--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কৰ’না ভাইৰাছে পুনৰ ছিন্নভিন্ন কৰি তুলিছে দেশ। দৈনিক ক’ভিড গ্ৰাফ  বৃদ্ধি পাইছে। দেওবাৰে পুনৰবাৰ প্ৰায় ১৩ হাজাৰ লোক নতুন কৰ’নাত আক্ৰান্ত হোৱাত পৰিস্থিতি অধিক জটিল হৈ পৰিছে। কেন্দ্ৰৰ স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত ক’ভিডত আক্ৰান্তৰ সংখ্যা হৈছে ১২,৮৯৯ জন। ইয়াৰে ৪ হাজাৰৰো অধিক লোক কেৱল মহাৰাষ্ট্ৰতে আক্ৰান্ত হৈছে। যোৱা চাৰিদিনত ৰাজধানী দিল্লীত এহেজাৰৰো অধিক লোক কৰ’নাত আক্ৰান্ত হৈছে। কৰো’না সক্ৰিয় ৰোগীৰ সংখ্যা ৭২ হাজাৰ ৪৭৪ জন হৈছেগৈ। এদিনতে কৰ’নাত ১৫ জন লোকে প্ৰাণ হেৰুৱালে।

নেচনেল টেকনিকেল এডভাইজাৰী গ্ৰুপ অন ইমিউনাইজেশ্যনে (এনটিএজিআই) দ্বিতীয়টো ভেকচিন আৰু ক’ৰোনাৰ বুষ্টাৰ ড’জৰ মাজৰ সময়ৰ ব্যৱধান হ্ৰাস কৰাৰ পৰামৰ্শ আগবঢ়াইছে। কোম্পানীটোৱে ৯ মাহৰ পৰা ছমাহলৈ বৃদ্ধি কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। সংবাদ সংস্থাটোৱে জনোৱা মতে, এই ভেকচিনৰ ফলপ্ৰসূতা সম্পৰ্কে এক অধ্যয়নৰ অন্তত কোম্পানীটোৱে এই প্ৰস্তাৱ আগবঢ়াইছে।

দেশত কৰো’নাৰ দৈনিক সংক্ৰমণ বৃদ্ধি পাইছে। সংক্ৰমণ ৰোধ কৰিবলৈ নেচনেল টেকনিকেল এডভাইজাৰী গ্ৰুপ অন ইমিউনাইজেচনে (এনটিএজিআই) দ্বিতীয় ড’জ আৰু বুষ্টাৰ ড’জৰ মাজৰ সময়সীমা হ্ৰাস কৰাৰ পৰামৰ্শ দিয়ে। বৰ্তমান দ্বিতীয় ড’জৰ ৯ মাহৰ পিছত বুষ্টাৰ ড’জ ল’ব পাৰি। ৯ মাহৰ পৰিৱৰ্তে ছমাহ কৰাৰ প্ৰস্তাৱ দিয়া হৈছে।

সূত্ৰ অনুসৰি ৬ৰ পৰা ১২ বছৰ বয়সৰ শিশুক প্ৰতিষেধক প্ৰদানৰ বিষয়টো এনটিএজিআইৰ স্থায়ী কাৰিকৰী উপ-সমিতিৰ বৈঠকত আলোচনা কৰা হোৱা নাছিল। টিকাকৰণৰ দ্বিতীয় ড’জৰ পিছত মানুহে বুষ্টাৰ ড’জ লোৱাৰ প্ৰতি কম আগ্ৰহী হোৱাৰ বাবে সময়ৰ ব্যৱধান হ্ৰাস কৰাৰ পৰামৰ্শ দিয়া হৈছে। অৱশ্যে ১৮ বছৰৰ তলৰ লোকৰ বাবে বুষ্টাৰ ড’জৰ বাবে ক্লিয়াৰেন্স দিছে স্বাস্থ্য মন্ত্ৰালয়ে।

ক’ভিডৰ উপৰিও পৃথিৱীত মাংকি পক্সৰ সংক্ৰমণ বৃদ্ধি পাইছে। জানিব পৰা মতে, এন টি এ জি আইৰ বৈঠকতো এই বিষয়ে আলোচনা কৰা হৈছিল। আৰু এই সংক্ৰমণ প্ৰতিৰোধৰ বাবে টিকাকৰণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। যদিও বিশেষজ্ঞসকলে এতিয়া মাংকি পক্স আৰু কভিডক লৈ অযথা উদ্বেগ উত্থাপন নকৰিবলৈ পৰামৰ্শ দিছে।

ইফালে, দেশৰ বৰ্দ্ধিত কৰো’না গ্ৰাফক লৈ কেন্দ্ৰীয় চৰকাৰে টিকাকৰণৰ ওপৰত জোৰ দিছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মানসুখ মাণ্ডবিয়াই দাবী কৰিছে যে দেশৰ ৬৯ শতাংশ লোকক প্ৰতিষেধক কৰোৱা হৈছে। তেওঁ কয় যে ১০০ শতাংশ প্ৰতিষেধক প্ৰদান কৰাটো চৰকাৰৰ মূল লক্ষ্য। ইফালে দেশৰ কেইবাখনো ৰাজ্যৰ পৰিস্থিতি উদ্বেগজনক। যোৱা চাৰিমাহত শুকুৰবাৰে দেশত দৈনিক কৰ’নাৰ সংক্ৰমণে সৰ্বোচ্চ শিখৰত উপনীত হ’ল। লগতে দৈনিক সংক্ৰমণ বৃদ্ধি পাই ১৩ হাজাৰলৈ বৃদ্ধি পালে।  শীৰ্ষত আছে মহাৰাষ্ট্ৰ। ইয়াৰ পিছতে আছে দিল্লী, কেৰেলা আৰু কৰ্ণাটক।

এই পৰিস্থিতিত দ্বিতীয় ড’জ আৰু বুষ্টাৰৰ মাজৰ সময় কমাই দিয়াটো বাঞ্ছনীয়। স্বাস্থ্য মন্ত্ৰালয়লৈ প্ৰস্তাৱৰ ৰূপত এই পৰামৰ্শ প্ৰেৰণ কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ