--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ বহু ধৰণৰ পুষ্টিকৰ উপাদানৰ প্ৰয়োজন হয়, তাৰ ভিতৰত এটা হ’ল ভিটামিন বি ১২, স্বাস্থ্য বিশেষজ্ঞসকলে সদায় পৰামৰ্শ দিয়ে যে আমি শৰীৰত এই পুষ্টিকৰ উপাদানৰ অভাৱ হ’বলৈ দিব নালাগে, নহ’লে আমি বহু সমস্যাৰ সন্মুখীন হ’ব লাগিব। শৰীৰটো ৰুগীয়া হৈ পৰিব। ভিটামিন বি ১২ পাবৰ বাবে আমি কিছুমান বিশেষ ধৰণৰ খাদ্য খাব লাগিব। কণী, ওটছ, গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰী, ব্ৰকলি, অন্যান্য সেউজীয়া শাক, মাছ-মাংসত থাকে ভিটামিন বি ১২। যদি শৰীৰত ভিটামিন বি ১২ৰ অভাৱ হয় তেন্তে আমি কি কি অসুবিধাৰ সন্মুখীন হ’ব পাৰো জানি লওক।

ভিটামিন বি-১২ৰ অভাৱত হোৱা ক্ষতি

১) ডিপ্ৰেছন বাঢ়িবঃ আমাৰ মানসিক স্বাস্থ্যৰ বাবে ভিটামিন বি ১২ অতি গুৰুত্বপূৰ্ণ। ই মেজাজ উন্নত কৰে আৰু মানসিক চাপ, ডিপ্ৰেছন দূৰ কৰে।গতিকে ভিটামিন বি ১২ যুক্ত খাদ্য নাখালে ডিপ্ৰেছন বাঢ়িব পাৰে।

২) শৰীৰত তেজৰ অভাৱঃ যদি আপুনি দৈনন্দিন খাদ্যত ভিটামিন বি-১২ সমৃদ্ধ খাদ্য নাখায়, তেতিয়া আপোনাৰ ৰক্তহীনতা হ’ব পাৰে। শৰীৰত তেজৰ অভাৱ হ’লে আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব। শৰীৰত Red Blood Cells গঠনৰ বাবে আমাক এই পুষ্টিকৰ উপাদানটো নিশ্চিতভাৱে প্ৰয়োজন।

৩) হাড় দুৰ্বল হ’বঃ আমি প্ৰায়ে হাড়ৰ শক্তিৰ বাবে কেলচিয়াম আৰু ভিটামিন ডিৰ অভাৱ দূৰ কৰাত গুৰুত্ব দিওঁ, কিন্তু পাহৰি যাওঁ যে হাড়ৰ বাবে ভিটামিন বি ১২ সমানেই গুৰুত্বপূৰ্ণ। যদি আপোনাৰ শৰীৰত এই পুষ্টিকৰ উপাদানৰ অভাৱ হয়, তেন্তে অষ্টিঅ’পৰ’ছিছৰ দৰে ৰোগ হ’ব পাৰে।

৪) সৌন্দৰ্য্য কম হ’বঃ আমাৰ শৰীৰৰ সৌন্দৰ্য্য বৃদ্ধিত ভিটামিন বি ১২ য়েও যথেষ্ট অৰিহণা যোগায়, গতিকে ইয়াৰ অভাৱ হোৱা উচিত নহয়। ই আমাৰ ছাল, চুলি আৰু নখ সুস্থ কৰি ৰখাত সহায় কৰে, যাৰ ফলত আমাৰ চেহেৰা উন্নত হয়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
প্রতীকালৈ বিশ্ব কাপৰ পদক, শেষৰ দুখন মেচ খেলিবলৈ নোপোৱা ক্রিকেটাৰৰ স্বপ্ন পূৰণ
প্রত্যর্পণ নহ'লে বহিষ্কাৰ কৰক বাংলাদেশীক, বহিঃৰাষ্ট্ৰৰ পৰা হোৱা আগ্রাসনক লৈ উদ্বিগ্ন গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অভিমত
চীনে বৃদ্ধি কৰিলে সামৰিক শক্তি! তৃতীয়খন বিমানবাহী জাহাজ ‘ফুজিয়ান’ সাজু, আমেৰিকাৰ উদ্বেগ বৃদ্ধি
৫০০ বছৰৰ পাছত বৃহস্পতি গ্ৰহ আৰু শনি গ্ৰহৰ গতিৰ পৰিৱৰ্তনে ভাগ্য সলনি কৰিব ৩ ৰাশিৰ জাতক-জাতিকাৰ
আমেৰিকাসহ বিশ্বৰ শ্বেয়াৰ বজাৰৰ ৪৪.৪ লাখ কোটি টকা লোকচান, চিপ প্ৰস্তুত কৰা, ছেমিকণ্ডাক্টৰ উদ্যোগৰ অধিক লাভৰ প্ৰৱণতাৰ পৰিণতি
সুদূৰ দক্ষিণ কোৰিয়াৰ অভিজ্ঞ প্ৰশিক্ষকক লৈ কোকৰাঝাৰত সপ্তাহজোৰা টাইকোৱানডো প্ৰশিক্ষণ শিবিৰ
ডিগবৈ আৰ ডি স্কুলৰ অভিনৱ পদক্ষেপ ; বাৰ্ষিক প্ৰদৰ্শনীত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সৃষ্টি সম্বলিত প্ৰদৰ্শনী কক্ষ মুকলি
আজি শ্বাহৰূখ খানৰ জন্মদিন; 'মন্নত'ৰ বাহিৰত সমবেত অনুৰাগীলৈ কিং খানৰ উপহাৰ
'হাৰমনিয়াম আৰু কি বৰ্ডত সুৰৰ মূৰ্চ্ছনা তুলিবলৈ গল্ডিৰ হাত কেইখন আৰু নাই' - মনোজ বৰঠাকুৰ
ওদালগুৰিত পুনৰ মৃত্যু বন্যহস্তীৰ ; এসপ্তাহত তিনিটাকৈ বন্যহস্তীৰ মৃত্যু
বিশ্বৰ 'সৃষ্টিশীল মহানগৰী' হিচাপে ইউনেস্ক'ৰ তালিকাত লক্ষ্ণৌ
বিশ্বৰ যিকোনো দেশৰ সংকটৰ সময়ত কাষত থিয় দিয়ে ভাৰতে, ছট্টিশগড় ৰাজ্যৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত প্রধানমন্ত্রী মোদী
শিক্ষাৰ্থীৰ বাবে কৃত্রিম বুদ্ধিমত্তাৰ পাঠ্যক্ৰম, দেশৰ বিদ্যালয়সমূহত তৃতীয় শ্ৰেণীৰ পৰা আৰম্ভ হ'ব 'এ আই', 'চি টি'ৰ শিক্ষা
জুবিন গাৰ্গৰ পিছে পিছে বিশিষ্ট বাঁহীবাদক দীপক শৰ্মাও গুচি গ'ল উভতি নহাৰ বাটেৰে