংঘৰ্ষত লিপ্ত হয়। কেইবাটাও ভিডিঅ'ত, আৰেমাৰ অনুৰাগীসকলক খেলখনৰ শেষত নিশা ১০ বজাৰ ঠিক আগতে বাঁহী বজোৱা দেখা যায়। কৰ্তব্যৰত আৰক্ষী কৰ্মীয়ে উত্তেজিত  সমৰ্থকসকলক বাধা দিবলৈ চেষ্টা কৰিছিল। আৰেমাৰ সমৰ্থকসকলে আৰক্ষী কৰ্মীৰ সৈতে সংঘৰ্ষত লিপ্ত হৈছিল । 

পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে কন্দুৱা গেছ ব্যৱহাৰ কৰিছিল। লৰাধপ কৰোতে পদপিষ্ট হৈ ১৩০ জন লোকৰ মৃত্যু ঘটে।

বহু মানুহে একেলগে ষ্টেডিয়ামৰ বাহিৰলৈ যাবলৈ চেষ্টা কৰোতেই এই অঘটন ঘটে। ঘটনাস্থলীতে কমেও ৩৪ জন লোকৰ মৃত্যু হৈছিল। পিছত চিকিৎসালয়লৈ যোৱাৰ পথত বা চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত বাকীসকলৰ মৃত্যু হৈছিল।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা