--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুলড’জাৰৰ মহিমাই দেশ জোকাৰি আছে। প্ৰথমে উত্তৰপ্ৰদেশ, তাৰ পিছত দিল্লীকে ধৰি আন কেইখনমান ৰাজ্যতো অভিযুক্তৰ ঘৰ  বুলড’জাৰ  চলাই ভাঙি দিয়াৰ ঘটনাই দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে উচ্চতম ন্যায়ালয়কো বিতুষ্ট কৰি তুলিছে। অভিযোগ অনুসৰি বিভিন্ন ৰাজ্যৰ চৰকাৰে এক বিশেষ ধৰ্মীয় সম্ৰ্ৰদায়ৰ লোকক লক্ষ্য কৰিয়েই   বুলড’জাৰ  চলাই গৈছে।   বুলড’জাৰ  বিতৰ্কৰ মাজতে এইবাৰ   বুলড’জাৰত উঠিয়েই কইনা ঘৰলৈ বিয়া পাতিবলৈ আহিল এগৰাকী মুছলমান দৰা। তাকো যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশতে ঘটিছে এই ঘটনা। 

উত্তৰ প্ৰদেশৰ  উত্তৰ প্ৰদেশৰ বাহৰাইচ জিলাৰ শ্ৰাৱস্তীত এজন মুছলমান যুৱকে  শনিবাৰে  বুলড’জাৰত  উঠি কইনা ঘৰলৈ বিয়া পাতিবলৈ গ’ল।  দৰা হাতীত উঠি আহিলে বাটত ৰৈ যিমান মানুহে চালেহেঁতেন, তাতোকৈ বহু বেছি লোকৰ সমাগম ঘটিল  বুলড’জাৰত  উঠি বিয়া পাতিবলৈ যোৱা দৰাক চাবলৈ।
এক কথাত ক’বলৈ গ’লে   উত্তৰ প্ৰদেশত নেতৃত্ব দিয়া  যোগী আদিত্যনাথৰ চৰকাৰৰ বাবে  ' বুলড’জাৰ ' প্ৰতীক স্বৰুপ হৈ পৰিছে।

আনকি মুখ্যমন্ত্ৰী আদিত্যনাথেও হাতত এখন সৰু  বুলড’জাৰ  লৈহে দলীয় বৈঠকলৈ গৈছিল।আনহাতে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছত যোগী আদিত্যনাথৰ '  বুলড’জাৰ নীতি'ৰ উন্মাদনাৰ বাবে তেওঁক ' বুলড’জাৰ বাবা' নাম দিয়া হৈছে।

শনিবাৰে, বাহৰাইচ জিলাৰ ৰিচিয়া খণ্ডৰ অন্তৰ্গত লক্ষ্মণপুৰ শংকৰপুৰৰ বাসিন্দা চেলিমৰ জীয়ৰী ৰুবিনাই শ্ৰাৱস্তীৰ ৰোজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। নিকাহ কাৰ্য সম্পাদন হোৱাৰ পূৰ্বে  দৰাই   বুলড’জাৰত  উঠি যাত্ৰা কৰিছিল। দৰাৰ লগত যোৱা বহুতেই  ' বুলড’জাৰ বাবা'ৰ নামত ধ্বনি দিয়াও শুনিবলৈ পোৱা গৈছিল।

এই ঘটনাই বহুতৰে দৃষ্টি আকৰ্ষণ কৰাৰ সময়তে বাহৰাইচ সদৰ আসনৰ বিজেপি বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অনুপমা জয়ছোৱালে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰী যোগীৰ দিনত  বুলড’জাৰ  সুশাসনৰ প্ৰতীক হিচাপে সকলো সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় হৈ পৰিছে। তেওঁ কয় যে  বুলড’জাৰ   অপৰাধীসকলৰ বাবে ভয়ৰ প্ৰতীক হ'ব পাৰে, শান্তিপ্ৰিয় লোকসকলে ইয়াক শান্তি আৰু অনুশাসনৰ প্ৰতীক হিচাপে বিবেচনা কৰা আৰম্ভ কৰিছে। 
মুছলিম সম্প্ৰদায়ৰ বিয়াতো বুলড’জাৰ ব্যৱহাৰ হোৱাৰ কথাটো  সম্প্ৰদায়টোৰ লোকসকলৰ মাজত যোগী চৰকাৰৰ জনপ্ৰিয়তাৰ এক উজ্জ্বল উদাহৰণ বুলি বিজেপি বিধায়িকাগৰাকীয়ে কয়।উল্লেখনীয় যে উত্তৰ প্ৰদেশত বহুতো মাফিয়া, নেতা আৰু সংঘৰ্ষৰ গুৰি ধৰা লোক  বুলড’জাৰৰ চিকাৰ হৈছে।

 বান্দা কাৰাগাৰত বন্দী প্ৰাক্তন বিধায়ক মুখতাৰ আনছাৰী, বৰেলীৰ ভোজিপুৰা আসনৰ এছ পি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শ্বাহজিল ইছলাম আৰু মুখ্যমন্ত্ৰী যোগীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কাৰাগাৰত বন্দী প্ৰাক্তন সাংসদ আতিক আহমেদৰ ঘৰতো যোগীৰ চৰকাৰে  অবৈধ নিৰ্মাণৰ অভিযোগত  বুলড’জাৰ  চলাইছে। অৱশ্যে শেহতীয়াকৈ  বুলড’জাৰৰ ব্যৱহাৰৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে যোগীৰ চৰকাৰক সতৰ্ক কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু