--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বুলড’জাৰৰ মহিমাই দেশ জোকাৰি আছে। প্ৰথমে উত্তৰপ্ৰদেশ, তাৰ পিছত দিল্লীকে ধৰি আন কেইখনমান ৰাজ্যতো অভিযুক্তৰ ঘৰ  বুলড’জাৰ  চলাই ভাঙি দিয়াৰ ঘটনাই দেশত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ লগতে উচ্চতম ন্যায়ালয়কো বিতুষ্ট কৰি তুলিছে। অভিযোগ অনুসৰি বিভিন্ন ৰাজ্যৰ চৰকাৰে এক বিশেষ ধৰ্মীয় সম্ৰ্ৰদায়ৰ লোকক লক্ষ্য কৰিয়েই   বুলড’জাৰ  চলাই গৈছে।   বুলড’জাৰ  বিতৰ্কৰ মাজতে এইবাৰ   বুলড’জাৰত উঠিয়েই কইনা ঘৰলৈ বিয়া পাতিবলৈ আহিল এগৰাকী মুছলমান দৰা। তাকো যোগীৰ ৰাজ্য উত্তৰ প্ৰদেশতে ঘটিছে এই ঘটনা। 

উত্তৰ প্ৰদেশৰ  উত্তৰ প্ৰদেশৰ বাহৰাইচ জিলাৰ শ্ৰাৱস্তীত এজন মুছলমান যুৱকে  শনিবাৰে  বুলড’জাৰত  উঠি কইনা ঘৰলৈ বিয়া পাতিবলৈ গ’ল।  দৰা হাতীত উঠি আহিলে বাটত ৰৈ যিমান মানুহে চালেহেঁতেন, তাতোকৈ বহু বেছি লোকৰ সমাগম ঘটিল  বুলড’জাৰত  উঠি বিয়া পাতিবলৈ যোৱা দৰাক চাবলৈ।
এক কথাত ক’বলৈ গ’লে   উত্তৰ প্ৰদেশত নেতৃত্ব দিয়া  যোগী আদিত্যনাথৰ চৰকাৰৰ বাবে  ' বুলড’জাৰ ' প্ৰতীক স্বৰুপ হৈ পৰিছে।

আনকি মুখ্যমন্ত্ৰী আদিত্যনাথেও হাতত এখন সৰু  বুলড’জাৰ  লৈহে দলীয় বৈঠকলৈ গৈছিল।আনহাতে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত বিজয়ৰ পিছত যোগী আদিত্যনাথৰ '  বুলড’জাৰ নীতি'ৰ উন্মাদনাৰ বাবে তেওঁক ' বুলড’জাৰ বাবা' নাম দিয়া হৈছে।

শনিবাৰে, বাহৰাইচ জিলাৰ ৰিচিয়া খণ্ডৰ অন্তৰ্গত লক্ষ্মণপুৰ শংকৰপুৰৰ বাসিন্দা চেলিমৰ জীয়ৰী ৰুবিনাই শ্ৰাৱস্তীৰ ৰোজাৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়। নিকাহ কাৰ্য সম্পাদন হোৱাৰ পূৰ্বে  দৰাই   বুলড’জাৰত  উঠি যাত্ৰা কৰিছিল। দৰাৰ লগত যোৱা বহুতেই  ' বুলড’জাৰ বাবা'ৰ নামত ধ্বনি দিয়াও শুনিবলৈ পোৱা গৈছিল।

এই ঘটনাই বহুতৰে দৃষ্টি আকৰ্ষণ কৰাৰ সময়তে বাহৰাইচ সদৰ আসনৰ বিজেপি বিধায়িকা তথা প্ৰাক্তন মন্ত্ৰী অনুপমা জয়ছোৱালে সংবাদ মাধ্যমৰ আগত কয় যে মুখ্যমন্ত্ৰী যোগীৰ দিনত  বুলড’জাৰ  সুশাসনৰ প্ৰতীক হিচাপে সকলো সম্প্ৰদায়ৰ মাজত জনপ্ৰিয় হৈ পৰিছে। তেওঁ কয় যে  বুলড’জাৰ   অপৰাধীসকলৰ বাবে ভয়ৰ প্ৰতীক হ'ব পাৰে, শান্তিপ্ৰিয় লোকসকলে ইয়াক শান্তি আৰু অনুশাসনৰ প্ৰতীক হিচাপে বিবেচনা কৰা আৰম্ভ কৰিছে। 
মুছলিম সম্প্ৰদায়ৰ বিয়াতো বুলড’জাৰ ব্যৱহাৰ হোৱাৰ কথাটো  সম্প্ৰদায়টোৰ লোকসকলৰ মাজত যোগী চৰকাৰৰ জনপ্ৰিয়তাৰ এক উজ্জ্বল উদাহৰণ বুলি বিজেপি বিধায়িকাগৰাকীয়ে কয়।উল্লেখনীয় যে উত্তৰ প্ৰদেশত বহুতো মাফিয়া, নেতা আৰু সংঘৰ্ষৰ গুৰি ধৰা লোক  বুলড’জাৰৰ চিকাৰ হৈছে।

 বান্দা কাৰাগাৰত বন্দী প্ৰাক্তন বিধায়ক মুখতাৰ আনছাৰী, বৰেলীৰ ভোজিপুৰা আসনৰ এছ পি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী শ্বাহজিল ইছলাম আৰু মুখ্যমন্ত্ৰী যোগীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগত কাৰাগাৰত বন্দী প্ৰাক্তন সাংসদ আতিক আহমেদৰ ঘৰতো যোগীৰ চৰকাৰে  অবৈধ নিৰ্মাণৰ অভিযোগত  বুলড’জাৰ  চলাইছে। অৱশ্যে শেহতীয়াকৈ  বুলড’জাৰৰ ব্যৱহাৰৰ প্ৰসংগত উচ্চতম ন্যায়ালয়ে যোগীৰ চৰকাৰক সতৰ্ক কৰি দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ