--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, তাৰ ভিতৰত এটা হ’ল ভিটামিন বি ১২, স্বাস্থ্য বিশেষজ্ঞসকলে সদায় পৰামৰ্শ দিয়ে যে আমি শৰীৰত এই পুষ্টিকৰ উপাদানৰ অভাৱ হ’বলৈ দিব নালাগে, নহ’লে আমি বহু সমস্যাৰ সন্মুখীন হ’ব লাগিব। শৰীৰটো ৰুগীয়া হৈ পৰিব। ভিটামিন বি ১২ পাবৰ বাবে আমি কিছুমান বিশেষ ধৰণৰ খাদ্য খাব লাগিব। কণী, ওটছ, গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, ব্ৰকলি, অন্যান্য সেউজীয়া শাক, মাছ-মাংসত থাকে ভিটামিন বি ১২। যদি শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয় তেন্তে আমি কি কি অসুবিধাৰ সন্মুখীন হ’ব পাৰো জানি লওক।

ভিটামিন বি-১২ৰ অভাৱত হোৱা ক্ষতি

১) ডিপ্ৰেছন বাঢ়িবঃ আমাৰ মানসিক স্বাস্থ্যৰ বাবে ভিটামিন বি ১২ অতি গুৰুত্বপূৰ্ণ। ই মেজাজ উন্নত কৰে আৰু মানসিক চাপ, ডিপ্ৰেছন দূৰ কৰে।গতিকে ভিটামিন বি ১২ যুক্ত খাদ্য নাখালে ডিপ্ৰেছন বাঢ়িব পাৰে।

২) শৰীৰত তেজৰ অভাৱঃ যদি আপুনি দৈনন্দিন খাদ্যত ভিটামিন বি-১২ সমৃদ্ধ খাদ্য নাখায়, তেতিয়া আপোনাৰ ৰক্তহীনতা হ’ব পাৰে। শৰীৰত তেজৰ অভাৱ হ’লে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। শৰীৰত Red Blood Cells গঠনৰ বাবে আমাক এই পুষ্টিকৰ উপাদানটো নিশ্চিতভাৱে প্ৰয়োজন।

৩) হাড় দুৰ্বল হ’বঃ আমি প্ৰায়ে হাড়ৰ শক্তিৰ বাবে কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ দূৰ কৰাত গুৰুত্ব দিওঁ, কিন্তু পাহৰি যাওঁ যে হাড়ৰ বাবে ভিটামিন বি ১২ সমানেই গুৰুত্বপূৰ্ণ। যদি আপোনাৰ শৰীৰত এই পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে অষ্টিঅ’পৰ’ছিছৰ দৰে ৰোগ হ’ব পাৰে।

৪) সৌন্দৰ্য্য কম হ’বঃ আমাৰ শৰীৰৰ সৌন্দৰ্য্য বৃদ্ধিত ভিটামিন বি ১২ য়েও যথেষ্ট অৰিহণা যোগায়, গতিকে ইয়াৰ অভাৱ হোৱা উচিত নহয়। ই আমাৰ ছাল, চুলি আৰু নখ সুস্থ কৰি ৰখাত সহায় কৰে, যাৰ ফলত আমাৰ চেহেৰা উন্নত হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক