--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহৎ ধনৰ টোপ দি ব্ৰিটেইনৰ কিছুসংখ্যক প্ৰাক্তন মিলিটেৰী পাইলটক ব্যৱহাৰ কৰিছে চীনে। এই প্ৰাক্তন ব্ৰিটিছ মিলিটেৰী পাইলটসকলৰ অভিজ্ঞতা আৰু কৰ্মদক্ষতাৰ দ্বাৰা চীনৰ সেনা উপকৃত হৈছে।  

ব্ৰিটেইনৰ গুপ্তচৰ সংস্থাই শেহতীয়াকৈ এই চাঞ্চল্যকৰ সকীয়নি আগবঢ়াইছে। তথ্যত প্ৰকাশ পোৱা মতে, ৩০ জনকৈ প্ৰাক্তন ব্ৰিটিছ মিলিটেৰী পাইলটে চীনৰ পিপ’লছ লিবাৰেচন আৰ্মীক প্ৰশিক্ষণ দিবলৈ সাজু হৈছে।

ব্ৰিটেইনৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই সাংবাদিকৰ আগত কৈছে যে ইয়াৰ দ্বাৰা মিলিটেৰী পাইলটসকলে ব্ৰিটেইনৰ কোনো আইন ভংগ কৰা নাই কিন্তু চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ কাম-কাজসমূহ নিৰীক্ষণ কৰি আছে।

জানিব পৰা মতে, চীনে প্ৰাক্তন ব্ৰিটিছ মিলিটেৰী পাইলটসকলক এক মোটা অংকৰ ধন আগবঢ়াইছে। ইয়াৰ পৰিমাণ ২লাখ মাৰ্কিন ডলাৰতকৈও অধিক বুলি মুখপাত্ৰজনে তথ্য আগবঢ়াইছে।

মূলতঃ পশ্চিমীয়া দেশসমূহৰ বায়ুসেনা সম্পৰ্কীয় গোপন কৌশল আয়ত্ত কৰিবলৈকে চীনে এই কাম হাতত লৈছে। বিশেষকৈ টাইৱানক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ফলত ই তীব্ৰ ৰূপ ধাৰণ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে চীনৰ বায়ুসেনা বিভাগে ইয়াৰ দ্বাৰা বৃহৎ পৰিমাণে লাভান্বিত হ’ব।

বাতৰিত প্ৰকাশ পোৱা মতে, ক’ভিড মহামাৰীৰ পূৰ্বৰে পৰা চীনে এই পদক্ষেপ হাতত লৈ আহিছে। ২০১৯ চনত কিছু সংখ্যক প্ৰাক্তন ব্ৰিটিছ মিলিটেৰী পাইলটে চীনৰ হৈ কাম কৰাৰ বিষয়ে চৰকাৰে জানিব পাৰিছিল। কিন্তু ক’ভিড মহামাৰীৰ বাবে ই স্থবিৰ হৈ পৰে।

আনহাতে, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিঝ ট্ৰুছৰ এগৰাকী মুখপাত্ৰই জনোৱামতে,  ব্ৰিটিছ চৰকাৰে চীনৰ এই কৌশল ৰোধ কৰিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে। ইয়াক ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষাজনিত বিষয় হিচাপে গণ্য কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
ত্ৰিফলাৰ আছে আশ্বৰ্যকৰী গুণ! ই কেনেকৈ আপোনাৰ স্বাস্থ্য উন্নত কৰিব পাৰে জানো আহক
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব