--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৃহৎ ধনৰ টোপ দি ব্ৰিটেইনৰ কিছুসংখ্যক প্ৰাক্তন মিলিটেৰী পাইলটক ব্যৱহাৰ কৰিছে চীনে। এই প্ৰাক্তন ব্ৰিটিছ মিলিটেৰী পাইলটসকলৰ অভিজ্ঞতা আৰু কৰ্মদক্ষতাৰ দ্বাৰা চীনৰ সেনা উপকৃত হৈছে।  

ব্ৰিটেইনৰ গুপ্তচৰ সংস্থাই শেহতীয়াকৈ এই চাঞ্চল্যকৰ সকীয়নি আগবঢ়াইছে। তথ্যত প্ৰকাশ পোৱা মতে, ৩০ জনকৈ প্ৰাক্তন ব্ৰিটিছ মিলিটেৰী পাইলটে চীনৰ পিপ’লছ লিবাৰেচন আৰ্মীক প্ৰশিক্ষণ দিবলৈ সাজু হৈছে।

ব্ৰিটেইনৰ প্ৰতিৰক্ষা বিভাগৰ এগৰাকী মুখপাত্ৰই সাংবাদিকৰ আগত কৈছে যে ইয়াৰ দ্বাৰা মিলিটেৰী পাইলটসকলে ব্ৰিটেইনৰ কোনো আইন ভংগ কৰা নাই কিন্তু চৰকাৰৰ ফালৰ পৰা তেওঁলোকৰ কাম-কাজসমূহ নিৰীক্ষণ কৰি আছে।

জানিব পৰা মতে, চীনে প্ৰাক্তন ব্ৰিটিছ মিলিটেৰী পাইলটসকলক এক মোটা অংকৰ ধন আগবঢ়াইছে। ইয়াৰ পৰিমাণ ২লাখ মাৰ্কিন ডলাৰতকৈও অধিক বুলি মুখপাত্ৰজনে তথ্য আগবঢ়াইছে।

মূলতঃ পশ্চিমীয়া দেশসমূহৰ বায়ুসেনা সম্পৰ্কীয় গোপন কৌশল আয়ত্ত কৰিবলৈকে চীনে এই কাম হাতত লৈছে। বিশেষকৈ টাইৱানক কেন্দ্ৰ কৰি হোৱা সংঘাতৰ ফলত ই তীব্ৰ ৰূপ ধাৰণ কৰিছে। মুখপাত্ৰগৰাকীয়ে কয় যে চীনৰ বায়ুসেনা বিভাগে ইয়াৰ দ্বাৰা বৃহৎ পৰিমাণে লাভান্বিত হ’ব।

বাতৰিত প্ৰকাশ পোৱা মতে, ক’ভিড মহামাৰীৰ পূৰ্বৰে পৰা চীনে এই পদক্ষেপ হাতত লৈ আহিছে। ২০১৯ চনত কিছু সংখ্যক প্ৰাক্তন ব্ৰিটিছ মিলিটেৰী পাইলটে চীনৰ হৈ কাম কৰাৰ বিষয়ে চৰকাৰে জানিব পাৰিছিল। কিন্তু ক’ভিড মহামাৰীৰ বাবে ই স্থবিৰ হৈ পৰে।

আনহাতে, ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী লিঝ ট্ৰুছৰ এগৰাকী মুখপাত্ৰই জনোৱামতে,  ব্ৰিটিছ চৰকাৰে চীনৰ এই কৌশল ৰোধ কৰিবলৈ ব্যাপক তৎপৰ হৈ পৰিছে। ইয়াক ব্ৰিটেইনৰ ৰাষ্ট্ৰীয় সুৰক্ষাজনিত বিষয় হিচাপে গণ্য কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
দুগুণলৈ বৃদ্ধি MBBSৰ মাচুল
গোলাঘাটত ড্ৰাগছৰ অভাৰড’জত উচ্চশিক্ষিত যুৱকৰ মৃত্যু; আৰক্ষীৰ তদন্ত আৰম্ভ
বর্ষাপাৰাত আজি ভাৰত-ৱেষ্ট ইণ্ডিজৰ দ্বিতীয় এদিনীয়া
বৰক্ষেত্ৰীত আৰক্ষীৰ নাকা তালাচীত ১১টা গৰুসহ এখন বাহন জব্দ; গ্ৰেপ্তাৰ দুজন
ব্ৰহ্মপুত্ৰ নদীত মাছ মাৰিবলৈ আহি নিখোঁজ হৈ থকা নুনমাটিৰ ৰাজীৱ আলীৰ মৃতদেহ উদ্ধাৰ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ
দেশৰ ২২১ বিধ ঔষধ নিম্নমানৰ! CDSCOৰ তথ্যত প্ৰকাশ
আহি আছে ঘূর্ণী বতাহ ‘অৰ্ণৱ’
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক